✍️ নলবাৰীৰ পৰা দীপক কুমাৰ দাসৰ প্ৰতিবেদন
ক্ৰীড়া ভাৰতী, নলবাৰী জিলা সমিতিৰ উদ্যোগত অহা ২৬ ডিচেম্বৰত “খেল সন্মিলন আৰু ক্ৰীড়া সংস্কৃতি আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ’ শীৰ্ষক বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হৈছে । সেই মৰ্মে পুৱা ৮-৩০ বজাত পতাকা উত্তোলন কৰিব ক্ৰীড়া ভাৰতী নলবাৰী জিলা সমিতিৰ সভাপতি পৰেশ চন্দ্ৰ বৰ্মনে। ৯-০০ বজাত ভাৰত মাতা আৰু হুনুমানজীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰিব ক্ৰমে ড° উমেশ চক্ৰৱৰ্ত্তী ক্ষেত্ৰ সংঘ চালক, অসম ক্ষেত্ৰ, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ, ড° ভূপেশ চন্দ্ৰ শৰ্মা, সংঘ চালক, উত্তৰ অসম প্ৰান্ত, দিগন্ত কুমাৰ শৰ্মা, অধ্যক্ষ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় । ৯-১৫ বজাত খেলুৱৈ পঞ্জীয়ণ, ৯-৩০ বজাত আলোচনা চক্ৰ সঞ্চালক বিষ্ণুজ্যোতি কলিতা ভাৰপ্ৰাপ্ত ক্ৰীড়া বিষয়া, নলবাৰী । বক্তা হিচাপে উপস্থিত থাকিব ৰাজীৱ শৰ্মা, সহ সম্পাদক ক্ৰীড়া ভাৰতী অসম প্ৰান্ত । ৯-৪৫ বজাত খো খো প্ৰতিযোগিতা উদ্ধোধন কৰিব বিশিষ্ট ক্ৰীড়া সংগঠক তথা নলবাৰী ক্ৰীড়া সন্থাৰ প্ৰাক্তন সভাপতি হৰিশ গোস্বামীয়ে । ২-০০ বজাত মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰিব ক্ৰীড়া ভাৰতী নলবাৰী জিলা সমিতিৰ সভাপতি পৰেশ চন্দ্ৰ বৰ্মনে, মুখ্য অতিথি হিচাপে উপস্থিত থাকিব জয়ন্তমল্ল বৰুৱা, স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব, নিৰ্দিষ্ট বক্তা ড° পুলেন দাস প্ৰৱক্তা এল এন আই পি ই, তেপেচিয়া গুৱাহাটী । সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে ক্ৰীড়া ভাৰতী নলবাৰী জিলা সমিতিৰ সম্পাদক বিপুল কুমাৰ সাউদে ।