Friday, September 30, 2022
HomeNewsসমুখত টেষ্ট চেম্পিয়নশ্বিপ: ৰেকৰ্ড গঢ়িব কোহলিয়ে

সমুখত টেষ্ট চেম্পিয়নশ্বিপ: ৰেকৰ্ড গঢ়িব কোহলিয়ে

অলিম্পিয়া প্রতিবেদন

ইংলেণ্ডৰ ছাউদাম্পটনত অহা ১৮ জুনৰ পৰা নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্ব টেষ্ট ক্ৰিকেটৰ চেম্পিয়নশ্বিপৰ ফাইনেলত অবত্তীৰ্ণ হ’ব ভাৰতীয় দল৷ ইয়াৰ বাবে বিভিন্ন জল্পনা কল্পনাৰ মাজতে ভাৰতীয় অধিনায়ক বিৰাট কোহলিৰ ব্যক্তিগত প্ৰদৰ্শনক লৈ এক চৰ্চা আৰম্ভ হৈছে৷ কিৱি দলটোৰ বিৰুদ্ধে ভাৰতৰ একমাত্ৰ ভৰষাৰ নাম বিৰাট কোহলি৷ ভাৰতীয় সমৰ্থকৰ বিশ্বাস অতিশয় গুৰুত্বপূৰ্ণ এই মেচখনত অনুৰাগীক সন্তুষ্ট কৰিব বিৰাট কোহলিয়ে৷ ইংলেণ্ডৰ মাটিত ভাৰতীয় অধিনায়কজনৰ প্ৰদৰ্শন খুৱেই উৎসাহজনক৷ ২০১৮ চনত ইংলেণ্ড ভ্ৰমণৰ সময়ত ৫ খন টেষ্টত ৫৯.৩০ গড়ে ৫৯ ৰাণ সংগ্ৰহ কৰিছে বিৰাটে৷ সেই প্ৰদৰ্শনৰ স্মৃতিয়ে ফাইনেলত প্ৰেৰণা দিব কোহলিক৷

কিন্তু ২০১৯ ৰ নৱেম্বৰৰ পৰাই টেষ্ট ক্ৰিকেটত শতৰাণ কৰিব নোৱাৰাটোয়েও বিৰাটৰ প্ৰতি চিন্তাৰ কাৰণ হৈ থিয় দিছে৷ ২০১৯ ত কলকাতা দিবা নৈশ টেষ্টত বাংলাদেশৰ বিৰুদ্ধে শতৰাণ কৰিছিল কোহলিয়ে৷ অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডক পৰাস্ত কৰি টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰবেশ কৰিছে ভাৰতে৷ সন্তান জন্মৰ সময়ত পত্নী অনুস্কাৰ কাষত থকাৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণৰ প্ৰথমখন টেষ্ট খেলিয়েই দেশলৈ উভতিছিল বিৰাট৷ ইয়াৰ পিছত ইংলেণ্ডৰ বিৰুদ্ধে চাৰিখন মেচৰ ঘৰুৱা টেষ্ট শৃংখলাত আটাইকেইখন খেল খেলি কোনো শতৰাণ অৰ্জন কৰিব নোৱাৰিলে আন্তৰ্জাতিক ক্ৰিকেটৰ ৭০ টা শতৰাণ অধিকাৰী কোহলিয়ে৷

বিশ্ব টেষ্ট চেম্পিয়ন শ্বিপত তেওঁ অৱশ্যেই এক শতকীয় ইনিংছ খেলিব বুলি আশা ৰাখিছে অনুৰাগীসকলে৷ ইয়াত সফল হ’লে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পণ্টিঙৰ পৰা এক অভিলেখ কাঢ়িবলৈ সক্ষম হ’ব কোহলি৷ ক্ৰিকেট আটাইকেইটা সংস্কৰণতে অধিনায়ক হিচাপে সৰ্বাধিক শতৰাণ কৰা বেটছমেনত পৰিণত হ’ব কোহলি৷ ৪১ টা শতৰাণ কৰি বৰ্তমান পণ্টিঙৰ সৈতে একে শাৰীত তেওঁ৷ উল্লেখ্য যে ২০১৮ ত ইংলেণ্ড ভ্ৰমণত কোহলিয়ে পাঁচখন টেষ্টৰ পৰা সংগ্ৰহ কৰা ৫৯৩ ৰাণৰ ভিতৰত আছিল দুটা শতৰাণ আৰু তিনিটা অদ্ধৰ্শতৰাণ৷ যি কি নহওক বেটে বলে উজ্জীৱীত হৈ দেশৰ মাটিতে ইংলেণ্ডক পৰাস্ত কৰি মনোবল শক্তিশালী হৈ আছে নিউজিলেণ্ডৰ৷ সেয়ে ভাৰতৰ সন্মুখত প্ৰত্যাহবান যথেষ্ট কঠিন কিন্তু প্ৰত্যাহবানত উজলি উঠাটোবেই ভাৰতীয় ক্ৰিকেটৰ চৰিত্ৰ৷ উজলি উঠিব বিৰাট৷

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × one =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments