Friday, September 30, 2022
HomeNewsহিমাক সকলোৱে জানে কিন্তু বৰদৈছিলাক মনত আছেনে! কিমানে মনত ৰাখিছে এসময়ৰ অসমৰ...

হিমাক সকলোৱে জানে কিন্তু বৰদৈছিলাক মনত আছেনে! কিমানে মনত ৰাখিছে এসময়ৰ অসমৰ গ্লেমাৰ গাৰ্ল জুনুমণীক

হিমা দাসক কোনে চিনি নাপায়! খুব কম সময়তেই ভাৰতীয় ক্ৰীড়া জগতৰ অতি চিনাকী নাম হৈ পৰা হিমা এতিয়া অসম তথা ভাৰতৰ গ্লেমাৰ গাৰ্ল। কিন্তু আপুনি জানেনে হিমাই ট্ৰেকত নমাৰ বহু পূৰ্বেই আন এগৰাকী অসম কন্যাই ট্ৰেকত ধুমুহাৰ সৃষ্টি কৰিছিল?

হয় হিমাৰ পূৰ্বেও আন এগৰাকী অসম কন্যাই ট্ৰেকট ধুমুহাৰ সৃষ্টি কৰিছিল। তেওঁ আছিল এজাক বৰদৈচিলা। যাৰ গতি আছিল সুতীব্ৰ। কিন্তু অসমৰে দুৰ্ভাগ্য এই বৰদৈছিলাগৰাকীয়ে যিদৰে ট্ৰেকট ধুমুহাৰ গতিৰে লক্ষ্যস্থান অভিমূখে ঢাপলি মাৰিছিল ঠিক তেনেদৰে জীৱনে নিৰ্ধাৰণ কৰিদিয়া অন্তিমটো উশাহৰ কাষলৈও ধুমুহাৰ গতিৰেই আগুৱাই গৈছিল।

নদী দ্বীপ মাজুলীৰ সহজ-সৰল, অমায়িক ছোৱালী আছিল জুনুমণি। এই সহজ-সৰল ছোৱালীজনীয়েই এসময়ত হৈ পৰিছিল অসমৰ গ্লেমাৰ গাৰ্ল, ট্ৰেকৰ ৰাণী। সেয়া আছিল ১৯৯২ চনৰ কথা। সেইবাৰ নতুন দিল্লীত অনুষ্ঠিত হৈছিল এছীয় জুনিয়ৰ ট্ৰেক এণ্ড ফিল্ড মীট। এই প্ৰতিযোগিতাতে সৃষ্টি হৈছিল এক নতুন ইতিহাস। ইতিহাস সৃষ্টি কৰিছিল সহজ-সৰল, অমায়িক জুনুমণি আৰু তেওঁৰ সতীৰ্থই। ১৯৯২ চনৰ সেই বিশেষ দিনটোলৈকে ৪০০ মিটাৰ ৰীলেত এছীয় অভিলেখ আছিল ৪৬.১৫ ছেকেণ্ড সময়। কিন্তু ১৯৯২ চনত দিল্লীত সেই প্ৰতিযোগিতাখনৰ বিশেষ দিনটোত জুনুমণী আৰু তেওঁৰ দলে মাত্ৰ ৪৬.০২ ছেকেণ্ডত ৪০০ মিটাৰ ৰীলে সম্পূৰ্ণ কৰি গঢ়ি তুলিছিল নতুন অভিলেখ, লাভ কৰিছিল স্বৰ্ণ।

মাত্ৰ ১০ বছৰৰ পৰা দৌৰিবলৈ আৰম্ভ কৰা জুনুমণীয়ে প্ৰথমে অংশ লৈছিল স্কুল ক্ৰীড়াত। হাই জাম্প, ১০০ মিটাৰ, ২০০ মিটাৰ অংশ লৈ লাভ কৰিছিল সফলতা। সেয়াই আৰম্ভণী। ১৯৮৪ আন্তঃজিলা স্কুল এথলেটিকছত যোৰহাট জিলাক প্ৰতিনিধিত্ব কৰি জুনুমণীয়ে ১০০ মিটাৰ, ২০০ মিটাৰ দৌৰ আৰু হাইজাম্পত পদক লাভ কৰে। সেইবাৰ এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিল শিৱসাগৰত। ইয়াৰ পিছৰ বছৰ ১৯৮৫ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা মিনি নেচনেল স্কুল গেমছত ২০০ মিটাৰ দৌৰত দ্বিতীয় স্তান লাভ কৰাৰ লগতে একেটা বছৰতে হাৰিয়ানাৰ অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় জুনিয়ৰ নেচনেল এথলেটিকছ চেম্পিয়নশ্বিপত অসমক প্ৰতিনিধিত্ব কৰে জুনুমণীয়ে। ইয়াৰ উপৰিও ১৯৮৭ চনত গুৱাহাটীত অনুষ্ঠিত নেচনেল স্কুল গেমছত অসমক প্ৰতিনিধিত্ব কৰি জুনুমণীয়ে ১০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰত লাভ কৰে ব্ৰঞ্জৰ পদক।

