Wednesday, September 28, 2022
HomeNewsঅলিম্পিকত পদক জয়ৰ পিছতেই আৰম্ভ হ'ল লাভলীনাৰ গাঁৱৰ পথ নির্মাণৰ কাম

অলিম্পিকত পদক জয়ৰ পিছতেই আৰম্ভ হ’ল লাভলীনাৰ গাঁৱৰ পথ নির্মাণৰ কাম

অলিম্পিয়া প্রতিবেদন

অলিম্পিকত লাভলীনাৰ পদক জয় নিশ্চিত হোৱাৰ পিছতেই বক্সাৰগৰাকীৰ গৃহভূমি বাৰমুখীয়ালৈ আহিছে এক সুখবৰ। বাৰমুখীয়াৰ জীয়ৰীয়ে পদক জয় কৰাৰ বাহিৰেও আন এক বিশেষ কাৰণত এতিয়া গাঁওবাসী উৎফুল্লিত হৈ পৰিছে।

শুক্ৰবাৰে টকিঅ’ অলিম্পিকত চাইনীজ টাইপেইৰ প্ৰতিপক্ষক পৰাস্ত কৰি গোলাঘাটৰ জীয়ৰী লাভলীনাই ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ পিছতে এতিয়া লাভলীনাৰ ঘৰলৈ যোৱা জৰাজীৰ্ণ পথছোৱাৰ মেৰামতিৰ কাম আৰম্ভ কৰা হৈছে। সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকনে এই কথা ঘোষণা কৰিছে সামাজিক মাধ্যমৰ জৰিয়তে।

https://m.facebook.com/story.php?story_fbid=2916287221969033&id=100007633517886

তেওঁ ফেচবুকত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত স্পষ্ট ৰূপত ফুটি উঠিছে পথটোৰ দুৰৱস্থাৰ ছবিখন। বৰপথাৰৰ পৰা লাভলীনাৰ গাঁও বাৰমুখীয়াকলৈ যোৱা পথটো ইমানদিনে অৱহেলিত হৈ আছিল যদিও লাভলীনাই অলিম্পিকত দেখুওৱা প্ৰদৰ্শনৰ পিছতেই এতিয়া এনেদৰে চৰকাৰ প্ৰশাসনৰ গা লৰাৰ কথাই একাংশক যথেষ্ট আমোদ দিছে। বহুতেই সামাজিক মাধ্যমত ভিতৰুৱা অঞ্চলবোৰৰ উন্নয়নৰ বাবে সেই অঞ্চলৰ যুৱক যুৱতীয়ে অলিম্পিকত পদক জয় কৰাটো জৰুৰী নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

twelve + 6 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments