Wednesday, October 5, 2022
HomeNewsবনকৰা ছোৱালীক ৰাষ্ট্ৰীয় খেলুৱৈ ৰূপে গঢ়ি তোলা বীমা বৰা সকলোৰে আদৰ্শ হওক।

বনকৰা ছোৱালীক ৰাষ্ট্ৰীয় খেলুৱৈ ৰূপে গঢ়ি তোলা বীমা বৰা সকলোৰে আদৰ্শ হওক।

মাত্ৰ কেইদিনমান আগতে গুৱাহাটীত অনুষ্ঠিত হৈ গ’ল খেল’ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ। প্ৰতিযোগিতাখনৰ প্ৰথমৰ পৰা শেষলৈকে পোহৰলৈ আহিছিল বহু সংগ্ৰামী জীৱন কাহিনী। জীৱনৰ ঘাট-প্ৰ্ৰতিঘাতক অতিক্ৰম কৰি ক্ৰীড়া ক্ষেত্ৰত উজ্জ্বলি উঠি নিজৰ এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল বহু প্ৰতিভাৱান খেলুৱৈয়ে।যি দৰে জীৱন সংগ্ৰামত কেতিয়াও হাৰ মনা নাই ঠিক একেদৰে ক্ৰীড়াংগনটো হাৰ নামানি দখল কৰিলে বহুকেইটা পদক। গৌৰৱান্বিত কৰিলে অসমক।

এই সকলৰ ভিতৰত পোহৰলৈ অহা এক অন্যতম কাহিনীৰ নায়িকা জিনু গগৈ। মহানগৰীত বনকৰা ছোৱালী হিচাপে থকা জিনুয়ে প্ৰতিযোগিতাখনত লনবলত অংশগ্ৰহণ কৰি দখল কৰিলে ব্ৰঞ্জৰ পদক। কেঞ্চাৰ ৰোগী পিতৃৰ চিকিৎসা ব্যয়, ঘৰৰ চলোৱা আদি কৰোতে কৰোতে জিনুৰ মাতৃৰ বাবে পঢ়াৰ খৰছ বহন কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছিল। যাৰ বাবে জিনুয়ে মেট্ৰিক দিয়াৰ পৰা বিৰত থাকিবলগীয়া হৈছিল। সুযোগ লাভ কৰি গুছি আহিছিল গুৱাহাটীলৈ বনকৰা ছোৱালী হিচাপে থাকিবলৈ। গুৱাহাটীলৈ আহি জিনুৰ ভাগ্য সলনি হৈছিল। অৱশ্যে জিনুৰ ভাগ্য সলনি হৈছিল বুলি কোৱাৰ বিপৰীতে ভাগ্য সলনি কৰিছিল বুলি কোৱাটোহে উচিত হব।

সহযোগীৰ লগত জিনু

মহানগৰত বনকৰা ছোৱালী হিচাপে থাকিবলৈ আহি জিনু এগৰাকী লনবল খেলুৱৈ হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ আৰত আছে এগৰাকী হৃদয়ৱান মহিলাৰ অনুগ্ৰহ। এই বিশেষ মহিলাগৰাকীয়ে যদি জিনুক খেলাৰ সুযোগ নিদিলে হয় তেনে জিনুক আজি কোনেও চিনি নাপালে হয়, নাজানিলে হয় জিনুৰ কৰুণ জীৱন সংগ্ৰামৰ কাহিনী। জিনুক নতুনকৈ সৃষ্টি কৰাৰ আৰত আছে এইগৰাকী মহিলা। মহানগৰীলৈ অহাৰ পূৰ্বে নাম নুশুনা, নেদেখা লনবলত জিনুৱে লাভ কৰিলে ব্ৰঞ্জৰ পদক। প্ৰথমবাৰতেই লাভ কৰিলে ৰাষ্ট্ৰীয় পদক।

মানুহগৰাকীৰ নাম বীমা বৰা। গুৱাহাটীৰ কাহিলাপাৰাত ঘৰ। অসম আৰক্ষীত কৰ্মৰত এইগৰাকী মহিলাৰ স্বামী এগৰাকী বাগানৰ উচ্চ পৰ্যায়ৰ কৰ্মচাৰী। বীমা বৰাৰ একমাত্ৰ সন্তানটোক চোৱা চিতা কৰিবলৈকে প্ৰয়োজন এগৰাকী যুৱতী। স্বামী বাগানৰ কৰ্মচাৰী হোৱাৰ সুৱাদতে দুগৰাকী কৰ্মচাৰী লাভ কৰে বীমা বৰাই। কিন্তু সেই দুগৰাকী যুৱতী কৰ্মচাৰীৰ এগৰাকী বৰ সুবিধাজনক নোহোৱাৰ বাবে বীমা বৰাই তেওঁৰ ঘৰত ৰখাৰ পৰা বিৰত আছিল। সেয়ে প্ৰয়োজন হৈছিল আন এগৰাকী যুৱতী। স্বামীৰ লগত বাগানত এই বিষয়ে কথা পাতি থাকোটেই জিনুৰ সম্পৰ্কীয় যুৱক এজনে জিনুৰ কথা কৈছিল বীমা বৰাৰ স্বামীক। কেঞ্চাৰ ৰোগত আক্ৰান্ত পিতৃয়ে জিনুক বীমা বৰাৰ গুৱাহাটীৰ ঘৰলৈ পঠিয়াই দিছিল। সেই সময়ত অৰ্থৰ অভাৱৰ বাবে বিদ্যালয়লৈ যোৱাৰ পৰা বিৰত থাকিবলগীয়া হোৱা জিনুৱে ঘৰতেই মন মাৰি বহি থাকিছিল। চিন্তা-ভাৱনাত শুকাই-ক্ষীণাই গৈছিল জিনু। দূৰ্গা পূজাৰ সপ্তমী দিনা জিনু আহিছিল গুৱাহাটীলৈ। হৃদয়ৱান মহিলা বীমা বৰাই জিনুক প্ৰথমে চিকিৎসা কৰাইছিল কিয়নো জিনুৰ দেহত খৰ জাতীয় ৰোগে বাঁহ লৈছিল। সেই সময়ত আকৌ বীমা বৰাই লনবলৰ অনুশীলন কৰিবলৈ নিয়মীয়াকৈ সৰুসজাইলৈ গৈছিল।লগত লৈ গৈছিল জিনুক। সেয়ে জিনুক লনবল খেলিবলৈ সুযোগ দিছিল।

কেৱল যে জিনুকেই বীমা বৰাই লনবল খেলিবলৈ সুযোগ দিছিল তেনে নহয়। জিনুৰ পূৰ্বে তেওঁৰ ঘৰত থকা অন্য যুৱতীকো এই সুযোগ দিছিল বীমা বৰাই। অৱশ্যে জিনুৰ দৰে তেওঁলোকে সেই সুযোগ গ্ৰহণ কৰা নাছিল। বীমা্ বৰাৰ উদ্যোগতে জিনুৱে লনবল খেলিবলৈ আৰম্ভ কৰিলে। খেল’ইণ্ডিয়াৰ ট্ৰায়েলত অংশগ্ৰহণ কৰি লাভ কৰিলে অসম দলত স্থান। বনকৰা ছোৱালী হিচাপে থকাৰ বাবেই একাংশ সমাজৰ একাংশ উচ্চস্তৰৰ ব্যক্তিয়ে জিনুক অসম দলত স্থান দিয়াক লৈ সৃষ্টি কৰিছিল বিতৰ্ক। অৱশ্যে প্ৰশিক্ষকৰ হস্তক্ষেপৰ বাবেই জিনুক অসম দলৰ পৰা কোনেও আতৰাব নোৱাৰিলে। প্ৰতিযোগিতাখনৰ বাবে যি প্ৰশিক্ষণ শিবিৰ অনু্ষ্ঠিত হল সেই শিবিৰলৈ প্ৰতিদিনেই জিনু সময়মতেই আহিল। বীমা বৰাই এই ব্যৱস্থা কৰিদিলে। অৱশেষত জিনুৱে লাভ কৰিলে প্ৰতিযোগিতাখনত ব্ৰঞ্জৰ পদক।

হৃদয়ৱান মহিলা বীমা বৰাৰ বাবেই জিনু আজি ক্ৰীড়া ক্ষেত্ৰত আগুৱাই গৈছে। এই বীমা বৰা অৱশ্যে নিজেও এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ। বীমা বৰাই বক্সিংত ইষ্টজ’নত আৰু উশ্বুৰ নৰ্থইষ্টৰ ৰূপৰ পদক লাভ কৰাৰ লগেত চাইক্লিংত ৰাষ্ট্ৰীয় পদক লাভ কৰিছে।

মিঠুনৰ চিনেমা চাই ভালপোৱা বীমা বৰাৰো মন গৈছিল মিঠুনৰ দৰে উৰি উৰি মাৰিবলৈ। সেয়ে হোষ্টেলত থকাৰ সময়তেই কলিকতাৰ অনিন্দ সেন গুপ্তাৰ তত্ত্বাবধানত প্ৰথমে কাৰাটেৰ প্ৰশিক্ষণ গ্ৰহণ কৰে।ইয়াৰ পিছত আকৌ এগৰাকী মানসিক বিকাৰগ্ৰস্থ ব্যক্তিৰ কথামতেই চাইক্লিংৰ লগত জড়িত হৈ পৰিছিল বীমা বৰা। উচ্চ প্ৰশিক্ষণৰ বাবে গুৱাহাটীলৈ আহি আকৌ বীমা বৰাই আজৰি সময়ত আয়ত্ব কৰি ললে বক্সিং আৰু উশ্বু। ক্ৰীড়াৰ প্ৰতি থকা এনেধৰণৰ আগ্ৰহৰ বাবেই হয়তো বীমা বৰাই জিনুকো ক্ৰীড়াৰ লগত জড়িত কৰি তুলিলে।

বনকৰা ছোৱালীক কেতিয়াও সেই দৃষ্টীৰে নোছোৱা বীমা বৰাই সদায়েই নিজৰ পৰিয়ালৰ এক সদস্য বুলি ভাৱে। এই কথা আমাৰ আগত বীমা বৰাই জনাইছে। বনকৰা ছোৱালী বা যুৱকক লৈ যি বোৰ সমস্যাৰ কথা সংবাদ মাধ্যম যোগে প্ৰকাশ হৈ থাকে সেইবোৰৰ প্ৰসংগত বীমা বৰাই কয় যে- তেওঁলোকক মৰম কৰিলেহে গৃহষ্ঠকো মৰম কৰিব। তেওঁলোকক পৰিয়ালৰ এজন সদস্য বুলি আকোৱালি লব পাৰিব লাগিব।

অৰ্থৰ অভাৱত মেট্ৰিক দিয়াৰ পৰা বিৰত থাকিব লগীয়া হোৱা জিনুক ২০২১ বৰ্ষত মেট্ৰিক দিয়াৰ ব্যৱস্থা কৰি দিয়াৰ কথা চিন্তা কৰিছে বুলি বীমা বৰাই আমাৰ আগত জনাইছে।

বীমা বৰাৰ পৰা বহু কথা আজিৰ সমাজে শিকিবলগীয়া আছে। বনকৰা মানুহক মানুহ জ্ঞান কৰাৰ পৰাও বিৰত থকা এচাম তথাকথিত আধুনিক সমাজৰ উচ্চ শিক্ষিত মানুহে বীমা বৰাক অনুসৰণ কৰাটো উচিত। বীমা বৰা সকলোৰে আদৰ্শ হওক।

অসম লনবল দলটোৰ লগত জিনু
- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

13 + 3 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments