ছেমিফাইনেলত লাভলীনাৰ প্ৰতিদ্বন্দী বুছেনাজ কিমান শক্তিশালী? কিমান সহজ হ’ব লাভলীনাৰ স্বৰ্ণজয়?

অলিম্পিয়া প্ৰতিবেদন

কিমান শক্তিশালী লাভলীনাৰ পৰৱৰ্তী প্ৰতিদ্বন্দী বুছেনাজ চুৰমেনেলি? প্ৰতিপক্ষৰ কঠিন প্ৰত্যাহ্বান নেওচি লাভলীনাই আজুৰি আনিব পাৰিব নে ৰূপ অথবা স্বৰ্ণ? কিমান কঠিন হ’ব লাভলীনাৰ বাবে ছেমিফাইনেলৰ যুজঁ? উল্লেখযোগ্য যে, কোৱাৰ্টাৰ ফাইনেলত চাইনীজ টাইপেইৰ কঠিন প্ৰত্যাহ্বান নেওচি অসম কন্যা লাভলীনাই ছেমি ফাইনেলত প্ৰৱেশ কৰি এক স্বৰ্ণিল ইতিহাস ৰচিবলৈ সক্ষম হয়। চাইনীজ প্ৰতিপক্ষ নিয়েন চিন চেনক ৪-১ ব্যৱধানত পৰাস্ত কৰি সকলোকে আচম্বিত কৰি তোলে গোলাঘাটৰ জীয়ৰী লাভলীনাই। ইয়াৰ আগেয়ে চাইনীজ প্ৰতিদ্বন্দীগৰাকীৰ হাতত ২০১৯ৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ৫-০ ব্যৱধানত পৰাজিত হৈ ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হৈছিল বক্সিং তাৰকাগৰাকী। কিন্তু অলিম্পিকত কাহিনী আছিল সুকীয়া। আন্দাৰদডগ লাভলীনাৰ হাতত শোচনীয়ভাৱে পৰাজয় স্বীকাৰ কৰিছিল চেনে। প্ৰিকোৱাৰ্টাৰত যথেষ্ট ৰক্ষণাত্মক খেল প্ৰদৰ্শন কৰা লাভলীনাক সিদিনা দেখা পোৱা গৈছিল আন এক ৰূপত। লাভলীনাৰ এই প্ৰদৰ্শনৰ পিছতেই এতিয়া সমগ্ৰ দেশবাসীৰ বাবে আশাৰ এক নাম হৈ পৰিছে লাভলীনা। সকলোৱে আশা প্রকাশ কৰিছে ছেমিফাইনেলত তুৰ্কীৰ প্ৰতিপক্ষ বুছেনাজক পৰাস্ত কৰি লাভলীনাই লিখি পেলাওঁক আন এক ইতিহাস। কিন্তু কিমান সহজ হ’ব লাভলীনাৰ ছেমিফাইনেলৰ প্ৰত্যাহ্বান। চাওঁ আহকচোন ছেমিফাইনেলত লাভলীনাৰ প্ৰতিপক্ষ তুৰ্কীৰ এইগৰাকী বক্সাৰ কিমান শক্তিশালী

তুৰ্কীৰ বুছেনাজ এই মুহূৰ্তত বিশ্বৰ দ্বিতীয় ৰেংকিঙৰ খেলুৱৈ। ইতিমধ্যে ২০১৯ ৰ ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত খিতাপ দখল কৰি বুছেনাজে প্ৰমাণ কৰি থৈছে বক্সিং ৰিঙত নিজৰ প্ৰতিপত্তি। দুবাৰকৈ ইউৰীপিয়ান চেম্পিয়নশ্বিপৰ মেডেলিষ্ট বুছেনাজে টকিঅ’ অলিম্পিকতো আগবঢ়াইছে দুৰ্দান্ত প্ৰদৰ্শন। ছেমিফাইনেলত প্ৰৱেশৰ বাটত বুছেনাজে পোলেণ্ডৰ প্ৰতিপক্ষ কেৰ’লিনা কছজেৱ’স্কাক অতি সহজেই ৫-০ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। কোৱাৰ্টাৰ ফাইনেলতো ইউক্ৰেনিয়ানৰ প্ৰতিপক্ষৰ বিৰুদ্ধে আন এক সহজ জয়েৰে ছেমিত প্ৰৱেশ কৰা বুছেনাজে লাভলীনাৰ সমুখত যে বৃহৎ প্ৰত্যাহ্বান দাঙি ধৰিব সি নিশ্চিত। ছেমিফাইনেলত দুয়ো প্ৰতিযোগীয়ে কেনেদৰে স্নায়ু যুঁজত প্ৰতিপক্ষক পিছ পেলাব পাৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিছে এতিয়া দুয়োগৰাকীৰ অলিম্পিক ভৱিষ্যত।

Leave a Reply

Your email address will not be published. Required fields are marked *