Friday, September 30, 2022
HomeNewsৰাজ্যিক পৰ্যায়তো খেল' ইণ্ডিয়া ক্ৰীড়া সমাৰোহ আয়োজনৰ আহ্বান কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন...

ৰাজ্যিক পৰ্যায়তো খেল’ ইণ্ডিয়া ক্ৰীড়া সমাৰোহ আয়োজনৰ আহ্বান কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজুজুৰ

অলিম্পিয়া বাৰ্তা

তৃণমূল পৰ্যায়ৰ পৰা ক্রীড়া প্ৰতিভাসমূহক চিনাক্ত কৰি উলিয়াই অনাত বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগে। তাৰ বাবে প্ৰতিখন ৰাজ্যই ৰাজ্যিক ভিত্তিত খেল’ ইণ্ডিয়া ক্ৰীড়া সমাৰোহ আয়োজন কৰিব লাগে। ৰাজ্যসমূহলৈ এই পৰামৰ্শ আগবঢ়াইছে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজুজুই।

মঙ্গলবাৰে খেল’ ইণ্ডিয়া জেনেৰেল কাউন্সিল মিটিঙত অংশগ্ৰহণ কৰি এই কথা ব্যক্ত কৰে ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে। দেশৰ স্পৰ্টছ চেক্ৰেটাৰী ৰবি মিট্টল, ছাইৰ সঞ্চালক প্ৰধান সন্দ্বীপ প্ৰধানৰ লগতে অন্যান্য বিষয় ববীয়াই অংশ লোৱা অনুষ্ঠানটোত খেল’ ইণ্ডিয়াৰ ১২ টা দিশৰ ওপৰত আলোকপাত কৰা হয়।

“খেল’ ইণ্ডিয়া আঁচনিৰ অন্তৰ্গত দেশ যুৰি অনুষ্ঠিত হোৱা খেল’ ইণ্ডিয়া যুৱ সমাৰোহ আৰু খেল’ ইণ্ডিয়া য়ুনিভাৰ্চিটি গেমছে ৰাজ্যসমূহৰ পৰা ন ন প্ৰতিভা চিনাক্ত কৰি উলিওৱাত সহায় কৰিছে। কিন্তু এয়াই যথেষ্ট নহয়। যিসমূহ ৰাজ্যই ইতিমধ্যে ৰাজ্যিক ভিত্তিত ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে সেইসমূহে খেল’ ইণ্ডিয়াৰ আৰ্হিত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিলে কেন্দ্ৰই তেওঁলোকক যথোপযুক্ত সহযোগিতা আগবঢ়াব।” কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী গৰাকীয়ে অনুষ্ঠানটোত এইদৰে কয়।

তেওঁ লগতে উল্লেখ কৰে যে ভাৰতক ক্ৰীড়াৰ মহাশক্তি ৰূপে গঢ়ি তুলিবলৈ হ’লে ৫-১০ বছৰৰ পৰাই প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগিব। অলিম্পিকৰ বাবে এগৰাকী এথলিটক সাজু কৰি তুলিবলৈ আঠ বছৰৰ প্ৰয়োজন। সেয়ে প্ৰতিভা চিনাক্ত কৰি উলিওৱাত পলম হ’লে অলিম্পিকত আশাপ্ৰদ প্ৰদৰ্শন দেখুৱাব পৰা নাযায় বুলিও উল্লেখ কৰে তেওঁ।

ইয়াৰ লগতে ক্ৰীড়া মন্ত্ৰী গৰাকীয়ে ভাৰতক পাঁচটা ক্ৰীড়া মণ্ডলত ভাগ কৰি উলিওৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তাৰোপৰি দেশৰ আঠখন ৰাজ্যত ইতিমধ্যে ‘খেল’ ইণ্ডিয়া ষ্টেট চেণ্টাৰ অফ এক্সচেলেন্স’ কাৰ্যসূচী প্ৰৱৰ্তন কৰা বুলি উল্লেখ কৰে। উল্লেখ্য যে আন ১৩ খন ৰাজ্যয়ো এই কাৰ্যসূচীৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 − 9 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments