Tuesday, October 4, 2022
HomeNewsদিল্লীৰ ক্ৰীড়া সন্মিলনত বিজ্ঞানসন্মত প্ৰশিক্ষণৰ আহ্বান লাভলীনা বৰগোঁহাইৰ

দিল্লীৰ ক্ৰীড়া সন্মিলনত বিজ্ঞানসন্মত প্ৰশিক্ষণৰ আহ্বান লাভলীনা বৰগোঁহাইৰ

অলিম্পিয়া প্ৰতিবেদন

“অলিম্পিকৰ দৰে মেগা ক্ৰীড়া ইভেণ্টত অধিক পদক লাভ কৰিবলৈ হ’লে ভাৰতীয় ক্ৰীড়াবিদৰ প্ৰশিক্ষণ পদ্ধতিত সম্পূৰ্ণ বৈজ্ঞানিক দৃষ্টিভঙ্গী গ্রহণ কৰিব লাগিব |”এই মন্তব্য কৰিছে টকিঅ অলিম্পিকত ব্রঞ্জৰ পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোঁহাইয়ে । নতুন দিল্লীত শনিবাৰে কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ড্ৰাষ্টি ( চি আই আই) দ্বাৰা আয়োজিত ‘স্কৰবৰ্ড ২০২২’ শীৰ্ষক বিশ্বজোৰা ক্ৰীড়া সন্মিলনৰ প্রথম দিনা তেওঁ এইদৰে কয় | এই সন্মিলনত ভাৰতে কেনেদৰে ক্ৰীড়া ক্ষেত্রত বিকাশ, বিনিয়োগ আৰু প্রযুক্তিৰ উন্মেষ ঘটাব পাৰে সেই সম্পৰ্কে আলোচনা কৰা হৈছে | সপ্তম বৰ্ষৰ এই দুদিনীয়া বাৰ্ষিক সন্মিলনত ক্ৰীড়াৰ বাবে নতুন বিশ্ব সৃষ্টিত অগ্রাধিকাৰ আৰু সম্ভাৱনাক বিষয়বস্তু হিচাপে আলোচনা কৰা হৈছে | অলপতে বিশ্ব বক্সিং চেম্পিয়নশ্বিপ আৰু এছিয়ান গেমছলৈ যোগ্যতা অৰ্জন কৰা লাভলীনাই কয়,” মই ভাবো ভাৰতত প্রতিভাৰ অভাৱ নাই | ভাৰতীয় ক্ৰীড়াবিদসকল বিশ্বৰ ভিতৰতে কষ্ট কৰিব পৰা | অধিক পদক পাবলৈ হ’লে আমাক সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিত প্রশিক্ষণ দিব লাগিব | বিগত কিছু বছৰ ধৰি বিজ্ঞানসন্মত প্রশিক্ষণ আৰম্ভ হৈছে যদিও তৃণমুল পৰ্যায়ৰ পৰাই ইয়াৰ ৰূপায়ন হ’ব লাগিব | বৰ্তমান সময়ত ভাৰত চৰকাৰে ক্ৰীড়াৰ বাবে যথেষ্ট কৰিছে | চৰকাৰৰ সমৰ্থন নোপোৱা হলে মই এইখিনিলৈ আহিব নোৱাৰিলোহেঁতেন ।” নিজৰ মনোভাৱ প্রকাশ কৰি লাভলীনাই কয়, ” প্রাথমিক অৱস্থাৰ পৰা স্নাতক মহলা পৰ্যন্ত স্কুলত ক্ৰীড়া নিয়মীয়া বিষয় হ’ব লাগে আৰু ক্ৰীড়া বিজ্ঞান হ’ব লাগে ইয়াৰ মুল চাবিকাঠী ।” অনুষ্ঠানত ছুইডেন আৰু লাটভিয়াৰ ৰাষ্ট্ৰদূত ক্ৰমে ক্লাছ মলিন আৰু তানমায়া লালেও ভাষণ দিয়ে |

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments