অলিম্পিয়া প্ৰতিবেদন
গুৱাহাটী দবা একাডেমীৰ উদ্যোগত আয়োজিত গুৱাহাটীত পূৰ্ণ গতিত চলি আছে দবা প্ৰতিযোগিতা। নক-আউট দবা প্ৰতিযোগিতাখনত নিহাদ ইছ্লাম হাজৰিকা, নলীনাক্ষ কাশ্যপ, চাৰ্ভী চৌধুৰী, অনুব্ৰত বৰঠাকুৰ, ইক্ষিতা বৰ্মন আৰু ৰেইহান হুছেইনে দ্বিতীয় ৰাউণ্ডৰ খেলত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰ্ৱেশ কৰিছে।
নিহাদে চিৰঞ্জীৱ গোস্বামীক দুখন গেমৰ মিনি মেচত ২-০ ব্যৱধানত পৰাজিত কৰে। নলীনাক্ষ কাশ্যপেও আনীশ গোস্বামীক ২-০ ব্যৱধানত, চাৰ্ভী চৌধুৰীয়ে পুস্প শৰ্ম্মাক ২-০ ৰেইহান হুছেইনে জয়ৰাজ বৰ্মনক২-০ ব্যৱধানত আৰু অনুব্ৰত বৰঠাকুৰে এমিল বৰগোহাই ২-০ ব্যৱধানত পৰাস্ত কৰে। আনহাতে ইক্ষিতা বৰ্মনক ৰজত বৰঠাকুৰে টাইব্ৰেক খেলিবলৈ বাধ্য কৰে। মিনি মেচৰ প্ৰথম খন গেমত ইক্ষিতা বৰ্মন জয়ী হৈ অগ্ৰগতি লাভ কৰে, বিপৰীতে দ্বিতীয় কহন গেমত জয়ী হৈ ৰজতে সমতা স্থাপন কৰে। টাইব্ৰেকৰ দুয়োখন গেমত জয়ী হৈ ইক্ষিতাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।
এই বাতৰি লিখা সময়লৈ শীৰ্ষ বাছনিৰ দীপজ্যোতি বৰা, শুভাংগ প্ৰান কাশ্যপ, কৃষ্ণাভ মৃন্ময় হাজৰিকাৰ খেল চলি আছে। ৫ জন ফিডে ৰেটেড খেলুৱৈ সহ মূঠ ২৪ জন খেলুৱৈয়ে এই প্ৰতিযোগিতা খনত অংশগ্ৰহণ কৰিছে। ২৮ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখন চিনিয়ৰ ৰাস্ত্ৰীয় আৰ্বিটাৰ প্ৰণৱ কুমাৰ নাথে পৰিচালনা কৰিছে।