Tuesday, October 4, 2022
HomeNewsকোচ বিহাৰ ট্ৰফী ক্ৰিকেটত পঞ্জাবৰ বিৰুদ্ধে অগ্ৰগতি লৈয়ো পৰাস্ত অসম

কোচ বিহাৰ ট্ৰফী ক্ৰিকেটত পঞ্জাবৰ বিৰুদ্ধে অগ্ৰগতি লৈয়ো পৰাস্ত অসম

অলিম্পিয়া প্ৰতিবেদন,

কোচবিহাৰ ট্ৰফী ১৯ বছৰ অনূদ্ধ ক্ৰিকেট টুৰ্ণামেন্টৰ প্ৰথম ইনিংছত পঞ্জাবৰ বিৰুদ্ধে ১৭ ৰানত অগ্ৰগতি লৈয়ো পৰাস্ত হল অসম দল । পুনেৰ আজম কেম্পাছত অনুষ্ঠিত চাৰিদিনীয়া মেচখনত অসমক ২৬৩ ৰানত পৰাস্ত কৰে পঞ্জাবে । পঞ্জাবে প্ৰথম ইনিংছত ৪৭ অভাৰত সংগ্ৰহ কৰে ১৬৩ ৰান । বলিঙত অসমৰ অনুৰাগ ফুকনে ১৯ অভাৰ বলত ৪৫ ৰাণ ব্যয় কৰি ৮ টা ইউকেট দখল কৰে । প্ৰথম ইনিংছত অসমে সংগ্ৰহ কৰে ১৭৩ ৰান । কিন্তু দ্বিতীয় ইনিংছত উভতি ধৰে পঞ্জাৱৰ বেটছমেনে । দলটোৱে ১০০.২ অভাৰত মাত্ৰ তিনিটা উইকেট হেৰুৱাই ইনিংছ সমাপ্তি ঘোষণা কৰে । দলৰ মিডিল অৰ্ডাৰ বেটছমেন যশকৰণবীৰ সিং পলে অপৰাজিত ২০১ আৰু যশকীৰাট সিঙে ১১৫ ৰাণ কৰে । ফলত মেচখনত জয়ৰ বাবে অসমক প্ৰয়োজন হয় ৪২১ ৰাণ । দ্বিতীয় ইনিংছত অসমে ৫৩.২ অভাৰত মাত্ৰ ১৫৭ ৰাণতে ইনিংছ সামৰে । পৰৱৰ্তী মেচত অসমে অহা ২৭ ডিচেম্বৰৰ পৰা উত্তৰ প্ৰদেশৰ বিৰুদ্ধে খেলিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments