Friday, September 30, 2022
HomeNewsমুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে লক্ষ্য কোঁৱৰৰ বিশেষ ভিডিঅ' কন্ফাৰেঞ্চ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে লক্ষ্য কোঁৱৰৰ বিশেষ ভিডিঅ’ কন্ফাৰেঞ্চ

olympiasports.in

অসম অলিম্পিক সন্থাৰ সভাপতিৰ দায়িত্বত থকা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশনা অনুসৰি অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে আজি বিয়লি চাৰি বজাৰ পৰা অসমৰ বহু কেইগৰাকী উদীয়মান খেলুৱৈৰ সৈতে ভিডিঅ’ কন্ফাৰেঞ্চিঙৰ জৰিয়তে মতবিনিময় কৰে। ৰাজ্যৰ বহু কেইগৰাকী জ্যেষ্ঠ সাংবাদিকৰ লগতে অসম অলিম্পিক সন্থাৰ বিষয়ববীয়াইয়ো অংশগ্ৰহণ কৰা এই ভিডিঅ’ কন্ফাৰেঞ্চিৰ জৰিয়তে খেলুৱৈ সকলৰ কুশল বাৰ্তা লোৱাৰ লগতে কৰ’না মহামাৰীয়ে সৃষ্টি কৰা এই জটিল সময়ত সকলোৱে ঐক্যবদ্ধ ভাবে যুজঁ দিয়াৰ পোষকতা কৰে‌। লগতে কোঁৱৰে কয় যে, চৰকাৰে যিসমূহ প্ৰতিকাৰৰ নীতি নিৰ্দেশনা জাৰি কৰিছে তাক আখৰে আখৰে পালন কৰিলেহে কৰ’না মহামাৰীক প্ৰতিহত কৰিবলৈ সক্ষম হম। কাৰণ ক’ভিড-১৯ অৰ্থাৎ কৰ’না ভাইৰাছক পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু সামাজিক দূৰত্বৰ জৰিয়তেহে পৰাভূত কৰাটো সম্ভৱ।

আনহাতে এই ভিডিঅ’ কন্ফাৰেঞ্চিৰ জৰিয়তেই অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা বক্সাৰ লাভলীনা বৰগোহাঁই, খেল’ ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহত স্বৰ্ণ পদক প্ৰাপ্ত খেলুৱৈ সিদ্ধান্ত গগৈয়ে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে কৰ’না মহামাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা সিদ্ধান্ত সমূহক প্ৰসংশা কৰে। ইয়াৰ উপৰিও খেলুৱৈ দুয়োগৰাকীয়ে লকডাউনৰ মাজতেই কিদৰে নিজকে সুস্থ-সৱল কৰি ৰাখিছে সেই বিষয়েও মত প্ৰকাশ কৰে।

খেল’ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহত চাঞ্চল্য সৃষ্টিকাৰী অসমৰ জিমনাষ্ট উপাসা তালুকদাৰেও এই মতবিনিময় অনুষ্ঠানত লকডাউনৰ অভিজ্ঞতা আৰু ঘৰতে কৰা অনুশীলনৰ বিষয়ে সকলোৰে আগত মত প্ৰকাশ কৰে।

আনহাতে ৰাজ্যৰ দুই প্ৰতিভাৱান ৰাষ্ট্ৰীয় ফুটবলাৰ বিনীত ৰয় আৰু প্ৰজ্ঞান মেধিয়েও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁলোক দুয়োজনে অসম অলিম্পিকৰ এই পদক্ষেপক প্ৰশংসা কৰাৰ লগতে ক্ৰীড়া ক্ষেত্ৰৰ বাবে মুখ্যমন্ত্ৰীয়ে লৈ অহা প্ৰচেষ্টাক শলাগ লয়।


অনুষ্ঠানটোত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠা ৰাজ্যৰ প্ৰতিভাৱান শ্বুটাৰ হৃদয় হাজৰিকাই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। হৃদয়ে কয় যে ক্ৰীড়া সংগঠক বা সংগঠন সমূহে খেলুৱৈৰ লগত ভিডিঅ’ কন্ফাৰেঞ্চ বা অডিঅ’ কন্ফাৰেঞ্চৰ জৰিয়তে যোগাযোগ ৰক্ষা কৰিলে খেলুৱৈসকল অধিক শক্তিশালী আৰু আত্ম বিশ্বাসী হয়।

অনুষ্ঠানটোত অংশগ্ৰহণ কৰা আন বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত অসম অলিম্পিকৰ যুটীয়া সম্পাদক শান্তনু কলিতা, জ্যেষ্ঠ ক্ৰীড়া সংগঠক তথা জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ অন্যতম।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

8 − 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments