Tuesday, October 4, 2022
HomeNewsআৰম্ভ হ'ল কোহলিৰ ট্ৰ'ল পৰ্ব

আৰম্ভ হ’ল কোহলিৰ ট্ৰ’ল পৰ্ব

অলিম্পিয়া প্ৰতিবেদন

ডুবাইত উপস্থিত হ’লগৈ RCB দলৰ অধিনায়ক বিৰাট কোহলি। ইয়াৰ পিছতে সামাজিক মাধ্যমত আৰম্ভ হৈছে ট্ৰ’ল পৰ্ব।

কালি RCB দলে তেওঁলোকৰ টুইটাৰ একাউণ্টত প্ৰকাশ কৰা ফটোত দেখিবলৈ পোৱা গৈছিল কোহলিৰ বাদে অন্যান্য সকলো ক্ৰিকেটাৰ একেখন ফ্লাইটৰ জড়িয়তে ডুবাই অভিমুখে উৰা মাৰিছিল। কিন্তু দলটোৰ লগত ম

অনুৰাগী সকলৰ মনত সৃষ্টি হোৱা এনেবোৰ প্ৰশ্নৰ উত্তৰ অৱশ্যে কোহলিয়ে নিজেই দিলে। কোহলিয়ে নিজৰ ইনষ্টাগ্ৰামত এক ফটো আপলোড কৰিছে য’ত লিখিছে ‘হেল্ল’ ডুবাই’।অৰ্থাৎ কোহলি কালিয়েই গৈ ডুবাইত উপস্থিত হৈছেগৈ। ইয়াৰ পিছতেই এতিয়া সামাজিক মাধ্যমত কেপ্তেইন কোহলিক ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰিছে নেটিজেনসকলে। আনকি কালি কেপ্তেইন কোহলি RCB ৰ অন্যান্য ক্ৰিকেটাৰৰ লগত একেলগে ডুবাইলৈ নোযোৱাৰ বাবে অহংকাৰী বুলিও কবলৈও কুণ্ঠাবোধ কৰা নাই।

https://www.instagram.com/p/CEJ4y5ulQc3/?igshid=lz7uxnjdpfyw

মনকৰিবলগীয়া যে বিৰাটে কালি যিখন হোটেলৰ পৰা ফটো শ্বেয়াৰ কৰিছে সেই একেখন হোটেলতে RCB ৰ অন্যান্য ক্ৰিকেটাৰসকলো আছে। কোহলিৰ ইনষ্টাগ্ৰামত পোষ্টত RCB ৰ সদস্য য়ুজবেন্দ্ৰ চাহালে কমেণ্ট কৰি কৈছে, ‘দাদা, ময়ো সেইখন হোটেলত আছোঁ যিখন হোটেলত আপুনি আছে।’

উল্লেখ্য যে, ছেপ্টেম্বৰ মাহৰ ১৯ তাৰিখৰ পৰা ইউ এ ইত অনুষ্ঠিত হ’বলগীয়া আই পি এলৰ বাবে তাত গৈ উপস্থিত হোৱা ক্ৰিকেটাৰ আৰু অন্যতম সদস্যসকল ৬ দিন কোৱাৰেণ্টাইন হ’ব লাগিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments