গৃহভূমিত নিৰ্মাণ হ’ব লগা ক্ৰীড়া প্ৰকল্পক লৈ উৎফুল্লিত লাভলীনা

জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰিয়সী। অৰ্থাৎ নিজৰ জন্মস্থান সৰগতৈয়ো শ্ৰেষ্ঠ।জন্মক্ষেত্রৰ বাবে কিবা এটা ভাল কাম কৰিব পাৰিলে মন প্ৰাণ আত্মসন্তুষ্টিৰে ভৰি পৰে।
অসম গৌৰৱ অলিম্পিয়ান লাভলীনাৰ জন্মস্থান বৰপথাৰ। এতিয়া সেই জন্মস্থানতেই নিৰ্মাণ হ’ব এক বৃহৎ ক্ৰীড়া প্ৰকল্প ।ইয়াকে লৈ উৎফুল্লিত তাৰকা বক্সাৰগৰাকী। উল্লেখযোগ্য যে অলিম্পিক জয়ৰ পাছত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত লাভলীনাৰ সম্বৰ্ধনা অনুষ্ঠানতেই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল এক গুৰুত্বপূৰ্ণ ঘোষণা। প্ৰায় ২৫ কোটি ব্যয় সাপেক্ষে লাভলীনাৰ নামেৰে নিৰ্মাণ হ’ব এক ক্ৰীড়া প্ৰকল্প ।টকিঅ’ অলিম্পিকত ব্ৰঞ্জ পদক অৰ্জনেৰে ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনাৰ জন্মস্থানৰ বাবে এইয়া আছিল চৰকাৰৰ বিশেষ উপহাৰ। শেহতীয়াকৈ লাভলীনাই এই সন্দৰ্ভত ছ’চিয়েল মিডিয়া যোগে কৰিছে এক বিশেষ পোষ্ট ।ক্ৰীড়া প্ৰকল্পটো অনুমোদন কৰাৰ বাবে লাভলীনাই ধন্যবাদ জ্ঞাপন কৰিছে অসম চৰকাৰক। লগতে কৃতজ্ঞতা জনাই সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনক ।ইয়াৰোপৰি এখন ফটোত হাতত উক্ত প্ৰকল্পৰ আৰ্হি লৈ স্থানীয় বিধায়ক গৰাকীৰ সৈতে দেখা পোৱা গৈছে লৌহকন্যাক।

বিগত ৩ ছেপ্তেম্বৰত অনুশীলনৰ বাবে বাংগালোৰুলৈ ৰাওনা হ’ল তাৰকা বক্সাৰ গৰাকী। সম্প্ৰতি অনুশীলনস্থালীত থাকিলেও জন্মস্থানৰ কথা পাহৰা নাই ৰিঙৰ ৰাণীয়ে।গৃহভূমিত নিৰ্মাণৰত বহুমুখী প্ৰকল্পৰ অগ্ৰগতিৰ সন্দৰ্ভত লাভলীনাই এনেদৰে লিখিছে-” অতি সোনকালে আমাৰ ক্ৰীড়া ষ্টেডিয়ামখন কাৰ্যকৰী হ’ব বুলি জানি মই অত্যন্ত সুখী। এইটো অসমৰ সমগ্ৰ যুৱ প্ৰজন্মৰ বাবে ক্ৰীড়াত উৎকৃষ্টতা অৰ্জন কৰা
আৰু অসমক গৌৰৱান্বিত কৰাৰ এক পূৰ্ণ সুযোগ হ’ব।
প্ৰকল্পটো অনুমোদন কৰাৰ বাবে ধন্যবাদ অসম চৰকাৰ।প্ৰকল্পটো আৰম্ভ কৰাৰ লগতে আমাৰ ঠাইখিনি বিকাশ আৰু সৌন্দৰ্য বৰ্ধন কৰাৰ বাবে বিশ্বজিৎ ফুকন চাৰক ধন্যবাদ ।”

উল্লেখযোগ্য যে প্ৰকল্প নিৰ্মাণৰ বাবে তৎপৰ সৰপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই প্ৰকল্প স্থাপনৰ বাবে স্থান বিছাৰিল বিধায়কগৰাকীয়ে। শেহতীয়াকৈ, প্ৰস্তাৱিত প্ৰকল্পৰ স্হান নিৰ্ধাৰণ কৰে নাহৰবাৰীত। লাভলীনৰা জৰিয়তে বৰপথাৰত, সৰুপথাৰৰ, বাৰমুখীয়া গাঁও তথা গোলাঘাটবাসী ৰাইজে লাভ কৰিলে এক সুন্দৰ উপহাৰ । এতিয়া আশা কৰিব পাৰি লাভলীনাৰ আঙুলিত ধৰি বিশ্বমুখী যাত্রাৰ অংশীদাৰ হ’ব আৰু হাজাৰগৰাকী নৱপ্ৰজন্মৰ খেলুৱৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *