Tuesday, October 4, 2022
HomeNewsৰাজ্যৰ উদীয়মান প্ৰতিভা সম্পন্ন বক্সাৰৰ সৈতে বাৰ্তালাপ লক্ষ্য কোঁৱৰৰ

ৰাজ্যৰ উদীয়মান প্ৰতিভা সম্পন্ন বক্সাৰৰ সৈতে বাৰ্তালাপ লক্ষ্য কোঁৱৰৰ

olympiasports.in

অলিম্পিয়া বাৰ্তা,২০ এপ্ৰিল:মহামাৰী কোৰোণা ভাইৰাচৰ সংক্ৰমনৰ বাবে স্তব্ধ হৈ পৰিছে সমগ্ৰ বিশ্ব । এনে সময়তে ৰাজ্যৰ উদীয়মান ৭৫ গৰাকী ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বক্সাৰ তথা ১২ গৰাকী প্ৰশিক্ষকৰ লগত টেলিফনিক বাৰ্তালাপত মিলিত হয় অসম অলিম্পিকৰ সম্পাদক লক্ষ্য কোঁৱৰৰ । প্ৰতিগৰাকী বক্সাৰৰ সুবিধা-অসুবিধা সম্পাদক গৰাকীয়ে সুক্ষ্ম ভাবে বুজিবলৈ চেষ্টা কৰাৰ লগতে একাগ্ৰতাৰে নিজৰ-নিজৰ অনুশীলন ঘৰৰ ভিতৰতে অব্যাহত ৰখাৰ বাবেও আহ্বান জনাই । সমান্তৰালভাৱে খেলুৱৈ সকলক কোৰোণা ভাইৰাচৰ সজাগতাৰ ক্ষেত্ৰতো প্ৰয়োজনীয় ব্যবস্থা লবলৈ আহ্বান জনাই সম্পাদক লক্ষ্য কোঁৱৰে ।

আজিৰ এই টেলিফনিক বাৰ্তালাপত অসম বক্সিং সন্থাৰ সভাপতি, সম্পাদক ক্ৰমে কালিকান্ত বড়ো, হেমন্ত কলিতা উপস্থিত থাকে । উপস্থিত থকা খেলুৱৈ সকলৰ ভিতৰত জয় কুমাৰী লামা, অমিষা কুমাৰী , তন্ময় দুৱৰা , সৰস্বতী বড়ো উল্লেখযোগ্য । প্ৰশিক্ষক হিচাপে উপস্থিত থাকে শিশুমণি গগৈ, ইনামূল হুছেইন আদি প্ৰশিক্ষকসকল । পৰবৰ্ত্তী সময়ত ৰাজ্যৰ অন্যান্য খেলুৱৈ সকলৰ মনোবল বৃদ্ধিৰ বাবে এনে টেলিফনিক বাৰ্তালাপত মিলিত হব বুলিও জনাইছে অসম অলিম্পিকৰ সম্পাদক লক্ষ্য কোঁৱৰে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments