Thursday, July 7, 2022
HomeNewsক'ভিডক পৰাস্ত কৰিলে অসম কন্যা লাভলীনাই

ক’ভিডক পৰাস্ত কৰিলে অসম কন্যা লাভলীনাই

অলিম্পিয়া প্ৰতিবেদন

ক’ভিড-১৯ মহামাৰীৰ পৰা মুক্তি লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় বক্সাৰ লাভলীনা বৰগোঁহাইয়ে। ১৬ অক্টোবৰত বক্সাৰগৰাকীৰ দেহত ধৰা পৰিছিল ক’ভিড মহামাৰীৰ অৱস্থিতি। উন্নত প্ৰশিক্ষণৰ বাবে বিদেশলৈ ৰাওনা হ’বলগীয়া ভাৰতীয় দলৰ সৈতে লাভলীনাও আছিল যদিও অন্তিম সময়ত ক’ভিড-১৯ ৰ উপস্থিতি ধৰা পৰাত সেই যাত্ৰা বাতিল হয় বক্সাৰগৰাকীৰ। লগে লগে বক্সাৰগৰাকী দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অৱশ্যে ক’ভিডত আক্ৰান্ত হ’লেও লাভলীনাৰ দেহত নাছিল কোনো উপসৰ্গ।

প্ৰায় ৯ দিন চিকিৎসালয়ত কটোৱাৰ পিছত ২৪ তাৰিখে চিকিৎসালয় ত্যাগ কৰে লাভলীনাই। ২০২১ ৰ টকীঅ’ অলিম্পিকত স্থান লাভ কৰা তাৰকা বক্সাৰগৰাকী বৰ্তমান সম্পূৰ্ণ সুস্থ। পুনৰ অনুশীলন ক্ষেত্ৰত নামি পৰিছে লাভলীনা। সেই ভিডিঅ’ তেওঁ আপলোড কৰিছে ইনষ্টাগ্ৰামতো।

https://www.instagram.com/p/CG5QRvEh71T/?igshid=1vzw9tbwizqbg

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

seventeen + two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments