Friday, September 30, 2022
HomeNewsমুখ্যমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছা যাচিলে লাভলীনাই

মুখ্যমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছা যাচিলে লাভলীনাই

অলিম্পিয়া প্ৰতিবেদন

ওপজা দিনত মুখ্যমন্ত্ৰীক শুভকামনা লাভলীনাৰ । ছচিয়েল মিডিয়াত বজ্ৰকন্যা লাভলীনাৰ এক বিশেষ পোষ্ট । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কৰ্ম উদ্যমক শলাগিলে লাভলীনাই ।

মঙলবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৫৩ সংখ্যক জন্মদিন । এই দিনটোত ৰাজ্যত দেখা গল উখল-মাখল পৰিবেশ । মুখ্যমন্ত্ৰীৰ বাসগৃহতো জন্মদিনৰ বিশাল আয়োজন । ৰাজনৈতিক, সাংস্কৃতিক, সামাজিক, ক্ৰীড়া সকলো ক্ষেত্ৰৰ লোকে এই বিশেষ দিনটোত মুখ্যমন্ত্ৰী জনক শুভেচ্ছাৰে উপচাই দিলে । অলিম্পিক পদকজয়ী লাভলীনাই মুখ্যমন্ত্ৰীজনক জনালে সম্ভাষণ । তাৰকা বক্সাৰ গৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেলগে তোলা এখন ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰি জন্মদিনৰ আন্তৰিক শুভকামনা যাচিলে । লগতে ৰাজ্যখনক অধিক সুন্দৰতম কৰি তুলিবলৈ তেওঁৰ অদম্য কৰ্মস্পৃহাই নৱপ্ৰজন্মক উৎসাহিত কৰা বুলি লাভলীনাই উল্লেখ কৰিলে এই বিশেষ পোষ্টত । ইয়াৰ লগতে জনপ্ৰিয় মুখ্যমন্ত্ৰী গৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলে অসমগৌৰৱ গৰাকীয়ে ।
উল্লেখযোগ্য যে,টকিঅ’ অলিম্পিকত পদক জয়ৰ পাছত লাভলীনাক অসমভূমিত গৌৰৱৰে আদৰিছিল ক্ৰীড়া বিভাগৰ বিষয়-ববীয়াৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । লাভলীনা প্ৰথমগৰাকী অলিম্পিকজয়ী অসমীয়া হোৱাৰ ইতিহাস সৃষ্টিৰ সাক্ষী আছিল সমগ্ৰ অসমবাসীৰ লগতে এইগৰাকী মুখ্যমন্ত্ৰী । লাভলীনাৰ বহু সম্বৰ্ধনা অনুষ্ঠান বা বঁটা প্ৰদান অনুষ্ঠানতো উপস্থিত থাকি লাভলীনাৰ লগতে নৱপ্ৰজন্মক ক্ৰীড়াৰ প্ৰতি উৎসাহিত কৰি আহিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
বিগত বৰ্ষৰ ডিচেম্বৰ মাহত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ সৈতে লাভলীনাই মুখ্যমন্ত্ৰীজনৰ সৈতে বক্সিং ক্ষেত্ৰৰ লগত জড়িত আলোচনাত মিলিত হৈছিল । সামাজিক মাধ্যমত লাভলীনাই উল্লেখ কৰিছিল ” হিমন্ত চাৰৰ লগত ইমান ঘৰুৱাভাৱে কথা পতা মোৰ প্ৰথম অভিজ্ঞতা ।”

এনেদৰে সকলো ক্ষেত্ৰৰ লোকৰ মাজত বিপুল জনপ্ৰিয় ড০ হিমন্ত বিশ্ব শৰ্মা । ক্ৰীড়াপ্ৰেমীয়ে আশা কৰিব– তেওঁৰ তত্বাৱধানত অসমৰ ক্ৰীড়াজগতে লাভ কৰক অনন্য এক মাত্রা । লাভলীনাই জন্মদিনৰ শুভেচ্ছা বাণীত কোৱাৰ দৰে ক্ৰীড়াৰ লগতে সকলো ক্ষেত্ৰতে উৎসাহিত হওক নৱপ্ৰজন্ম ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

4 × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments