Wednesday, October 5, 2022
HomeNewsসুদীৰ্ঘ ৬ মাহৰ মূৰত অনুশীলন শিবিৰলৈ যাব লাভলীনা, আছুৱে বান্ধি দিলে ককালত...

সুদীৰ্ঘ ৬ মাহৰ মূৰত অনুশীলন শিবিৰলৈ যাব লাভলীনা, আছুৱে বান্ধি দিলে ককালত টঙালি

অলিম্পিয়াৰ প্ৰতিবেদন

সকলো ঠিকেই থকা হ’লে চলিত বৰ্ষতেই টকিঅ’ অলিম্পিকৰ মঞ্চত দেখিবলৈ পোৱা গ’ল হয় অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰৰ ৰূপত লাভলীনা বৰগোঁহাইক। কৰ’না মহামাৰীয়ে সমগ্ৰ বিশ্বজুৰি চলোৱা সন্ত্ৰাসৰ বাবেই প্ৰথমবাৰৰ বাবে এবছৰলৈ পিছুৱাই দিবলগীয়া হ’ল অলিম্পিক প্ৰতিযোগিতা। কেৱল প্ৰতিযোগিতাই যে পিছুৱাই দিবলগীয়া হৈছে তেনে নহয়, কৰ’নাৰ বাবে বিগত ৬ মাহেই ক্ৰীড়া জগতৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে ক্ৰীড়াবিদসকল। ব্যতিক্ৰম নহয় লাভলীনাও। অলিম্পিক যোগ্যতা অৰ্জনকাৰী বক্সাৰগৰাকীয়ে প্ৰায় ৬মাহ গোলাঘাটৰ বাৰমুখীয়া গাঁৱতেই পাৰ কৰিলে সময়। ঘৰতেই নিজাববীয়াকৈ কৰিলে অনুশীলন। সময় উলিয়াই পঢ়িলে প্ৰিয় ঔপন্যাসিকৰ প্ৰিয় উপন্যাস, বাৰিষা কৰিলে খেতি, ধৰিলে মাছ। সুদীৰ্ঘ ৬ মাহৰ মূৰত এতিয়া লাহে লাহে খুলিছে সকলো। সেয়ে গোলাঘাটৰ বাৰমুখীয়া গা‍ঁৱৰ পৰা পাটিয়ালালৈ যাবলৈ সাজু হৈছে লাভলীনা।

১৯ আগষ্টত পাটিয়ালাস্থিত অনুশীলন শিবিৰত যোগ দিবগৈ লাভলীনাই। হয়তো একেবাৰে ২০২১ চনৰ অলিম্পিকৰ শেষত হে নিজ ঘৰলৈ উলটিব লাভলীনা। সেয়ে সদৌ অসম ছাত্ৰ সন্থাই লাভলীনা বৰগোঁহাইক অনুশীলন শিবিৰলৈ যোৱাৰ প্ৰাকমুহূৰ্তত বাৰমুখীয়াৰ নিজ ঘৰতেই গৈ শুভেচ্ছা জনালে। ধনশিৰি মহকুমা ছাত্র সন্থাই এক বাইক ৰেলীৰে গৈ লাভলীনাৰ ঘৰত উপস্থিত হৈ টকিঅ’ অলিম্পিকৰ বাবে শুভেচ্ছা জনালে। লগতে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰাজু ফুকনে লাভলীনাৰ ককালত এখন টঙালি বান্ধি দি যুঁজিবলৈ প্ৰেৰণা জনাই। সকলোৰে আশা লাভলীনাৰ এই অলিম্পিক যাত্ৰা সফল হ‌ওক।

সদৌ অসম ছাত্ৰ সন্থাৰ এই উদ্যোগক ধন্যবাদ জনাই লাভলীনাই সকলোকে প্ৰতিশ্ৰুতি দিয়ে যে অলিম্পিকত তেওঁ পদক দখল কৰিব‌ই।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three − two =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments