Tuesday, October 4, 2022
HomeNewsআৰু মাত্ৰ এখোজ; অলিম্পিকলৈ লাভলীনা

আৰু মাত্ৰ এখোজ; অলিম্পিকলৈ লাভলীনা

আৰু মাত্ৰ এখোজ। মাত্ৰ এটা খোজ সফলতাৰে আগুৱাব পাৰিলেই অসম কন্যা লাভলীনা বৰগোঁহাইৰ অলিম্পিক যাত্ৰা নিশ্চিত। মাত্ৰ এখন মেচত জয় হলেই সৃষ্টি হ’ব এক ইতিহাস। জানিবলৈ সম্পূৰ্ণকৈ চাওক এই প্ৰতিবেদন।

আৰু মাত্ৰ এটা খোজ। মাত্ৰ এখন মেচত এগৰাকী প্ৰতিদ্বন্দীক পৰাস্ত কৰিব পাৰিলেই অলিম্পিক যাত্ৰাত কোনেও বাধা প্ৰদান কৰিব নোৱাৰে অসম কন্যা লাভলীনা বৰগোঁহাইক।

হয়, অলিম্পিক আৰু লাভলীনাৰ মাজত এতিয়া ব্যৱধান মাত্ৰ এখন মেচ। জৰ্ডানৰ আস্মানত অনুষ্ঠিত হৈ থকা অলিম্পিক কোৱালিফায়িং বক্সিং টুৰ্ণামেণ্টৰ মাত্ৰ এখন মেচ জয় লাভ কৰিব পাৰিলেই অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰিব পাৰিব অসম কন্যা লাভলীনা বৰগোঁহায়ে‌।

জৰ্ডানৰ আস্মানত চলি থকা অলিম্পিক কোৱালিফায়িং বক্সিং প্ৰতিযোগিতাখনত ছেমি ফাইনেলত প্ৰবেশ কৰা প্ৰতিগৰাকী বক্সাৰেই অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিব।

প্ৰতিযোগিতাখনৰ সূচী অনুসৰি লাভলীনাৰ প্ৰথম মেচখনেই কোৱাৰ্টাৰ ফাইনেল। গতিকে প্ৰতিযোগিতাখনত লাভলীনাই প্ৰথম মেচ খনত অৰ্থাৎ কোৱাৰ্টাৰ ফাইনেলত বিজয় সাব্যস্ত কৰিব পাৰিলেই অলিম্পিক যাত্ৰা নিশ্চিত হ’ব লাভলীনাৰ।

অলিম্পিক কোৱালিফায়িং প্ৰতিযোগিতাখনৰ সূচী অনুসৰি ৮ মাৰ্চত অনুষ্ঠিত হ’ব লাভলীনাৰ মেচ। জৰ্ডানৰ স্থানীয় সময় অনুসৰি ৮ঃ২৫ মিনিটৰ পৰা আৰম্ভ হ’ব এই মেচ।

উল্লেখ্য যে এতিয়ালৈকে কোনো অসমীয়া মহিলা বক্সাৰে অলিম্পিক প্ৰতিযোগিতাত ভাগ লবলৈ সক্ষম হোৱা নাই। জৰ্ডানত অনুষ্ঠিত হৈ থকা অলিম্পিক কোৱালিফায়িং বক্সিং প্ৰতিযোগিতাখনৰ প্ৰথম মেচখনত জয় লাভ কৰিলেই লাভলীনা এই সন্মানৰো অধিকাৰী হ’ব।

প্ৰতিযোগিতাখনৰ প্ৰাক মুহূৰ্তত https://olympiasports.in/ৰ তৰফৰ পৰা লাভলীনালৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি আশা কৰোঁ লাভলীনাই প্ৰতিযোগিতাখনত বিজয় সাব্যস্ত কৰি অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰাই নহয় পদক জয় কৰিও অসম তথা ভাৰতক গৌৰৱাম্বিত কৰি তোলক।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

nine + nine =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments