অলিম্পিয়া প্ৰতিবেদন
দেওবাৰে পাকিস্তানৰ বিপক্ষে টি-টুৱেন্টি বিশ্বকাপৰ প্ৰথমখন মেচত নামিব ভাৰত। দুখনকৈ প্রস্তুতি মেচত জয়লাভ কৰি এই মুহূৰ্তত আত্মবিশ্বাসী হৈ আছে ভাৰতীয় শিবিৰ। দলটোৰ প্ৰায় সকলো খেলুৱৈয়ে দুৰ্দান্ত ফৰ্মত থকা পৰিলক্ষিত হৈছে। বহু ক্ৰিকেট বিশেষজ্ঞই ভাৰতকে বিশ্বকাপৰ হট ফেভাৰিট বুলি অভিহিত কৰিছে। দেওবাৰৰ পাকিস্তানৰ বিপক্ষে মেচখনক লৈ ইতিমধ্যে ক্ৰিকেট প্ৰেমীৰ মাজত ব্যাপক উল্লাস উদ্দীপনা দেখিবলৈ পোৱা গৈছে। ইপিনে অধিনায়ক হিচাবে বিৰাট কোহলিৰ এইখনেই হ’ব অন্তিমখন টি-টুৱেন্টি বিশ্বকাপ। সেয়ে ভাৰতৰ বাবে এই বিশ্বকাপত জয় লাভ কৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।
অধিনায়ক বিৰাট কোহলিৰ হাতত দেওবাৰে পাকিস্তানক পৰাস্ত কৰাৰ সুযোগ অথবা কেৱল বিশ্বকাপ জয়ৰ সুযোগেই নাই। তাৰ বাহিৰেও আন এক বিশ্ব অভিলেখ গঢ়াৰ সুযোগো আছে কোহলিৰ হাতত। চলিত বিশ্বকাপত ২৩৯ ৰান সংগ্ৰহ কৰিলেই টি টুৱেন্টি বিশ্বকাপত সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটছমেনৰ অভিলেখ গঢ়িব কোহলিয়ে। বৰ্তমান এই অভিলেখ আছে শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ মাহেলা জয়াবৰ্ধনেৰ নামত। জয়াবৰ্ধনেই ৩১ খন মেচত ১০১৬ ৰান কৰাৰ বিপৰীতে কোহলিয়ে এই পৰ্যন্ত ১৬ খন মেচত ৮৬.৩৩ গঢ়ে সংগ্ৰহ কৰিছে ৭৭৭ ৰান। অৱশ্যে, সৰ্বাধিক ৰান সংগ্ৰহৰ এই তালিকাত কোহলিৰ আগত থকা বৰ্তমান একমাত্ৰ সক্ৰিয় ক্ৰিকেটাৰগৰাকী হৈছে ক্ৰিছ গেইল। গেইলে এই পৰ্যন্ত ২৮ খন মেচত সংগ্ৰহ কৰিছে ৯২০ ৰান।