Tuesday, October 4, 2022
HomeNewsৰ'দ-বৰষুণ নেওঁচি লাডাখ অভিমুখে পদযাত্রাৰে আগবাঢ়িছে মিৰ্জা বৰিহাটৰ অঞ্জলি দাস

ৰ’দ-বৰষুণ নেওঁচি লাডাখ অভিমুখে পদযাত্রাৰে আগবাঢ়িছে মিৰ্জা বৰিহাটৰ অঞ্জলি দাস

অলিম্পিয়া প্ৰতিবেদন

ভূ-স্বৰ্গ লাডাখ। প্ৰকৃতিৰ বিনন্দীয়া ৰূপ চাবলৈ সহস্ৰজনে যাত্রা কৰে লাডাখৰ বক্ষলৈ। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জনে বাইকেৰে যাত্রা কৰি সমাপন কৰিছে দুঃসাহসিক অভিযান। পিছে খোজকাঢ়ি লাডাখলৈ যোৱা কিমান দুঃসাধ্য সেই কথা সহজেই অনুমেয়। কিন্তু তেনে দুঃসাধ্যকে সম্ভৱ কৰি তুলিছে এইখন অসমৰে এগৰাকী ৪২ বছৰীয়া মহিলাই।

মহিলাগৰাকীৰ নাম অঞ্জলী দাস। অসমবাসীয়ে নিশ্চয় জানে আজিৰ পৰা প্ৰায় এমাহ পূৰ্বেই পদযাত্রাৰে লাডাখ অভিমুখে ৰাওনা হৈছিল অঞ্জলি। ২৭৯৬ কিঃমিঃ জোৰা এটা দীৰ্ঘতম পথ অতিক্ৰম কৰাৰ বহুদিনীয়া সপোন আছিল অঞ্জলী দাসৰ। অৱশেষত সেই দিনটো আহি পালে।বিগত মাহৰ ১৩ আগষ্টত মিৰ্জাৰ বৰিহাটৰ পৰা অদম্য সাহসেৰে অঞ্জলি যাত্রা আৰম্ভ হ’ল। লগত তেওঁৰ ফিট ইণ্ডিয়াৰ শ্লোগান। চাইক্লিং, দৌৰ আদিৰ ক্ৰীড়াৰ সমান্তৰালকৈ খোজকাঢ়িও যে নিজকে সুস্থ সবল কৰি ৰাখিব পাৰি সেই বাৰ্তা অসম তথা ভাৰতবাসীক দিবলৈ এইয়াত্রা এইগৰাকী দৌৰবিদৰ। সুখৰ খবৰটো এইয়া যে তেওঁৰ এই দুঃসাহসিক ক্ৰীড়াই এমাহতকৈয়ো অধিক দিন অতিক্ৰম কৰিলে।এই যাত্রা কালত এতিয়ালৈ দেশৰ তিনিখন ৰাজ্য পাৰ হৈ প্ৰায় ১৩১৭ কিঃমিঃ পথ অতিক্ৰম কৰিলে। শেহতীয়া খবৰ অনুসৰি বাৰাবাংকি পাৰ
হৈ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ চহৰ স্পৰ্শ কৰিছে এইগৰাকী সাহসী মহিলাই। ৰাষ্ট্ৰীয় ঘাইপথৰ তীক্ষ্ণ ৰ’দ আৰু ধাৰাষাৰ বৰষুণৰ মাজতো স্থিতপ্ৰজ্ঞা অঞ্জলি দাস।অঞ্জলিৰ সাৰথি হিচাপে আছে পিঠিত এটা বেগ, এটা ছাতি আৰু কান্ধত অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচাখন। মিছন ফিট ইণ্ডিয়াৰ ফলক পিঠিত ওলমাই এই যাত্রা অঞ্জলিৰ।ফলকখনত লিখা আছে জয় আই অসম। মনত কিমান সাহস আৰু হেঁপাহ থাকিলে এগৰাকী নাৰীয়ে অকলেই এনেদৰে দুঃসাহসিক ক্ৰীড়া কৰিব পাৰে।

এই পদযাত্রাত ভৰি বিষ অনুভৱ কৰিছে তেওঁ, কেইবাযোৰো জোতা সলনি কৰিব লগা হৈছে।কিন্তু থমকি ৰোৱা নাই অসমৰ অঞ্জলি। মাজতে বিহাৰৰ বাইটি অঞ্চলৰ হাইৱেত অকস্মাৎতে পৰি ভৰিত দুখ পাইছিল অঞ্জলিয়ে ।সেই অৱস্হাৰেই এডাল লাঠিৰ সহায়ত ২১কিঃমিঃ পদযাত্রা কৰিব লগা হয় অঞ্জলিয়ে ।তাৰপাছত গোলাপাবাগৰ “তীৰ্থভৱনত” জিৰণি আৰু চিকিৎসা গ্ৰহণ কৰি পুনৰ পদযাত্রাত নিমগ্ন হল তেওঁ ।
এই ৰোমাঞ্চকৰ যাত্রাত অঞ্জলিয়ে লাভ কৰিছে ৰাইজৰ অকুন্ঠ সঁহাৰি। পেটত ভোক অনুভৱ হ’লে পথৰ কাষৰ দোকানত ভোক নিবাৰণ কৰিছে বা লৈছে ক্ষন্তেক জিৰণি। আকৌ আৰম্ভ হৈছে অঞ্জলিৰ পদযাত্রা। এইদৰেই দৈনিক প্ৰায় ৪০ ৰ পৰা ৫০ কিঃমিঃ পৰ্যন্ত নিৰৱচিন্নভাৱে খোজকাঢ়ি গৈছে অঞ্জলিয়ে।


উল্লেখযোগ্য যে অসমৰ পৰা লাডাখলৈ পদযাত্রাৰে যোৱা অঞ্জলিয়ে অসমৰ প্ৰথমগৰাকী মহিলা।অঞ্জলিয়ে প্ৰায় আধা বাট ইতিমধ্যেই অতিক্ৰম কৰিছে।আৰু হয়তো প্ৰায় এমাহৰ অন্তত লাডাখ শিখৰত উপনীত হ’ব এইগৰাকী সাহসী মহিলা। অসমবাসীয়ে আশা কৰিব বাকী পথ নিবিঘ্নে অঞ্জলিয়ে অতিক্ৰম কৰি বিজয় উল্লাসেৰে লাডাখ শিখৰত উৰুৱাব অসমীয়া গামোচা। অঞ্জলিয়ে ক্ৰীড়াৰ পৃথিৱীত খোদিত কৰক এই বিস্ময়কৰ অভিলেখ। অঞ্জলিলৈ অলিম্পিয়াৰ তৰফৰ পৰাও আন্তৰিক শুভকামনা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

16 + 6 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments