Tuesday, October 4, 2022
HomeNewsধনৰ বাবে হাহাকাৰ কৰা ৮৩'ৰ বিশ্বকাপ বিজয়ী দলক লতাই দিছিল সকাহ

ধনৰ বাবে হাহাকাৰ কৰা ৮৩’ৰ বিশ্বকাপ বিজয়ী দলক লতাই দিছিল সকাহ

অলিম্পিয়া বিশেষ লেখা

✍️যুগললোচন দাস

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিলেই প্ৰচুৰ ধন উপাৰ্জনকাৰী হৈ যায়। এতিয়া ক্ৰিকেটত প্ৰচুৰ অৰ্থৰ প্ৰয়োভৰ। চুক্তিৰ ধন, প্ৰাইজমানী আৰু স্প’নছৰ তথা কোম্পানীৰ ব্ৰেণ্ড এম্বেচেডৰ হৈয়ো প্ৰচুৰ ধনৰ গৰাকী হৈ পৰে। বিশ্বৰ ধনবান খেলুৱৈকো আজি ফেৰ মাৰিব পৰা হৈছে ক্ৰিকেটাৰসকলে। অথচ ১৯৮৩ চনৰ ঐতিহাসিক বিশ্বকাপ বিজয়ী কপিলদেৱৰ দলটোৱে পইচা বিচাৰি হাবাথুৰি খাবলগীয়া হৈছিল। ৮৩’ৰ বিশ্বকাপ জয়ৰ ২৮ বছৰৰ পিছত ভাৰতে মহেন্দ্ৰ সিং ধোনিৰ নেতৃত্বত ২০১১ চনৰ পিছত দেশত বিশ্বকাপ ক্ৰিকেট জয় কৰি কোটিপতি হৈ গৈছিল। বিশ্বকাপ জয় কৰিয়েই বি চি চি আইৰ পৰা লাভ কৰিছিল প্ৰতিজন ক্ৰিকেটাৰে এক কোটি টকাকৈ। দিল্লী চৰকাৰেও দিছিল এককোটিকৈ। তদুপৰি বিভিন্ন কোম্পানী, চৰকাৰ আদিৰ পৰাও পাইছিল লাখ লাখ টকা, মাটি, গাড়ীৰ উপহাৰ। তাৰ লগত বিশ্বকাপ জয়ৰ প্ৰাইজমানি আছেই। বিশ্বকাপ জয় কৰি ভাৰতীয় দলে লাভ কৰিছিল ৩২ ৫ লাখ ডলাৰ। মুঠতে বিশ্বকাপ জয় কৰি ধোনি বাহিনীৰ প্ৰতিজন সদস্যই লাভ কৰিছিল ৫-৬ কৌটিৰো অধিক টকা।

অথচ ২৮ বছৰৰ আগতে ভাৰতক প্ৰথম বিশ্বকাপ আনি দিয়া কপিলদেৱৰ নেতৃত্বৰ দলটোৱে কৌটি, লাখ বাদেই হাজাৰ টকা পাবলৈও হাহাকাৰ কৰিবলগীয়া হৈছিল। ১৯৮৩ চনৰ ২৫ জুনত ভাৰতে শক্তিশালী তথা দুবাৰৰ চেম্পিয়ন ৱেষ্ট ইণ্ডিজৰ ঐতিহাসিক লৰ্ডছত পৰাস্ত কৰি জয় কৰিছিল বিশ্বকাপ। সেই সময়ত চেম্পিয়ন ভাৰতীয় দলটোয়ে বাৰু কিমান ধন লাভ কৰিছিল? শুনিলে বিশ্বাস কৰাই কঠিন। ৰূপ কথা যেন লাগিলেও সঁচা কথা। সেই সময়ত বিশ্ববিজয়ী দলটোৱে ধনৰ বাবে হাবাথুৰি খাবলগীয়া হৈছিল। পুৰস্কাৰ দিবলৈ তেতিয়া আজিৰ দৰে ধনবান নাছিল ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বি চি চি আই)।

১৯৮৩’ৰ বিশ্বকাপ জয় কৰাৰ সুবাদত ভাৰতীয় দলক দিয়া হৈছিল ৩০ হাজাৰ ডলাৰ প্ৰাইজমানি। তাৰ তুলনাত ২০১১ চনৰ বিশ্বকাপ বিজয়ী দলটোৱে লাভ কৰিছিল ১৮ কৌটি টকা প্ৰাইজমানি।

১৯৮৩ চনৰ বি চি চি আইৰ সভাপতি এন কে পি ছালভেই এবাৰ স্মৃতিচাৰনত কৈছিল— বিশ্বকাপ জয়ৰ পিছত ভাৰতীয় খেলুৱৈসকলে পুৰস্কাৰৰ ধন বিচাৰি মোক বৰ হাৰাশাস্তি কৰিছিল। একেবাৰে শান্তিৰে থাকিবলৈ দিয়া নাছিল কপিল দেৱহঁতে।

বিশ্বকাপ জয় কৰাৰ পিছত দলৰ ছিনিয়ৰ সদস্য সুনীল গাভাস্কাৰ ছালভেৰ ওচৰলৈ আহি কৈছিল— আমি বিশ্বকাপ জয় কৰিলোঁ, এতিয়া আমি কি পাম? ছালভেই উত্তৰ দিছিল— মোৰ হাতত দূৰৰে কথা, ব’ৰ্ডৰ হাততো পইছা নাই! তথাপি আমি দলটোক দুই লাখ টকা দিয়াৰ বাবে চেষ্টা এটা চলাম। গাভাস্কাৰৰ খং উঠিছিল ছালভেৰ কথা শুনি। তেওঁ কঠিন সুৰত কৈছিল, আমি কোনো খেলৰ টিপ্‌ছ বিচাৰি অহা নাই ধন বিচাৰিছো ছাৰ। উপায়হীন হৈ ছালভেই তিনি লাখকৈ টকা দিয়াৰ প্ৰস্তাৱ আগবঢ়ায়। তথাপিও সন্তুষ্ট হোৱা নাছিল গাভাস্কাৰ। তেওঁ কৈছিল দুই-তিনি লাখৰ মাজত কোনো পাৰ্থক্য নাই। এইখিনি ধন নিদিলেও হ’ব। শেষত ছালভেই ৫ ৰ পৰা ৭ লাভ টকা দিম বুলি কোৱা সত্বেও সন্তুষ্ট হোৱা নাছিল গাভাস্কাৰ। উপায়হীন হৈ পৰা ছালভেক তেতিয়া আই এছ বিন্দ্ৰাই পৰামৰ্শ দিছিল দিল্লীত এক অনুষ্ঠান আয়োজন কৰাৰ বাবে। ইয়াৰ পৰা সংগৃহিত হোৱা ধনৰ পৰা একলাখকৈ টকা খেলুৱৈসকলক দিয়া হওক। কিন্তু তেতিয়া এনে অনুষ্ঠান আয়োজন কৰি কোনো লাভ নহ’ব বুলি অনুভৱ কৰাত বিন্দ্ৰাই পুনৰ পৰামৰ্শ দিছিল যে লতা মংগেশকাৰৰ এক সংগীতানুষ্ঠানৰ আয়োজন কৰা হওক, ইয়াৰ পৰা নিশ্চয় কিছু ধন অৰ্জন কৰিব পৰা যাব।

এই পৰামৰ্শৰ পিছতেই ছালভেই লতাজীৰ ওচৰলৈ গৈছিল আৰু খেলুৱৈসকলৰ দাবী সম্পৰ্কত জনাইছিল। লতাই কথাষাৰ শুনাৰ পিছত ভাৰতীয় দলটোৰ অৰ্থ সাহাৰ্য্যৰ বাবে গান গাবলৈ মান্তি হৈছিল। পিছত লতাৰ সংগীতানুষ্ঠানৰ দ্বাৰা সংগৃহিত ধন বিলাই দিয়া হৈছিল কপিলদেৱ, গাভাস্কাৰ, শ্ৰীকান্ত, অমৰনাথ, ৰবী শাস্ত্ৰী, মদনলাল, কিৰমানিৰ দৰে তাৰকা থকা ৮৩ৰ সেই ঐতিহাসিক বিশ্বকাপ বিজয়ী দলটোক।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

six + eighteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments