Monday, October 3, 2022
HomeNewsৰেল নগৰী লামডিঙত ক্ৰিকেটৰ বতাহ : জয়ী আৰ পি এফ দল

ৰেল নগৰী লামডিঙত ক্ৰিকেটৰ বতাহ : জয়ী আৰ পি এফ দল

অলিম্পিয়া প্ৰতিবেদন

ৰেল নগৰী লামডিঙত ক্ৰিকেটৰ বতাহ । বাউণ্ডেৰী আৰু অভাৰবাউণ্ডেৰীত জীপাল বিবেকানন্দ ৰেলৱে খেলপথাৰ । লোকে লোকাৰণ্য ক্ৰিকেটৰ মৈদান ।

বিগত মাহৰ ২১এপ্ৰিলৰ পৰা
লামডিঙত ৰেলৱে এমপ্লয়িজ ইউনিয়নৰ উদ্যোগত ১২ দিনীয়াকৈ অনুষ্ঠিত হয় দিবা-নৈশ ক্ৰিকেট টুৰ্ণামেন্ট । লামডিঙৰ বিবেকানন্দ ৰেলৱে খেলপথাৰত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ শুকুৰবাৰে নিশা সফল সমাপ্তি ঘটে । কৰ্তব্যৰ খাতিৰত ৰেলৱে কৰ্মচাৰীসকলৰ লগতে ৰেলৱে সুৰক্ষা বাহিনী জোৱানসকলে দিনে নিশাই দায়িত্ব পালন কৰি আহিছে ৷ নিজৰ পৰিয়ালৰ পৰা দূৰত থাকি বহু কৰ্মচাৰী চাকৰিত নিয়োজিত হ’ব লগীয়া হৈছে ৷ ৰেলৱে কৰ্মচাৰী তথা ৰেলৱে সুৰক্ষা বাহিনী চমুকৈ আৰ পি এফ এৰ জোৱানসকলেও চাকৰিৰ পৰা খন্তেক জিৰণি লোৱাৰ উদ্দেশ্যে শৰীৰচৰ্চাৰ জৰিয়তে নিজৰ লগতে লামডিঙৰ ৰাইজকো মনোৰঞ্জন কৰাৰ মানসেৰে লামডিঙত এই টুৰ্ণামেন্টৰ আয়োজন কৰিছে এমপ্লয়িজ ইউনিয়নে ৷ প্ৰতিটো সন্ধিয়া লামডিঙত অনুষ্ঠিত এই টুৰ্ণামেন্টত ৰেল বিভাগৰ লামডিং মণ্ডলৰ প্ৰায় ১৭ টা বিভাগে অংশগ্ৰহণ কৰিছে ৷ শুকুৰবাৰে অন্তিম দিনাৰ খেলত যুঁজত নামিল লামডিং ৰেলৱে ইলেক্ট্ৰিক বিভাগ বনাম আৰ পি এফ । নৃত্য-গীতত জীপাল হ’ল খেলপথাৰ । খেল উপভোগ কৰিবলৈ অজস্ৰ দৰ্শকৰ ভীৰ দেখা গ’ল লামডিং ৰেলৱে খেলপথাৰত । বাজি উঠিল ভাৰতীয় আবেগ ৰাষ্ট্ৰীয় সংগীত ।

তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত আৰ পি এফ দলে ১২ অভাৰত ৩ উইকেটৰ বিনিময়ত ৯৪ ৰাণ কৰিবলৈ সক্ষম হয় । তাৰ বিপৰীতে ইলেক্টিক দলে ১২অভাৰত ৯ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰে মাত্ৰ ৭২ ৰাণ । ফলত জয়ৰ মালা পিন্ধিলে আৰ পি এফ দলে । ২২ ৰাণ ব্যৱধানত ইলেকট্ৰিক দলটোক পৰাস্ত কৰি এইবছৰৰ দিবা-নৈশ ক্ৰিকেট টুৰ্ণামেন্টৰৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় আৰ পি এফক দলে । ইফালে ফাইনেলৰ মেন অৱ দ্য মেচ আৰু মেন অৱ দ্য ছিৰিজৰ সন্মান লাভ কৰিলে আৰ পি এফ দলৰ সুৰজিত দেৱবৰ্মনে ।

লামডিং ৰেলৱে মাণ্ডলিক বিষয়া জে এছ লাকৰে শুভ উদ্বোধন কৰা এই খেলখনৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে এমপ্লয়িজ ইউনিয়নৰ সাধাৰণ সম্পাদক মুনীন্দ্ৰ শইকীয়া ৷

চূড়ান্ত খেলখন উপভোগ কৰি আপ্লুত হৈ পৰে আমন্ত্ৰিত অতিথিসকল । লামডিঙৰ দৰে ঠাইত সুন্দৰ ক্ৰীড়া পৰিবেশ প্ৰত্যক্ষ কৰি আনন্দিত আমন্ত্ৰিত অতিথি ।

এখন সুন্দৰ টুৰ্ণামেন্ট ৰাইজক উপহাৰ দিয়াৰ বাবে লামডিঙৰ ক্ৰিকেট অনুৰাগীয়ে ধন্যবাদ জনাইছে ৰেলৱে এমপ্ল‌’ইজ ইউনিয়নক ।সকলোৰে আশা–লামডিঙত ক্ৰীড়াৰ এনে সুস্থ বাতাবৰণ সদায়ে অব্যাহত থাকক ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

14 − eleven =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments