Friday, September 30, 2022
HomeNewsখেলুৱৈৰ স্বাভাৱিক প্ৰশিক্ষণৰ পোষকতা: ক্ৰীড়া সংগঠক, প্ৰশাসক, জিলা ক্ৰীড়া বিষয়াৰে লক্ষ্য কোঁৱৰৰ...

খেলুৱৈৰ স্বাভাৱিক প্ৰশিক্ষণৰ পোষকতা: ক্ৰীড়া সংগঠক, প্ৰশাসক, জিলা ক্ৰীড়া বিষয়াৰে লক্ষ্য কোঁৱৰৰ আলোচনা

অলিম্পিয়া বাৰ্তা

গুৱাহাটী, ০৭ মে’ : যথেষ্ট শিথিলতাৰ মাজেৰে দেশত চলি আছে তৃতীয় পৰ্যায়ৰ লকডাউন। দেশৰ গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা নীতি – নিদৰ্শনাই সাধাৰণ জীৱন যাপনত কিছু স্বাভাবিকতা আনিছে যদিও দেশৰ ক্ৰীড়া মহলৰ বাবে এতিয়াও সবল তথা স্বাভাৱিক বাতাবৰণলৈ কিছু সময়ৰ প্ৰয়োজন । এনে পৰিস্থিতিত অসম অলিম্পিক সন্থাৰ মাননীয় সভাপতি তথা মুখমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নিৰ্দেশমৰ্মে সন্থাৰ সাধাৰণ সম্পাদক তথা ক্ৰীড়া আৰু যুৱ কল্যাণ পৰিষদৰ সদস্য সচিব লক্ষ্য কোঁৱৰে আজি দিনৰ ১১.৩০ বজাৰ পৰা অসমৰ বহু ক্ৰীড়া সংগঠক, ক্ৰীড়া প্ৰশাসক, ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক তথা জেষ্ঠ বিষয়ববীয়া আৰু কেইগৰাকী উদীয়মান তাৰকা খেলুৱৈৰ সৈতে ভিডিঅ’ কণফাৰেন্সৰ যোগেৰে মত-বিনিময় কৰে।

অসম অলিম্পিক সন্থাৰ কেইবাজনো বিষয়ববীয়া, জেষ্ঠ সংবাদিকে অংশগ্ৰহণ কৰা এই ভিডিঅ’ কণফাৰেন্সৰ জড়িয়তে সম্পাদক কোঁৱৰে সকলোৰে কুশল বাৰ্তা লোৱাৰ লগতে এই ক’ৰণা মহামাৰীৰ বিৰুদ্ধে সকলোৱে ঐক্যবদ্ধ হৈ যুঁজ দিয়াৰ পোষকতা কৰে। এইক্ষেত্ৰত চৰকাৰে যিসমূহ প্ৰতিকাৰমূলক নিৰ্দেশনা জাৰি কৰিছে তাক আখৰে আখৰে পালন কৰিলেহে এই মহামাৰীক আমি প্ৰতিহত কৰিবলৈ সক্ষম হম বুলিও মন্তব্য কৰে লক্ষ্য কোঁৱৰে । এইবিধ বিজাণুক পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সামাজিক দূৰত্বৰ জৰিয়েতেহে পৰাভূত কৰা সম্ভৱ।

এই ভিডিঅ’ কণফাৰেন্সত অংশগ্ৰহণ কৰি অলিম্পিকৰ বাবে প্ৰস্তুতি চলাই থকা তাৰকা বক্সাৰ লাভলীনা বৰগোহাই আৰু ধিং এক্সপ্ৰেছ খ্যাত হিমা দাসে এই চৰম সংকটকালত ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহক ভূয়সী প্ৰশংসা কৰে। আজিৰ প্ৰায় ১ঘন্টা ৩০মিনিটৰ আলোচনা কালত সকলো ক্ৰীড়া সংগঠক, প্ৰশাসক পৰা কেনেকৈ খেলুৱৈ সকলৰ স্বাভাৱিক প্ৰশিক্ষন আৰম্ভ কৰিব পাৰি তাৰ বাবে দিহা পৰামৰ্শ গ্ৰহণ কৰে অসম অলিম্পিক সন্থাই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen − 12 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments