Wednesday, July 6, 2022
HomeNewsইতিহাস সৃষ্টিৰে বিশ্ব বেডমিণ্টনৰ ফাইনেলত শ্ৰীকান্ত: লক্ষ্যৰ ব্ৰঞ্জৰ পদক দখল

ইতিহাস সৃষ্টিৰে বিশ্ব বেডমিণ্টনৰ ফাইনেলত শ্ৰীকান্ত: লক্ষ্যৰ ব্ৰঞ্জৰ পদক দখল

অলিম্পিয়াৰ প্ৰতিবেদন

ইতিহাস সৃষ্টি কৰি বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ ফাইনেলত ভাৰতৰ তাৰকা শ্বাটলাৰ কিদাম্বি শ্ৰীকান্ত। শ্বাটলাৰ গৰাকীয়ে ভাৰতৰেই আন এগৰাকী শ্বাটলাৰ লক্ষ্য সেনক ছেমি ফাইনেলত পৰাস্ত কৰি ফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰিছে। ইয়াৰ লগে লগে প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় শ্বাটলাৰ হিচাপে পৰিগণিত হৈছে।

শ্ৰীকান্তে লক্ষ্য সেনক ১৭-২১, ২১-১৪, ২১-১৭ ত পৰাস্ত কৰে। দুয়োজনৰ মাজৰ খেলখন এক ঘণ্টা ৯ মিনিট ধৰি চলিছিল। ইফালে ছেমি ফাইনেলত পৰাস্ত হোৱা লক্ষ্য সেনে ব্ৰঞ্জৰ পদক জয় কৰিছে। তেওঁৰ পূৰ্বে প্ৰকাশ পাডুকোনে ১৯৮৩ চনত বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল, আনহাতে বি চাই প্ৰনীতে ২০১৯ চনত বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক জিকিছিল।

অন্ধ্ৰ প্ৰদেশৰ গুন্টুৰৰ বাসিন্দা কিদাম্বি শ্ৰীকান্ত ২০১৮ত বিশ্বৰে শীৰ্ষ স্থান দখল কৰিছিল। তেওঁ অষ্ট্ৰেলিয়ান অপেন, ইণ্ডোনেছিয়া অপেন, ছিংগাপুৰ অপেন, চাইনা অপেনকে ধৰি কেইবাটাও খিতাপ জয় কৰিছে।

স্পেইনত চেম্পিয়নশ্বিপ ১২ ডিচেম্বৰৰ পৰা চলি আছে
বিডব্লিউএফ বিশ্ব চেম্পিয়নশ্বিপ ১২ ডিচেম্বৰৰ পৰা স্পেইনৰ হুৱেলভাত অনুষ্ঠিত হ’ব আৰু ১৯ ডিচেম্বৰলৈকে চলিব। এইবাৰ ইণ্ডোনেছিয়াৰ দলটোৱে অংশগ্ৰহণ কৰা নাই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments