Thursday, July 7, 2022
HomeNewsৰিয়ানক ভৱিষ্যতে দেখা পোৱা যাব ভাৰতীয় দলত; ৰিয়ানক লৈ ভৱিষ্যতবাণী কুমাৰ ছাংগাকাৰাৰ

ৰিয়ানক ভৱিষ্যতে দেখা পোৱা যাব ভাৰতীয় দলত; ৰিয়ানক লৈ ভৱিষ্যতবাণী কুমাৰ ছাংগাকাৰাৰ

অলিম্পিয়া প্রতিবেদন

কেৱল ১৮ বছৰৰ বয়সতে বহু নামী দামী ক্ৰিকেটাৰৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে অসম সন্তান ৰিয়ান পৰাগে। ৰাজস্থান ৰয়েলছৰ এগৰাকী নিয়মীয়া খেলুৱৈ ৰিয়ানে ইণ্ডিয়ান প্ৰিমীয়াৰ লীগত যেনেদৰে উত্তৰণৰ জখলাত এঢাপ এঢাপকৈ আগুৱাবলৈ সক্ষম হৈছে তাকে দেখি ৰিয়ানৰ মাজত প্ৰচুৰ সম্ভাৱনা দেখা পাইছে বিশ্বৰ বহু ক্ৰিকেট বিশেষজ্ঞই। পূৰ্বতে ৰাজস্থান ৰয়েলছৰ প্ৰাক্তন অধিনায়ক ষ্টিভ স্মিথৰ পৰা প্ৰশংসা বুটলা ৰিয়ানক এইবাৰ প্ৰশংসাৰে উপচাই পেলাইছে শ্ৰীলংকাৰ কিম্বদন্তী ক্ৰিকেটাৰ কুমাৰ ছাংগাকাৰাই।

ৰাজস্থান ৰয়েলছৰ ক্রিকেট সঞ্চালক পদত থকা শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে অসমৰ খেলুৱৈ গৰাকীৰ মাজত দেখা পাইছে অযুত সম্ভাৱনা। ছাংগাকাৰাই ৰিয়ানক এগৰাকী বিশেষ খেলুৱৈ বুলি অভিহিত কৰাৰ লগতে অনাগত দিনত অসমৰ খেলুৱৈগৰাকীয়ে ভাৰতীয় দললৈ প্ৰভূত বৰঙণি আগবঢ়াব পাৰিব বুলি আশা ব্যক্ত কৰিছে।

” ৰিয়ান এগৰাকী বিশেষ খেলুৱৈ। তেওঁৰ কেৱল ৰাজস্থান ৰয়েলছলৈয়ে নহয় ভৱিষ্যতে ভাৰতীয় দললৈও প্ৰভূত অৰিহণা যোগাব পৰাৰ সক্ষমতা আছে। এতিয়া কেৱল তেওঁক প্ৰয়োজন বিশেষ যত্ন, বিশেষ মাগদৰ্শনৰ।” সংবাদ প্ৰতিষ্ঠান ক্ৰিকবাজক ৰিয়ান সম্পৰ্কে এনেদৰে কয় শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে।

কুমাৰ ছাংগাকাৰাৰ সৈতে ৰিয়ান পৰাগ

ইয়াৰ লগতে তেওঁ ৰাজস্থান ৰয়েলছৰ আন এগৰাকী উদীয়মান ক্ৰিকেটাৰ চেতন চকাৰীয়াকো ভূয়সী প্ৰশংসা কৰে। চেতন চকাৰীয়াক ৰাজস্থান ৰয়েলছৰ আৱিষ্কাৰ বুলি অভিহিত কৰি তেওঁ কয় যে ক্ৰিকেটাৰগৰাকী এক কঠিন সময়ৰ মাজেৰে আগুৱাইছে আৰু ৰাজস্থান ৰয়েলছৰ সমূহ সদস্যৰ তেওঁৰ প্ৰতি সহমৰ্মিতা আছে। চেতনৰ খেল বিধৰ প্ৰতি এটিটিউড তথা চাপ নিয়ন্ত্ৰণ কৰিব পৰা বিশেষ দক্ষতা তাৰোপৰি ক্ৰিকেট প্ৰতিভাই তেওঁক বিশেষ খেলুৱৈ হিচাবে গঢ় দিছে।

উল্লেখযোগ্য যে আই পি এলৰ চলিত চিজনত চেতন চকাৰীয়াই ৭ খন মেচত অংশ লৈ ৭ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে। আই পি এলত ভাগ লোৱাৰ পূৰ্বে ক্ৰিকেটাৰগৰাকীয়ে তেওঁক ভাতৃক হেৰুওৱাৰ পিছত শেহতীয়াকৈ কৰোনাত তেওঁ নিজ পিতৃকো হেৰুৱায়। ইপিনে অসমৰ ৰিয়ানে এই পৰ্যন্ত ৰাজস্থান ৰয়েলছৰ হৈ ভাগ লোৱা ২৬ খন মেচত ২০.২৫ গড়ে ৩২৫ ৰান সংগ্ৰহ কৰিছে। ছয় নং বেটিং ক্ৰমত বেটিং কৰা ৰিয়ানৰ ষ্ট্ৰাইক ৰেট প্ৰায় ১৪০।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 − seventeen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments