Friday, September 30, 2022
HomeNewsঅশ্ৰুসিক্ত নয়নেৰে ঘৰৰ পৰা বিদায় লৈ পুনৰ অনুশীলনলৈ বুলি ৰাওনা হ'ল লাভলিনা

অশ্ৰুসিক্ত নয়নেৰে ঘৰৰ পৰা বিদায় লৈ পুনৰ অনুশীলনলৈ বুলি ৰাওনা হ’ল লাভলিনা

অলিম্পিয়া প্ৰতিবেদন

পুনৰ অনুশীলনস্থলীলৈ বুলি উভতিল ৰিঙৰ ৰাণী। বিদায় পৰত দুনয়ন সেমেকি উঠিল লৌহকন্যাৰ। বাৰমুখীয়াৰ আপোন গৃহৰ পৰা বেদনা গধুৰ মনেৰে নিজ কৰ্তব্যত মনোনিৱেশ কৰিবলৈ আগবাঢ়িছে অসমগৌৰৱ অলিম্পিয়ান লাভলীনা বৰগোহাঁই। বিগত সময়ত অলিম্পিকৰ অনুশীলনৰ বাবে দীৰ্ঘদিনে ঘৰৰ পৰা আঁতৰত আছিল লাভলীনা। টকিঅ’ অলিম্পিকত ব্ৰঞ্জ অৰ্জনেৰে বিশ্বজয় কৰা লাভলীনাই সীমিত সময় অতিবাহিত কৰিলে পৰিয়ালৰ লগত।অলিম্পিকৰ পৰা আহি অসমত থাকিও ৰাজ্যৰ সম্বৰ্ধনা অনুষ্ঠান, সভা-সমিতিত অংশ ল’ব লগা হৈছিল লাভলীনাই।অলিম্পিক জয়ৰ পাছত অসমৰ কেইবাখনো সম্বৰ্ধনা অনুষ্ঠানৰ লগতে পে-ইণ্ডিয়া কেবৰ দৰে উদ্বোধনী অনুষ্ঠানত দেখা পোৱা গৈছিল লাভলীনাক। ৰাজ্যবাসীয়ে এই সময়ছোৱাত হিয়া উজাৰি উপহাৰেৰে উপচাই পেলাইছিল লাভলীনাক।

পিছে এতিয়া লাভলীনাৰ অসমৰ পৰা বিদায়ৰ ক্ষণ সমাগত। শুক্ৰবাৰে বাংগালোৰুলৈ বুলি উৰা মাৰিলে তাৰকা বক্সাৰ গৰাকীয়ে। কালি বাৰমুখীয়া গাঁৱৰ ঘৰখনৰ পৰা ১১.৩০ বজাত ডিমাপুৰ বিমানবন্দৰ হৈ অনুশীলনলৈ বুলি যাত্রা কৰিলে অলিম্পিয়ান গৰাকীয়ে। ঘৰৰ পৰা বিদায় লোৱাৰ পৰত আবেগিক হৈ পৰিল লাভলীনা। বিদায় পৰত মাতৃ-ভগ্নীক সাৱটি ধৰিলে লৌহকন্যাই। অসুস্থ মাতৃয়েও চকুলো টুকি বিদায় জনালে মৰমৰ কন্যাক।

এই আবেগভৰা বিদায়ক্ষণত উপস্থিত থাকিল বাৰমুখীয়া গাঁৱৰ একাংশ ৰাইজ আৰু সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকণ। বিদায়ৰ পূৰ্বে বিধায়কজনে লাভলীনাক দেখুৱালে লাভলীনাৰ নামত নিৰ্মাণ হ’ব লগা ক্ৰীড়া প্ৰকল্পৰ নক্সা। ক্ৰীড়া প্ৰকল্পৰ আৰ্হি প্ৰত্যক্ষ কৰি সন্তুষ্টি প্ৰকাশ কৰিলে লাভলিনাই ।
উল্লেখযোগ্য যে লাভলীনাৰ অন্যতম এগৰাকী নেপথ্যৰ শুভাকাংক্ষী আছিল স্থানীয় বিধায়ক বিশ্বজিৎ ফুকণ।সেয়েহে কৃতজ্ঞতাৰ এক চিন স্বৰূপে লাভলীনা স্বাক্ষৰিত অলিম্পিক চিহ্ন সম্বলিত এটা টি-চাৰ্ট উপহাৰ দিয়ে বিধায়কগৰাকীক। এতিয়া বজ্ৰকন্যা লাভলিনাৰ পৰৱৰ্তী লক্ষ্য পেৰিছ অলিম্পিক ২০২৪। ।নতুন উদ্যমত দেখা যাব লাভলীনাক। অতি শীঘ্ৰে বেংগালুৰুত আৰম্ভ হ’ব লাভলীনাৰ কঠোৰ অনুশীলন। এতিয়া সমগ্ৰ ভাৰতবাসী তথা অসমবাসীয়ে আশা কৰিব স্বৰ্ণ জয়েৰে পেৰিছত লাভলীনাই খোদিত কৰিব নিজৰ নাম। ইয়াৰ বাবে, লাভলীনালৈ অসমবাসীৰ আছে সদায় শুভেচ্ছা আৰু আৰ্শীবাদ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

18 + 6 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments