Sunday, October 2, 2022
HomeNewsআৰক্ষীৰ সাজত লাভলীনা :উপ-আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি

আৰক্ষীৰ সাজত লাভলীনা :উপ-আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি

অলিম্পিয়া প্ৰতিবেদন

আৰক্ষীৰ সাজত ৰিঙৰ ৰাণী লাভলীনা । এতিয়াৰে পৰা ডি এছ পি অৰ্থাৎ ডেপুটি ইন্সপেক্টৰ অৱ পুলিচ অসমীয়াত উপ-আৰক্ষী অধীক্ষক হ’ল অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোঁহাই । অসম আৰক্ষীলৈ উষ্ম আদৰণি বজ্ৰকন্যাক ।

টকিঅ অলিম্পিকত ব্ৰঞ্জজয়ী লাভলীনা আজিৰে পৰা অসম আৰক্ষীৰ পৰিয়ালৰ এগৰাকী সদস্যত পৰিণত হল । এইগৰাকী অসম গৌৰৱে অলিম্পিকত বক্সিঙৰ ৰিঙত বজ্ৰমুঠিৰে প্ৰতিপক্ষৰ সৈতে যুঁজি দেশলৈ কঢ়িয়াই আনিছিল ব্ৰঞ্জৰ পদক । তেওঁৰ এই ইতিহাস বিজৰিত সাফল্যত গৌৰৱত বুকু ফুলি উঠিছিল অসমৰ কোটি কোটি জনগণৰ । ইয়াৰ পাছতে সন্মান স্বৰূপে অসম চৰকাৰে কেবিনেট বৈঠকত অসম আৰক্ষীৰ ডি এছ পি অৰ্থাৎ ডেপুটি ইন্সপেক্টৰ অৱ পুলিচ, অসমীয়াত উপ-আৰক্ষী অধীক্ষক পদ প্ৰদানৰ প্ৰস্তাৱ আগবঢ়াইছিল ।সেই ঘোষণাৰ পাছতেই বুধবাৰে দিছপুৰৰ জনতা ভৱনত আয়োজন কৰা হ’ল লাভলীনাৰ নিয়োগ পত্র প্ৰদান অনুষ্ঠান ।
ফুলৰ থোপা, অসমৰ স্বাভিমান গামোচাৰে আদৰণি জনাই নিয়োগ পত্র লাভলীনাৰ হাতত তুলি দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই । তাৰকা বক্সাৰগৰাকীক দেখা গ’ল সম্পূৰ্ণ অসম আৰক্ষীৰ ডি এছ পি সাজত । আৰক্ষীৰ সাজত ডি এছ পিৰ ষ্টাৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰীৰ লগতে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্তই ।


আনুষ্ঠানিকভাৱে ডি এছ পি পদ লাভ কৰি সুখী অসমকন্যা । এই সন্মান প্ৰদানৰ বাবে ধন্যবাদ জনালে অসম চৰকাৰক । অসম আৰক্ষীৰ লগতে অসমৰ খেলুৱৈসকলক আগবঢ়াই নিবলৈ চেষ্টা অব্যাহত ৰাখিব বুলি জনালে অলিম্পিক পদক বিজয়ী তথা ডি এছ পি লাভলীনাই । বিচাৰিলে অসমবাসীৰ আৰ্শীবাদ ।

অলিম্পিয়ান গৰাকীক অসম আৰক্ষীলৈ আদৰণি জনালে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্তই । অসম আৰক্ষীৰ বাবে ই এক গৌৰৱৰ দিন বুলি কৰিলে অভিহিত । অসম আৰক্ষীৰ ক্ৰীড়া ইতিহাসক লাভলীনাই আৰু এক নতুন মাত্রা দিব বুলি আশাবাদী আৰক্ষী সঞ্চালক প্ৰধান গৰাকী ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্ম্মায়েও অসম চৰকাৰৰ হৈ লাভলীনাক অসম আৰক্ষীলৈ জনালে উষ্ম আদৰণি । অসম আৰক্ষী পৰিয়ালৰ সদস্য হিচাপে হাতে-হাত ধৰি অসম আৰক্ষী তথা অসমৰ খেলুৱৈসকলক আগুৱাই নিয়াত লাভলীনাই আহোপুৰুষাৰ্থ কৰিব বুলি বিশ্বাস ৰাখিছে মুখ্যমন্ত্ৰীয়ে ।

এই অনুষ্ঠানত উপস্থিত থাকিল অসমৰ ক্ৰীড়া মন্ত্রী বিমল বৰা, অসম চৰকাৰৰ মুখ্যসচিব জিষ্ণু বৰুৱা, শিক্ষামন্ত্ৰী ৰনোজ পেগু, লাভলিনাৰ পিতৃ-মাতৃৰ লগতে অসম মন্ত্রীসভাৰ বহুকেইগৰাকী সন্মানীয় মন্ত্রী ।

ক্ৰীড়া অনুৰাগীয়ে আশা কৰিব অলিম্পিকত স্বৰ্ণ জয়ৰ সপোন পূৰণৰ বাবে নিজকে প্ৰস্তুত কৰক লাভলীনাই । লগতে অসম আৰক্ষীৰ খেলুৱৈসকলকো লাভলীনাই দেখাওক বিশ্ব জয়ৰ সপোন ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

fourteen + nineteen =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments