Tuesday, October 4, 2022
HomeNewsবিশ্ব ৰেংকিঙত তৃতীয় স্থান লাভ কৰাৰ পিছত লাভলীনাৰ প্ৰতিক্ৰিয়া

বিশ্ব ৰেংকিঙত তৃতীয় স্থান লাভ কৰাৰ পিছত লাভলীনাৰ প্ৰতিক্ৰিয়া

অসমৰ তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁইয়ে বিশ্ব ৰেংকিঙত তৃতীয় স্থান দখল কৰি পুনৰবাৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। টকিঅ’ অলিম্পিকলৈ মাজত মাত্ৰ কেইদিনমান থকা অৱস্থাত লাভ কৰা এই সাফল্যই বক্সাৰগৰাকীক উৎসাহিত কৰি তুলিছে।

olympiasports.inৰে হোৱা টেলিফোনিক বাৰ্তালাপত অসমৰ তাৰকা বক্সাৰ গৰাকীয়ে কয়, ” খবৰটো পাই মই যথেষ্ট সুখী। ভাৰতৰ মহিলা খেলুৱৈসকলৰ ভিতৰত এইটো ৰেংকিঙত সৰ্বোচ্চ স্থান। আগন্তুক অলিম্পিক কোৱালিফায়াৰত এই ৰেংকিং প্ৰাপ্তিয়ে বিশেষভাৱে সহায় কৰিব। মোৰ বৰ্তমান লক্ষ্য অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা।” উল্লেখযোগ্য যে ৬৯ কেজিৰ ওজন শাখাত ২৫০ পইণ্ট লাভ কৰি গোলাঘাটৰ কন্যা লাভলীনাই এই কৃতিত্ব অৰ্জন কৰিছে। লাভলীনাৰ সমুখত এতিয়া আছে ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব লগা অলিম্পিক কোৱালিফায়াৰ মেচসমূহ। সেই মেচত উন্নত প্ৰদৰ্শন দাঙি ধৰিব পাৰিলে লাভলীনা টকিঅ’ অলিম্পিকৰ বাবে নিৰ্বাচিত হ’ব।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

5 × 4 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments