য়ৰ্কাৰ কিং লাচিথ মালিংগাৰ সকলো শ্ৰেণীৰ ক্ৰিকেটৰ পৰা অৱসৰ

অলিম্পিয়া প্রতিবেদন

য়ৰ্কাৰৰ ৰজা তেওঁ। বেটছমেনৰ মূৰৰ কামোৰণি। বিশ্ব ক্ৰিকেটৰ এসময়ৰ ত্ৰাসসৃষ্টিকাৰী বলাৰজন কোন বুলিলে সাধাৰণতেই মনলৈ আহিছিল তেওঁৰ নাম। মংগলবাৰে তেওঁ সকলো শ্ৰেণীৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। হয়, এতিয়াৰে পৰা ক্ৰিকেট ফিল্ডত দেখা পোৱা নাযাব বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বলাৰ লাচিথ মালিংগাক। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা তেওঁৰ বিদায়ৰ লগে লগে অৱসান ঘটিল এটা বৰ্ণিল পৰিক্ৰমাৰ। তেওঁ আছিল ডেথ বলিঙৰ অঘোষিত সম্ৰাট আছিল। টি-টুৱেন্টিৰ দৰে ক্ৰিকেটৰ অত্যন্ত বেগী ফৰ্মেটতো তেওঁৰ প্ৰদৰ্শন ঈর্ষণীয় আছিল। আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত তেওঁ কেৱল টি- টুৱেন্টিতে দখল কৰিছে ১০৭ টাকৈ উইকেট। সকলো শ্ৰেণীৰ ক্ৰিকেটত তেওঁ লাভ কৰা উইকেটৰ পৰিমাণ ৫৪৬ টা।

২০১৪ চনত তেওঁৰ নেতৃত্বতেই শ্ৰীলংকাই দখল কৰিবলৈ সক্ষম হৈছিল টি-টুৱেন্টি বিশ্বকাপৰ খিতাপ। টি-টুৱেন্টি বিশ্বকাপ আৰু এদিনীয়া বিশ্বকাপ উভয়তে তেওঁৰ প্ৰদৰ্শন আছিল অদমনীয়। টি-টুৱেন্টি বিশ্বকাপত তেওঁ দ্বিতীয় সৰ্বাধিক উইকেট দখল কৰাৰ বিপৰীতে এদিনীয়া বিশ্বকাপতো তেওঁ ৫৬ টাকৈ উইকেট দখল কৰি উইকেট দখলকাৰীৰ তালিকাত তৃতীয় স্থান লাভ কৰিছে।

মালিংগাৰ অৱসৰৰ পিছতেই তেওঁৰ এসময়ৰ সতীৰ্থ কুমাৰ ছাংগাকাৰা, মাহেলা জয়বৰ্ধনে তেওঁক অৱসৰী জীৱনলৈ শুভেচ্ছা জনাইছে। সুঁৱৰিছে তেওঁলোকে প্ৰবাদ প্ৰতীম ক্ৰিকেটাৰগৰাকীৰ অৱদানৰ কথা। স্বীকাৰ কৰিছে মালিংগাৰ শ্ৰীলংকা তথা বিশ্ব ক্ৰিকেটলৈ থকা অৰিহণাৰ কথা।

Leave a Reply

Your email address will not be published. Required fields are marked *