Sunday, October 2, 2022
HomeNewsলাভলীনাই ফ্লেগ অফ কৰিলে পে-ইণ্ডিয়া কেবৰ

লাভলীনাই ফ্লেগ অফ কৰিলে পে-ইণ্ডিয়া কেবৰ

অলিম্পিয়া প্ৰতিবেদন

হোটেল তাজ ভিভান্টাত পে-ইণ্ডিয়া কেবৰ উদ্বোধনী অনুষ্ঠান। ফ্লেগ অফ কৰিলে লৌহকন্যা লাভলিনা বৰগোহাঁইয়ে। অলিম্পিকত ব্ৰঞ্জৰ পদক জিনি দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনাই এতিয়া সময় অতিবাহিত কৰিছে অসমত।পৰিয়ালৰ লগত সময় কটোৱাৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন অনুষ্ঠানত ভাগ লৈছে তাৰকা বক্সাৰ গৰাকীয়ে। ইয়াৰ মাজতে, বুধবাৰে পে-ইণ্ডিয়া কেবৰ উদ্বোধনী অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিল অসম গৌৰৱ লাভলিনা বৰগোহাঁই। লগতে উপস্থিত থাকে পিতৃ টিকেন বৰগোহাঁই। উল্লেখযোগ্য যে, কেইজনমান অসমীয়া লোকৰ চিন্তাৰ ফচল পে-ইণ্ডিয়া কেব।অ’লা-উবেৰক ফেৰ মাৰিব পৰাকৈ গঢ় দিয়া হৈছে পে-ইণ্ডিয়া কেব। থলুৱা লোকসকলৰ এনে প্ৰচেষ্টাক শলাগিলে লাভলীনাই।
এই উদ্বোধনী অনুষ্ঠানতে বক্সিং ক্ষেত্ৰখনৰ কেইবাগৰাকী বৰেণ্য ব্যক্তিক পে- ইণ্ডিয়া কেবে জনালে সম্বৰ্ধনা। ইয়াৰ ভিতৰত অসম বক্সিং এছ’চিয়েছনৰ সভাপতি কালিকান্ত বড়ো, সম্পাদক হেমন্ত কুমাৰ কলিতা, বক্সিং প্ৰশিক্ষক অমৰ ডেকা আৰু গীতা চানু আছিল অন্যতম। ইয়াৰোপৰি দেশমাতৃক অলিম্পিকৰ ব্ৰঞ্জৰ পদক উপহাৰ দিয়া লাভলীনাক সম্বৰ্ধনাৰে উপচাই পেলালে পে-ইণ্ডিয়া কেবে। প্ৰতিষ্ঠানটোৱে গামোচা, জাপি, থোপাৰে মৰম যাচে অলিম্পিয়ানগৰাকীক। সন্মানৰ চিন স্বৰূপে পে-ইণ্ডিয়া কেবৰ তৰফৰ পৰা ২ লাখ টকাৰ চেক প্ৰদান কৰিলে লাভলীনাক। থলুৱা লোকে জন্ম দিয়া এই পে-ইণ্ডিয়া কেবৰ উদ্বোধনী অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে উদ্যোক্তাক ধন্যবাদ জনালে লাভলিনাই।
উল্লেখযোগ্য যে, জিৰণিৰ বাবে কিছু দিন ঘৰত অতিবাহিত কৰা লাভলীনা অতি শীঘ্ৰেই প্ৰশিক্ষণ ক্ষেত্রলৈ উভতিব। অহা ৪ চেপ্তেম্বৰত পুনৰ প্ৰশিক্ষণৰ বাবে অসমৰ পৰা ৰাওনা হ’ব লাভলীনা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

one × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments