Wednesday, October 5, 2022
HomeNewsপৃথিৱীৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম এইখন ভাৰততে; ড'নাল্ড ট্ৰাম্পে কৰিব উদ্ধোধন

পৃথিৱীৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম এইখন ভাৰততে; ড’নাল্ড ট্ৰাম্পে কৰিব উদ্ধোধন

বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়াম কোনখন বুলি ক’লে আমাৰ সতকাই মনলৈ আহে মেলবৰ্ণ ষ্টেডিয়ামৰ কথা। য’ত একেলগে বহি প্ৰায় ১ লাখ দৰ্শকে খেল উপভোগ কৰিব পাৰে। তাতোকৈ বৃহৎ ষ্টেডিয়ামখনৰ নিৰ্মাণ কাৰ্য চলি আছে এইখন ভাৰততে। ভাৰতৰ আহমেদাবাদত নিৰ্মাণ হৈ আছে চৰ্দাৰ বল্লৱ ভাই পেটেল ষ্টেডিয়ামখন যাক ম’টেৰা ষ্টেডিয়াম বুলিও জনা যায়। ২০২০ ৰ মাৰ্চ মাহত উদ্ধোধন হ’বলগীয়া ষ্টেডিয়ামখনত ১ লাখ দহ হেজাৰ দৰ্শকে বহি খেল উপভোগ কৰিব পাৰিব। ইয়াৰ বাহিৰেও ষ্টেডিয়ামখনত উপলব্ধ থাকিব আন কেতবোৰ সুবিধাও। ষ্টেডিয়ামৰ ভিতৰত থাকিব ৭৬ টাকৈ কৰ্পৰেট বক্স, চাৰিটা ড্ৰেছিং ৰুম, তিনিখন প্ৰেক্টিছ গ্ৰাউণ্ড, ইনড’ৰ প্ৰেক্টিছ পিটছ, ট্ৰেইনিং চেণ্টাৰ। লগতে থাকিব অলিম্পিক সদৃশ চুইমিং পুল, বেডমিণ্টন আৰু টেনিছ ক’ৰ্ট, স্কোৱাছ এৰেনা, টেবুল টেনিছ এৰেনা ইত্যাদি। অত্যাধুনিক ষ্টেডিয়ামখনৰ নিৰ্মাণত ব্যয় হ’ব প্ৰায় ৭০০ কোটি টকা।

উল্লেখযোগ্য যে ষ্টেডিয়ামখন মার্চত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে উদ্ধোধন কৰাৰ কথা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

four + 16 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments