Wednesday, October 5, 2022
HomeNews"লাউৰিয়াছ ২২ ৱৰ্ল্ড বেৰ্কথ্ৰ অৱ দ্য ইয়েৰ এৱাৰ্ড" ৰ বাবে মনোনীত...

“লাউৰিয়াছ ২২ ৱৰ্ল্ড বেৰ্কথ্ৰ অৱ দ্য ইয়েৰ এৱাৰ্ড” ৰ বাবে মনোনীত নীৰজ চোপ্ৰা

অলিম্পিয়া প্ৰতিবেদন

বিশ্বৰ অন্যতম স্পৰ্টছ এৱাৰ্ডৰ বাবে মনোনীত গল্ডেন বয় নীৰজ চোপ্ৰা । লাউৰিয়াছ বঁটাৰ বাবে মনোনীত ভাৰতীয় ক্ৰীড়াৰ অন্য এক আবেগ নীৰজ । অলিম্পিকত স্বৰ্ণজয়ী ভাৰতীয় এথলীট গৰাকীৰ সৈতে মনোনীত তালিকাত আছে বিশ্বৰ ৫ গৰাকী তাৰকাৰ নাম ।

লাউৰিয়াছ স্পৰ্টছ ফৰ গুড ফাউণ্ডেচনৰ উদ্যোগত ২০০০ বৰ্ষত বিশ্বব্যাপী প্ৰৱৰ্তন কৰা হৈছিল এই লাউৰিয়াছ বঁটা। এই বঁটাৰ অধীনতে ২০১৯ বৰ্ষত লাউৰিয়াছ ৱৰ্ল্ড স্পৰ্টছ এৱাৰ্ডৰ বাবে মনোনীত হৈছিল ভাৰতীয় তাৰকা মহিলা মল্লযুঁজাৰু ভিনেছ ফগাট । আনহাতে ২০০০- ২০২০ ৰ “লাউৰিয়াছ স্পৰ্টিং মমেন্ট এৱাৰ্ড” অৰ্জন কৰিছিল মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে ।
ইয়াৰ পাছতে ভাৰতৰ ক্ৰীড়া জগতলৈ পুনৰ আহিছে এক সুখবৰ । টকিঅ’ অলিম্পিকত জেভলিনত স্বৰ্ণজয়ী অলিম্পিয়ান নীৰজ চোপ্ৰা মনোনিত হৈছে সন্মানজনক “লাউৰিয়াছ ২২ ৱৰ্ল্ড বেৰ্কথ্ৰ অৱ দ্য ইয়েৰ এৱাৰ্ড” ৰ বাবে । এই বঁটাৰ বাবে মনোনীত হোৱা আন আন বিশ্বৰ আগশাৰী এথলীটসকল হ’ল–ৰাছিয়াৰ টেনিছ খেলুৱৈ ডেনিল মেডভেডেভ, স্পেইনৰ ফুটবলাৰ পেড্ৰী, ইঙলেণ্ডৰ টেনিছ খেলুৱৈ ইম্মখ ৰাকুকাণো, ভেনিজুৱেলাৰ এথলীট ইউলিমাৰ ৰোজাছ আৰু অষ্ট্ৰেলিয়াৰ সাঁতোৰবিদ এৰিয়াৰ্ণে টিটমাছ । উল্লেখযোগ্য যে বিগত ২০২১ বৰ্ষত বিশ্বৰ ক্ৰীড়াক্ষেত্ৰত দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে লাউৰিয়াছ কমিটিয়ে এইকেইজন এথলীটৰ নাম এই বিশেষ বঁটাৰ বাবে মনোনীত কৰাৰ কথা উল্লেখ কৰিছে ।

এই বঁটাৰ বাবে মনোনীত কৰাৰ বাবে বিশেষ অনুভৱ কৰা বুলি টুইটাৰত ব্যক্ত কৰিছে গল্ডেন বয় নীৰজ চোপ্ৰাই । লগতে তেওঁ আন পাঁচগৰাকী বিশ্বৰ আগশাৰীৰ তাৰকা এথলীটক ধন্যবাদ জনালে । টকিঅ অলিম্পিকত স্বৰ্ণ জয়ৰে বিশ্ব দৰবাৰত ভাৰতক গৌৰৱান্বিত কৰিছিল এইগৰাকী ভাৰতীয় এথলীটে । ক্ৰীড়াপ্ৰেমীয়ে আশা কৰিব–ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে যিদৰে এই বঁটা জয় কৰিছিল, সেইদৰে নীৰজ চোপ্ৰাইও অৰ্জন কৰক এই বিশ্ব ক্ৰীড়াৰ অন্যতম বঁটা ।ইয়াৰ বাবে নীৰজ চোপ্ৰাৰ ওচৰত আছে সমূহ দেশবাসীৰ আশীৰ্বাদ আৰু মৰম । নীৰজ চোপ্ৰাৰ বিশ্বজয়ৰ ধাৰা অব্যাহত থাকক । ভাৰতৰ ক্ৰীড়াজগতত এক মাইলৰ খুঁটি হৈ ৰওক কোটি কোটি ভাৰতীয়ৰ আবেগ নীৰজ চোপ্ৰা ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twenty − 20 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments