Tuesday, July 5, 2022
HomeNewsদেশৰ ক্ৰীড়াজগতৰ বাবে দুঃখবৰ , দেশৰ উদীয়মান ৰাষ্ট্ৰীয় শ্বুটাৰ কনিকা লায়েকৰ আত্মহত্যা

দেশৰ ক্ৰীড়াজগতৰ বাবে দুঃখবৰ , দেশৰ উদীয়মান ৰাষ্ট্ৰীয় শ্বুটাৰ কনিকা লায়েকৰ আত্মহত্যা

অলিম্পিয়া প্ৰতিবেদন

দেশৰ ক্ৰীড়াজগতৰ বাবে দুঃখবৰ । চাঞ্চল্যকৰভাৱে দেশৰ উদীয়মান ৰাষ্ট্ৰীয় শ্বুটাৰ কনিকা লায়েকৰ আত্মহত্যা । কলকাতাৰ এক গেষ্ট হাউচত উদ্ধাৰ কনিকাৰ মৃতদেহ ।ম্ৰিয়মান দেশৰ ক্ৰীড়াজগত ।

এগৰাকী ২৮ বছৰীয়া ঝাৰখণ্ডৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্বুটাৰ আছিল কনিকা লায়েক । বিগত সময়ত কেইবাটাও পদক লাভেৰে ৰাষ্ট্ৰীয় শ্বুটিঙত জিলিকি উঠিছিল কনিকা ।শেহতীয়াকৈ, কনিকাই বাতৰিৰ শিৰোনামালৈ আহিছিল এক বিশেষ বিষয়ক লৈ । আৰ্থিকভাৱে জুৰুলা কনিকাৰ বাবে শ্বুটিঙৰ ৰাইফল কিনিবলৈও সামৰ্থ্য নাছিল । সামাজিক মাধ্যমত কনিকাই এই সম্পৰ্কে এক পোষ্ট দিয়াৰ পাছতে সহায় কৰিবলৈ আগবাঢ়ি আহিছিল বলিউডৰ জনপ্ৰিয় অভিনেতা ছুনু চুদ । প্ৰায় ৩ লাখ টকা ব্যয়েৰে শ্বুটাৰগৰাকীক অভিনেতাজনে উপহাৰ হিচাপে দিছিল এটা ৰাইফল । ইয়াৰ পাছতে, তেওঁ কনিকাক খেলত মনোনিৱেশ কৰি দেশৰ বাবে পদক অৰ্জন কৰিবলৈ আহ্বান জনাইছিল ।
কিন্তুু কনিকাৰ আত্মহত্যাৰ খবৰে হতচকিত কৰি তুলিলে দেশৰ ক্ৰীড়া মহলক ।বুধবাৰে দুপৰীয়া বালিৰ গেষ্ট হাউছত উদ্ধাৰ হল শ্বুটাৰগৰাকীৰ নিথৰ দেহ । কলকাতা আৰক্ষীয়ে কনিকাৰ মৃতদেহৰ কাষৰ পৰা উদ্ধাৰ কৰিছে এখন চুইচাইড নোট আৰু এটা মোবাইল । জানিব পৰা মতে, খেলা-ধূলাত আশানুৰূপ ফলাফল নোপোৱাৰ বাবেই এই জটিল পথ বাছি ল’লে বুলি উল্লেখ আছে চুইচাইড নোটত । এই মৃত্যুত আশ্বৰ্যনীত হৈ পৰিছে বলিউডৰ অভিনেতা ছুনু চুদ । অত্যন্ত দুখেৰে তেওঁ ছচিয়েল মিডিয়াত প্ৰকাশ কৰিলে মনোভাৱ ।
উল্লেখযোগ্য যে, কলকাতাৰ আন্তঃৰাষ্ট্ৰীয় শ্বুটাৰ জয়দ্বীপ কৰ্মকাৰৰ শ্বুটিং একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল কনিকাই । ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটাও পদক লাভ কৰাৰ পাছত ঝাৰখণ্ড চৰকাৰক আৰ্থিক সাহাৰ্য্যৰ বাবে আবেদন কৰিও সহায় নোপোৱাৰ বিষয়টো ইতিমধ্যে চৰ্চিত হৈছে ।

পিছে আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত খেলজনিত বিষয়ত আশানুৰূপ ফল নোপাৱাটোৱেই মৃত্যুৰ কাৰণ বুলি অনুমান কৰা হৈছে যদিও ৰহস্যঘন হৈ পৰিছে ঘটনাটো । ইপিনে, ফ্ৰেব্ৰুৱাৰীত বিয়াহপাশত আৱদ্ধ হোৱাৰ কথা আছিল কনিকাৰ ।
এই মৰ্মান্তিক ঘটনাৰ মূল কাৰণ কি আৰক্ষীৰ তদন্তত নিশ্চয়কৈ পোহৰলৈ আহিব । কিন্তুু এই কথা ঠিক যে ভাৰতে হেৰুৱালে এগৰাকী সম্ভাৱনাপূৰ্ণ শ্বুটাৰক ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fifteen − 6 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments