Friday, September 30, 2022
HomeNewsৰাজ্যৰ বিশিষ্ট ক্ৰীড়াবিদৰ সৈতে লক্ষ্য কোঁৱৰৰ বাৰ্তালাপ: ভোগেশ্বৰ বৰুৱা, হিমা দাসৰ অংশগ্ৰহণ

ৰাজ্যৰ বিশিষ্ট ক্ৰীড়াবিদৰ সৈতে লক্ষ্য কোঁৱৰৰ বাৰ্তালাপ: ভোগেশ্বৰ বৰুৱা, হিমা দাসৰ অংশগ্ৰহণ

olympiasports.in

অলিম্পিয়া বাৰ্তা,২১এপ্ৰিল: মহামাৰী কোৰোণা ভাইৰাচৰ সংক্ৰমনত স্তব্ধ সমগ্ৰ বিশ্ব । এনে সময়তে ৰাজ্যৰ উদীয়মান আৰু প্ৰাক্তন সহ ৬৬গৰাকী ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় এথলিট তথা প্ৰশিক্ষকৰ লগত টেলিফনিক বাৰ্তালাপত মিলিত হয় অসম অলিম্পিকৰ সম্পাদক লক্ষ্য কোঁৱৰৰ । অসম এথলেটিক সন্থাৰো সভাপতিৰ দায়িত্বতো থকা লক্ষ্য কোঁৱৰে প্ৰতিগৰাকী এথলিটৰ সুবিধা-অসুবিধা সুক্ষ্ম ভাবে বুজিবলৈ চেষ্টা কৰাৰ লগতে একাগ্ৰতাৰে নিজৰ-নিজৰ অনুশীলন ঘৰৰ ভিতৰতে অব্যাহত ৰখাৰ বাবেও আহ্বান জনায় । সমান্তৰালভাৱে খেলুৱৈ সকলক কোৰোণা ভাইৰাচৰ সজাগতাৰ ক্ষেত্ৰতো প্ৰয়োজনীয় ব্যবস্থা লবলৈ আহ্বান জনাই লক্ষ্য কোঁৱৰে ।

আজিৰ এই টেলিফনিক বাৰ্তালাপত অৰ্জুন ভোগেশ্বৰ বৰুৱা, ধিং এক্সপ্ৰেছ খ্যাত হিমা দাস, তৈবুন নেছা, প্ৰশিক্ষক নিপন দাসেও অংশগ্ৰহণ কৰে । পাঞ্জাবৰ NISত প্ৰশিক্ষণ লৈ থকা হিমা দাসে সকলো খেলুৱৈক নিজৰ স্বাস্থ্যৰ প্ৰতি আধিক সচেতন হোৱাৰ লগতে ৰাজ্যবাসীকো স্বাস্থ্যৰ প্ৰতি সজাগতা অবলম্বন কৰাৰ লগতে চৰকাৰ আৰু প্ৰশাসনৰ সকলো নীতি- নিদৰ্শ মানি চলাবলৈ আহ্বান জনায়। ইফালে অৰ্জুন ভোগেশ্বৰ বৰুৱাই এই অনুষ্ঠানত যোগদান কৰি সম্পাদক কোঁৱৰৰ এই পদক্ষেপক প্ৰশংসা কৰাৰ লগতে কোঁৱৰেও জেষ্ঠ ক্ৰীড়াবীদ গৰাকীক এই সময়ছোৱাত মনোবল অটুট ৰাখি নিজৰ স্বাস্থ্যৰ যতন লোৱাৰ লগতে কনিষ্ঠ খেলুৱৈ সকলক টেলিফনিক বাৰ্তালাপ বা ছ’চিয়েল মিডিয়াৰ জৰিয়তে পৰামশ আগবঢ়াই যাবলৈও আহ্বান জনায় ।পৰবৰ্ত্তী সময়ত ৰাজ্যৰ অন্যান্য খেলুৱৈ সকলৰ মনোবল বৃদ্ধিৰ বাবে এনে টেলিফনিক বাৰ্তালাপৰ লগতে ভিডিঅ’ কণফাৰেন্সৰ জৰিয়তে প্ৰশিক্ষক সকলৰ দ্বাৰা খেলুৱৈ সকলক উপকৃত কৰাৰ বাবেও ব্যবস্থা গ্ৰহণ কৰা হ’ব বুলিও জনাইছে অসম অলিম্পিকৰ সম্পাদক লক্ষ্য কোঁৱৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments