অলিম্পিয়া প্রতিবেদন
টকিঅ’ত ইতিহাস ৰচিলে অসম কন্যা লাভলীনাই। অলিম্পিক পদক নিশ্চিত হ’ল অসম জীয়ৰীৰ। চাইনীজ টাইপেইৰ কঠিন প্ৰতিদ্বন্দী চেন নিয়েন চিনক ব্যৱধানত পৰাস্ত কৰি অসমৰ ক্রীড়াক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিলে লাভলীনাই। ইয়াৰ লগে লগে অলিম্পিকত অসমৰ হৈ প্ৰথম পদক লাভ কৰাৰ এক অভূতপূৰ্ব সাফল্য লাভ কৰিলে লাভলীনাই।