জুনুমণীৰ এই ক্ৰীড়া প্ৰতিভাই অধিক প্ৰাণ পাই উঠিছিল ৰণবীৰ সিং ৰংগিৰ হাতত। গুৱাহাটীৰ ছাই উপ কেন্দ্ৰত এই ৰণবীৰ সিংৰ অধীনত প্ৰশিক্ষণ লাভ কৰি জুনুমণীৰ প্ৰতিভাই বিশেষ মাত্ৰা লাভ কৰিছিল। ১৯৮৭ চনত মণিপুৰৰ ইম্ফল চহৰত অনুষ্ঠিত হোৱা উত্তৰ-পূৱ ক্ৰীড়া সমাৰোহত ১০০ মিটাৰ দৌৰত স্বৰ্ণ পদক লাভ কৰাৰ উপৰিও দ্ৰুততম এথলীট হিচাপে পৰিগণিত হৈছিল। ইয়াৰ পিছত ১৯৮৮ চনত চণ্ডিগড়ত অনুষ্ঠিত হোৱা নেচনেল স্কুল গেমছত জুনুমণীয়ে ১০০ মিটাৰত স্বৰ্ণ পদক লাভ কৰে। ইয়াৰ উপৰিও জুনুমণীয়ে ১৯৮৮ চনত জুনিয়ৰ নেচনেলত ১০০ মিটাৰ আৰু ২০০ মিটাৰত স্বৰাণ, ১৯৮৮-৮৯ চনত কটকত অনুষ্ঠিত জুনিয়ৰ নেচনেল স্কুল গেমছত ১০০ মিটাৰত স্বৰ্ণ, ১৯৯০ চনত বেইজিঙত অনুষ্ঠিত জুনিয়ৰ এছিয়া ট্ৰেক এণ্ড ফিল্ড মীট আৰু মালয়েছিয়াৰ এছিয়ান এথলেটিকছ মীটত ভাগ লয়।

জুনিয়ৰ পৰ্যায়ত লাভ কৰা এই অপাৰ সফলতাৰ পিছত জুনুমণীয়ে ছিনিয়ৰ পৰ্যায়তো সফলতা লাভ কৰিবলৈ সক্ষম হয়। ১৯৯১ চনত কলম্বোত অনুষ্ঠিত হোৱা ছাফ গেমছত ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰি অসম কন্যাগৰাকীয়ে লাভ কৰে স্বৰ্ণ পদক। ইয়াৰ পিছৰ বছৰত জুনুমণী আৰু তেওঁৰ সতীৰ্থই দিল্লীত অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল।

১৯৭৩ চনৰ ১ এপ্ৰিলত মাজুলীৰ বনগাঁৱত জন্মগ্ৰহণ কৰা গ্লেমাৰ গাৰ্ল জুনুমণী শইকীয়াই যিদৰে অজশ্ৰ অনুৰাগীৰ সৃষ্টি কৰিব পাৰিছিল আৰু সকলোৰে মৰম-ভালপোৱা আদায় কৰিব পাৰিছিল ঠিক সেইদৰে তেওঁ নিজেও প্ৰেমত পৰিছিল। ট্ৰেকৰ বৰদৈছিলা জনী প্ৰেমত পৰিছিল আন এজন ক্ৰীড়াংগণৰ যুঁজাৰুৰ লগত। প’লভল্টাৰ মৃদুল দুৱৰাৰ লগতে প্ৰেমৰ সম্পৰ্কৰে বান্ধ খোৱা জুনুমণীয়ে ১৯৯৩ চনত নেঘেৰিটিং শিৱ মন্দিৰত মৃদুল দুৱৰাৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল।

বিবাহৰ পিছটো যেন স্তব্ধ হোৱা নাছিল বৰদৈছিলাৰ গতি। তাৰ প্ৰামণ স্বৰূপে তেজপুৰত অনুষ্ঠিত হোৱা ৰাজ্যিক ক্ৰীড়া সমাৰোহত সফলতা লাভ কৰাৰ লগতে গেংটকত হোৱা উত্তৰ-পূব ক্ৰীড়া সমাৰোহত ১০০ মিটাৰ দৌৰ আৰু লং জাম্পত সফলতা অৰ্জন কৰে। এই প্ৰতিযোগিতাত তেওঁ লাভ কৰিচিল স্বৰ্ণ পদক।

ধুমুহাৰ গতিৰে লক্ষ্যস্থান অভিমূখে দৌৰ দিয়া জুনুমণীয়ে ঠিক যেন একেই গতিৰে জীৱনৰ শেষ দিনটোৰ ফালেও ঢাপলি মেলিছিল। মাত্ৰ ২৮ বছৰ বয়সত এই বৰদৈছিলাজনীয়ে জীৱনৰ অন্তিম ট্ৰেকট শেষ দৌৰ দি গুছি গৈছিল নেদেখা দেশলৈ। ২০০১ চনৰ ৮ ডিচেম্বৰত প্ৰসূতিজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লৈছিল।

“আকৌ যদি জীৱনটো নতুনকৈ আৰম্ভ কৰোঁ তেন্তে ট্ৰেকেই হ’ব মোৰ প্ৰথম প্ৰেম”—- এইদৰেই কৈছিল জুনুমণী শইকীয়াই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

thirteen + nineteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments