Tuesday, July 5, 2022
HomeNewsগোলাঘাটৰ বাৰমুখীয়াৰ পৰা টকিঅ'লৈ :লাভলীনাৰ স্বপ্নিল অলিম্পিক যাত্ৰাৰ কাহিনী

গোলাঘাটৰ বাৰমুখীয়াৰ পৰা টকিঅ’লৈ :লাভলীনাৰ স্বপ্নিল অলিম্পিক যাত্ৰাৰ কাহিনী

……. যি সপোন কেইদিনমান আগতে অসমবাসীক হিমাই দেখুৱাইছিল, অলিম্পিক যাত্ৰাৰ সেই সপোন হিমাই নহয়, কোনো হৈ হাল্লা নোহোৱাকৈ সংগোপনে সেই সপোনক সাকাৰ ৰূপ দিলে গোলাঘাটৰ বৰমুখীয়া গাঁৱৰ জীয়ৰী লাভলীনাই। গোলাঘাটৰ বাৰমুখীয়া গাঁৱৰ ধূলি বালি শিৰত লৈ ডাঙৰ হোৱা লাভলীনা আজি দেশৰ এগৰাকী আগশাৰীৰ বক্সাৰ। সমগ্ৰ দেশে গৌৰৱ কৰে আজি টিকেন বৰগোঁহাই আৰু মামণি বৰগোঁহাইৰ জীয়ৰী লাভলীনাক লৈ।

✍️ পূৰ্ণানন্দ নেওগ

প্রতিটো সাক্ষাৎকাৰতে লাভলীনাক ভৱিষ্যত সপোনৰ কথা সুধিলে এটাই উত্তৰ লাভ কৰা যায়। উত্তৰত অলিম্পিকত দেশৰ হৈ প্ৰতিনিধিত্ব কৰাৰ সপোনৰ কথা দৃঢ়তাৰে দোহাৰে লাভলীনাই। ৮ মাৰ্চত জৰ্ডানৰ অমান চহৰত চলি আছিল এছিয়ান কোৱালিফায়াৰৰ মেচসমূহ। ইয়াৰ পৰাই এছিয়া মহাদেশৰ বক্সিং তাৰকাসকল নিৰ্বাচিত হ’ব টকিঅ’ত অনুষ্ঠিত হ’ব লগীয়া আগন্তুক অলিম্পিকলৈ। প্ৰতিযোগিতাখনৰ ওপৰত অসমবাসীৰ দৃষ্টি নিৱদ্ধ আছিল। ইতিমধ্যে ৰাজ্যখনৰ তাৰকা এথলিট হিমাৰ নাম অলিম্পিক দৌৰৰ পৰা বাহিৰ হোৱাৰ উপক্ৰম হোৱাৰ পৰিপ্ৰেক্ষিতত সকলোৰে আশা দৃষ্টি আছিল লাভলীনাৰ ওপৰত। দুবাৰকৈ বিশ্ব চেম্পিয়নশ্বিপৰ পদক বিজয়ী লাভলীনাই ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন আগবঢ়াই আহিছে। মেৰীকমৰ উত্তৰসূৰী হিচাবে সকলোৰে মনত বিশ্বাস জন্মাবলৈ সক্ষম হৈছিল লাভলীনাই। তাৰ বাবেই ৮ মাৰ্চ দিনটোলৈ ৰাজ্যৰ ক্ৰীড়াপ্ৰেমী অধীৰ আগ্ৰহেৰে ৰৈ আছিল।

অৱশ্যে লাভলীনাক লৈ বৰ বেছি হৈ চৈ হোৱা নাছিল। ৰাজ্যত হিমা দাসৰ দৌৰক লৈ সাধাৰণতে যি হৈ চৈৰ সৃষ্টি হয় তেনে পৰিৱেশে বিৰাজ কৰা নাছিল লাভলীনাৰ ক্ষেত্ৰত। ই আছিল লাভলীনাৰ বাবে ‘Blessing in disguise’। এক অনাহুত চাপৰ পৰা মুক্ত হৈ থাকিব পাৰিছিল লাভলীনা। মুক্তমনে বক্সিং ৰিঙত নিজৰ সহজাত প্ৰদৰ্শন কৰাত ই সহায়ক হৈছিল।

সময় তেতিয়া নিশা ন বাজি ১৫ মিনিটত জৰ্ডানত খেল আৰম্ভ হৈছিল। অযুত অলেখ সপোন লৈ লাভলীনা বক্সিং ৰিঙত নামিছিল। কেইটামান শাসৰুদ্ধকাৰী মুহূৰ্ত পাৰ হৈ গৈছিল। তাৰ পাছত বাজিছিল ৰেফাৰীৰ হুইছেল। কিছু মুহুৰ্তৰ অপেক্ষাৰ অন্তত প্ৰত্যাশিতভাৱেই নীলা জাৰ্চিৰ লাভলীনাৰ হাতখন দাঙি ধৰিছিল ৰেফাৰীয়ে। সৃষ্টি হৈছিল এক বৰ্ণিল ইতিহাস। অথচ এইমাত্ৰ কি ঘটি গ’ল তাৰ একো উৱাদিহ পোৱা নাছিল লাভলীনাই। কিছু সময় আগতে যে লাভলীনাই সৰুৰে পৰা পুহি ৰখা অলিম্পিকৰ সপোনটোৱে বাস্তৱ ৰূপ পালে সেই কথা মুহূৰ্তলৈ যেন পাহৰিয়েই পেলাইছিল বক্সাৰ গৰাকীয়ে। ঘৰৰ পৰা যেতিয়া দেউতাকে ভিডিঅ’ কল কৰি দেখুৱালে কেনেদৰে বৰমুখীয়া গাৱঁৰ ওচৰ চুবুৰীয়া আহি চোতাল ভৰি পৰিছেহি, কেনেদৰে সকলো উৎফুল্লিত হৈ পৰিছে, গৌৰৱত সকলোৰে বুকু উথলি উঠিছে। তেতিয়াহে প্ৰথমবাৰৰ বাবে অনুভৱ হ’ল লাভলীনাৰ যে তাই কিবা এটা ডাঙৰ কাম কৰি পেলালে। অনুভৱ কৰিলে হয়, তাইও অলিম্পিকৰ মজিয়াত ভৰি দিব। অলিম্পিকত পদক জিনাৰ বাটত আৰু এঢাপ আগুৱালে তাই। দুগালেৰে দুধাৰি চকুলো বৈ আহিল লাভলীনাৰ।

এনেদৰেই যি সপোন কেইদিনমান আগতে অসমবাসীক হিমাই দেখুৱাইছিল, অলিম্পিক যাত্ৰাৰ সেই সপোন হিমাই নহয়, কোনো হৈ হাল্লা নোহোৱাকৈ সংগোপনে সেই সপোনক সাকাৰ ৰূপ দিলে গোলাঘাটৰ বাৰমুখীয়া গাঁৱৰ জীয়ৰী লাভলীনাই। গোলাঘাটৰ বাৰমুখীয়া গাঁৱৰ ধূলি বালি শিৰত লৈ ডাঙৰ হোৱা লাভলীনা আজি দেশৰ এগৰাকী আগশাৰীৰ বক্সাৰ। সমগ্ৰ দেশে গৌৰৱ কৰে আজি টিকেন বৰগোঁহাই আৰু মামণি বৰগোঁহাইৰ জীয়ৰী লাভলীনাক লৈ। এগৰাকী সম্পৰ্কীয় বায়েকে মাৰ্চিয়েল আৰ্ট মুৱাথাইত নামভৰ্তি কৰি দিছিল লাভলীনাক।সেয়া আছিল ২০১১ চনৰ কথা। মুৱাথাইত দেখুৱাইছিল পাৰদৰ্শিতা কিশোৰী লাভলীনাই। তাৰ পিছত বক্সিঙৰ পথাৰত ভৰি দিয়া লাভলীনাই ২০১২ চনৰ জুলাইত অনুষ্ঠিত প্ৰথম ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ বক্সিং প্ৰতিযোগিতাত ভাগ লৈ সোণৰ পদক জয় কৰিছিল। সেয়াই আৰম্ভণি। আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাই। বিশ্ব বক্সিং চেম্পিয়নশ্বিপত দুবাৰকৈ ব্ৰঞ্জ পদক দখল কৰিবলৈ সক্ষম হোৱা সেই লাভলীনাই এতিয়া অসমবাসীৰ আশা বুকুত সাৱটি লিখিব ওলাইছে এক নতুন ইতিহাস। অনাগত সময়ত লাভলীনা উজলি উঠক। গ্লেমাৰৰ দুনীয়াখনৰ পৰা নিজকে বচাই ৰাখি চৰম লক্ষ্যত উপনীত হওঁক। সকলো শুভাকাংক্ষীৰ দৰেই আমাৰো সেয়াই কামনা। অলিম্পিয়াৰ পৰা লাভলীনালৈ আগন্তুক অলিম্পিক যাত্ৰাৰ বাবে অলেখ শুভকামনা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

2 × 1 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Archives list

Recent Comments