Friday, September 30, 2022
HomeNewsৰাজ্যত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হবলৈ আগবঢ়া ৰোল বল লীগৰ ল'গ' মুকলি...

ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হবলৈ আগবঢ়া ৰোল বল লীগৰ ল’গ’ মুকলি হ’ব কালিলৈ

১৫ এপ্ৰিলৰ পৰা ১৮ এপ্ৰিললৈ অসমত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় চাব জুনিয়ৰ ৰোল বল লীগ। প্ৰতিযোগিতাখনক কেন্দ্ৰ কৰি ইতিমধ্যে আয়োজক সকলে এক ল’গ তৈয়াৰ কৰি উলিয়াইছে। কালিলৈ বিয়লি চাৰিবজাত দীঘলী পুখুৰীপাৰত প্ৰতিযোগিতাখনৰ ল’গ’ আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব। বিয়লি চাৰি বজাত অনুষ্ঠিত হ’বলগীয়া ল’গ’ মুকলি অনুষ্ঠানত আন্তৰ্জাতিক খ্যাতিসম্পন্ন সতোঁৰবিদ এলভিচ আলী হাজৰিকা, বৰ্ষীয়ান ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মাৰ উপৰিও বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। উল্লেখ্য যে ৰাজ্যত পোন প্ৰথমবাৰৰ অনুষ্ঠিত হবলৈ আগবাঢ়িছে ৰোল বল লীগ। এই প্ৰতিযোগিতাখনত মুঠ ৬ টা দলে অংশগ্ৰহণ কৰিব। প্ৰতিটো দলতে থাকিব ১১ জনকৈ সদস্য। প্ৰতিটো দলত ৫-৬ জনকৈ স্থানীয় খেলুৱৈ থকাটো বাঞ্চনীয়। ছটা দলৰ বাবে ছজন প্ৰশিক্ষক থকাৰ উপৰি প্ৰতিযোগিতাখন চলাবলৈ ১জন টেকনিকেল ডাইৰেক্টৰ, ৰোল বল ফেডাৰেচন অৱ ইণ্ডিয়াৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এজন চীফ ৰেফাৰী আৰু ৩ জন ৰেফাৰী থাকিব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

8 + five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments