Thursday, July 7, 2022
HomeNewsশীঘ্ৰেই টেনিছ কোৰ্টলৈ প্ৰত্যাৱৰ্তন কৰিব ছানিয়া মিৰ্জা আৰু লিয়েণ্ডাৰ পেজে

শীঘ্ৰেই টেনিছ কোৰ্টলৈ প্ৰত্যাৱৰ্তন কৰিব ছানিয়া মিৰ্জা আৰু লিয়েণ্ডাৰ পেজে

অলিম্পিয়া প্ৰতিবেদন

বহু জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত টেনিছ কোৰ্টলৈ প্ৰত্যাৱৰ্তনৰ ইংগিত দিলে ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জা আৰু লিয়েণ্ডাৰ পেজে। সোমবাৰে টেনিছ আইকন লিয়েণ্ডাৰ পেজে কয় যে তেওঁ ২০২১ত ফ্ৰেন্স অপেনত অংশগ্ৰহণ কৰিব। লগতে তেওঁৰ ওচৰত আছে অষ্টমবাৰৰ বাবে অলিম্পিকত অংশ লৈ এক বিৰল অভিলেখৰো গৰাকী হোৱাৰো সুযোগ।

৪৭ বছৰীয়া ভাৰতীয় টেনিছ তাৰকাগৰাকীয়ে কয় যে তেওঁ এইবাৰৰ অষ্ট্ৰেলিয়ান অপেনত অংশগ্ৰহণৰ পৰা বিৰত থাকে, জৈৱ সুৰক্ষাৰ সৈতে বিশেষ সহজ অনুভৱ নকৰাৰ বাবেই তেওঁ এইদৰে প্ৰতিযোগিতাখনৰ পৰা আঁতৰত থাকে।

অৱশ্যে, ফ্ৰেন্স অপেনত অংশগ্ৰহণৰ বাবে আশাৰে বাট চাই আছে বুলি উল্লেখ কৰে তেওঁ। সোমবাৰে তেওঁৰ পিতৃৰ নামত আয়োজিত ক্ৰিকেট টুৰ্ণামেণ্ট এখনৰ উদ্বোধনী অনুষ্ঠানত অংশ লৈ এই কথা ব্যক্ত কৰে অলিম্পিকৰ ব্ৰঞ্জ বিজয়ী খেলুৱৈজনে।

ইপিনে, অহা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত প্ৰফেছনেল টেনিছলৈ পুনৰ প্ৰত্যাৱৰ্তনৰ কথা ঘোষণা কৰিছে ছানিয়া মিৰ্জাই। ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ পিছত সম্প্ৰতি ডুবাইত অনুশীলনত ব্যস্ত হৈ আছে ছানিয়া।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments