শিকা, খেলা, যুঁজা আৰু বিশ্বজয় কৰাঃ অসমৰ কণ কণ ছাত্ৰ-ছাত্রীলৈ লাভলীনাৰ বিশ্বজয়ৰ মন্ত্র

অলিম্পিয়া প্ৰতিবেদন

নৱপ্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস অসমগৌৰৱ অলিম্পিয়ান লাভলীনা বৰগোহাঁই।টকিঅ অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জনৰ পাছতেই সমগ্ৰ দেশ তথা অসমবাসীৰ হিয়াৰ আমঠু হৈ পৰিছে অসম জীয়ৰী লাভলিনা ।ধিং এক্সপ্ৰেছ হিমাদাসৰ পাছতেই লাভলীনাই অসমৰ যুৱচামক নৱ দৃষ্টিৰে, নৱ শক্তিৰে দিছে নতুন দিগন্তৰ সন্ধান ।
শুক্ৰবাৰে, অনুশীলনলৈ বুলি বাংগালোৰুলৈ ৰাওনা হ’ল তাৰকা বক্সাৰ গৰাকী ।অসম এৰাৰ আগমুহূৰ্তত লাভলীনাই অসমৰ কণ কণ ছাত্ৰ ছাত্ৰীলৈ দি গ’ল এক বিশেষ বাৰ্তা ।দিলে জীৱন জয়ৰ এক মন্ত্ৰ।”শিকা, খেলা, যুঁজা আৰু বিশ্বজয় কৰা “।এইদৰে চচিয়েল মেডিয়া যোগে ছাত্র-ছাত্রীলৈ এক আহ্বান জনাইছে অসমকন্যাই।
উল্লেখযোগ্য যে, বিগত ৫ ছেপ্তেম্বৰৰ শিক্ষক দিৱসৰ দিনটোত শিক্ষাবিভাগে সমগ্ৰ শিক্ষা, অসমৰ ব্ৰেণ্ড এম্বেচাদৰ ৰূপে লাভলীনাৰ নাম ঘোষণা কৰিছিল ।তাৰ এদিন পাছতেই সমগ্ৰ শিক্ষা, অসমৰ ব্ৰেণ্ড এম্বেচাদৰৰ দায়িত্ব লৈ এটা বিশেষ পোষ্ট লাভলীনাৰ।ইয়াৰোপৰি, চচিয়েল মেডিয়াত লাভলীনাই চেয়াৰ কৰিছে সমগ্ৰ শিক্ষা অসমৰ এক ভিডিঅ’ ।য’ত কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে বক্সাৰগৰাকীক দেখা পোৱা গৈছে ।গীতটোত কন্ঠদান অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে ।
এতিয়া অনুশীলনত ব্যস্ত লৌহকন্যা ।তাৰ মাজতেই অসমৰ শিশু আৰু ছাত্র-ছাত্রী সকলক উৎসাহিত কৰাৰ পণ লৈছে লাভলীনাই ।পৰৰ্বতী অলিম্পিকত স্বৰ্ণ অৰ্জন লাভলীনাৰ মূল লক্ষ্য ।কিন্তু তাৰ সমান্তৰালকৈ অসমৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলকো বিশ্বজয়ৰ সপোন দেখুৱাব খুজিছে লাভলিনাই।তাৰকা বক্সাৰ গৰাকীৰ দায়িত্ববোধে ভৱিষ্যত প্ৰজন্মক হয়তো দেখুৱাব নতুন দিগন্ত।সকলোৱে আশা কৰিব, লাভলীনাৰ এই মন্ত্ৰৰে অসমত ৰোপন হওক আৰু হাজাৰ গৰাকী লাভলীনাৰ বীজ।

Leave a Reply

Your email address will not be published. Required fields are marked *