Tuesday, October 4, 2022
HomeNewsগোৰেশ্বৰলৈ সুনাম কঢ়িয়াই আনিলে কৃষ্ণ বসুমতাৰীয়ে; সৰ্বভাৰতীয় কিক বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক...

গোৰেশ্বৰলৈ সুনাম কঢ়িয়াই আনিলে কৃষ্ণ বসুমতাৰীয়ে; সৰ্বভাৰতীয় কিক বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ

olympiasports.in ৰ প্ৰতিবেদক,গোৰেশ্বৰ;২৫ ফেব্ৰুৱাৰী : সৰ্বভাৰতীয় কিক বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি বি টি আৰ বাক্সা জিলাৰ গোৰেশ্বৰলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে গোৰেশ্বৰ ঔগুৰি গাঁৱৰ পবিন বসুমতাৰীৰ পুত্ৰ কৃষ্ণ বসুমতাৰীয়ে।যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ তৃতীয় সৰ্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয় কিক বক্সিং প্ৰতিযোগিতা উত্তৰ প্ৰদেশৰ বীৰ বাহাদুৰ সিং পূৰ্বাঞ্চল বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছিল।উক্ত প্ৰতিযোগিতাত অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি ৫২ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে গোৰেশ্বৰ মহাবিদ্যালয়ৰ ষাণ্মাসিক প্ৰথম বৰ্ষৰ ছাত্ৰ কৃষ্ণ বসুমতাৰীয়ে।খেলৱৈ গৰাকীৰ সাফল্যত মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অঞ্চলটোৰ ক্ৰীড়ামোদী ৰাইজ উল্লাসিত হৈ পৰা দেখা গৈছে।উল্লেখ্য যে,গোৰেশ্বৰ অঞ্চলৰে এগৰাকী ৰাষ্ট্ৰীয় ৰেফাৰী অমৃত চৌধুৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয় দলটোৰ মেনেজাৰ তথা প্ৰশিক্ষক হিচাপে গৈছিল।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

eighteen + 16 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments