Friday, September 30, 2022
HomeNewsভগ ইণ্ডিয়াৰ বেটুপাতত লাভলীনা

ভগ ইণ্ডিয়াৰ বেটুপাতত লাভলীনা

অলিম্পিয়া প্ৰতিবেদন

বক্সিঙৰে বিশ্বজয় কৰিলে অসম জীয়ৰী তথা ভাৰতগৌৰৱ লাভলীনাই ।বক্সিং ৰিঙত প্ৰতিপ্ৰক্ষক বজ্ৰমুঠিৰে প্ৰত্যুত্তৰ দি টকিঅ’ অলিম্পিকত কঢ়িয়াই আনিলে ব্ৰঞ্জৰ পদক।ইয়াৰ পাছতেই বিশ্বজুৰি চৰ্চিত এইগৰাকী তাৰকা বক্সাৰ।প্ৰতিগৰাকী নাৰীৰ বাবে প্ৰেৰণাৰ অন্য এক নাম হৈ পৰিছে লাভলীনা বৰগোহাঁই ।
শেষতীয়াকৈ লাভলীনাৰ এখন ছবিয়ে লাভ কৰিছে ব্যাপক চৰ্চা ।সাইলাখ মডেলৰ দৰে ফটোত প’জ দিছে লাভলীনাই।কেতিয়াবা পিন্ধনত নীলা ৰঙৰ গাউন অথবা জাম্প চ্যুট।বিশ্বৰ আগশাৰীৰ আলোচনী ভ’গৰ বেটুপাতত এনেদৰে দেখা পোৱা গৈছে অলিম্পিয়ান গৰাকীক।ভ’গ ইণ্ডিয়াৰ ১৪ সংখ্যক সংস্কৰণত প্ৰকাশ পাইছে লাভলীনাৰ ছবি।আলোচনীখনৰ অক্টোবৰ মাহৰ সংখ্যাত ফেশ্বন ডিজাইনিৰ লগতে ভ’গ ইণ্ডিয়াই প্ৰকাশ কৰিছে লাভলীনাৰ জীৱনৰ বহু কথা।


চচিয়েল মেডিয়া যোগে ভ’গ ইণ্ডিয়াক লাভলীনাই ধন্যবাদ দিয়াৰ লগতে কৰিছে এক বিশেষ মন্তব্য -“সকলো বাধা নেওচি, ভাৰতীয় ত্রিৰংগাক আগত লৈ নতুন মানদণ্ড প্ৰতিষ্ঠা কৰি যোৱা ।”
এই সন্দৰ্ভত ভ’গ ইণ্ডিয়াই টুইটাৰত কৈছে যে, লাভলীনাৰ সাফল্য প্ৰতিগৰাকী যুৱতীৰ বাবে অনুপ্ৰেৰণাৰ উৎস ।উল্লেখযোগ্য যে, লাভলীনাৰ সমান্তৰালকৈ আলোচনী খনত প্ৰকাশ পাইছে অলিম্পিকত ৰূপৰ পদকজয়ী মিৰাবাই চানু আৰু ব্ৰঞ্জজয়ী বেডমিন্টন তাৰকা পি ভি সিন্ধুৰ কভাৰ ফটো।সদ্যসমাপ্ত টকিঅ অলিম্পিকত দেখুওৱা প্ৰৰ্দশনৰ বাবে আলোচনীখনৰ এনে পদক্ষেপ ।


টকিঅ’ত পদক জয়েৰে বিশ্বদৰবাৰত জিলিকিল এই তিনিগৰাকী মহিয়সী নাৰী।তেওঁলোকৰ অলিম্পিক যাত্রাৰ কাহিনীয়ে যুৱপ্ৰজন্মক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে এক প্ৰচেষ্টা বিশ্বৰ আগশাৰীৰ আলোচনীখনৰ।বিশ্বায়নৰ যুগত ক্ৰীড়াৰ পৃথিৱীত ভাৰতীয় নাৰীসকলেও আগবাঢ়ি যাওঁক নিজ কৰ্মদক্ষতাৰে।লাভলীনা বৰগোহাঁই, মিৰাবাই চানু, আৰু পি ভি সিন্ধুৰ পথৰে পথিক হওক নৱপ্ৰজন্মৰ খেলুৱৈসকল।সকলো দেশবাসীৰো যেন সেইয়াই কামনা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nineteen + 10 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments