Tuesday, October 4, 2022
HomeNewsবি বি চিৰ বৰ্ষশ্ৰেষ্ঠ মহিলা ক্ৰীড়াবিদ বঁটাৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ :৫ জনীয়া...

বি বি চিৰ বৰ্ষশ্ৰেষ্ঠ মহিলা ক্ৰীড়াবিদ বঁটাৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ :৫ জনীয়া তালিকাত অসম কন্যা লাভলীনা

অলিম্পিয়া প্ৰতিবেদন

ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পৰেচন চমুকৈ বি বি চিয়ে ভাৰতৰ বৰ্ষশ্ৰেষ্ঠ মহিলা ক্ৰীড়াবিদ বঁটাৰ বাবে মনোনিতসকলৰ নাম ঘোষণা কৰিছে । তৃতীয় বাৰৰ বাবে দিব লগা এই সন্মানীয় বঁটাৰ বাবে ভোটদান প্ৰক্ৰিয়া ৮ ফেব্ৰুৱাৰী মঙ্গলবাৰে আৰম্ভ হৈছে । ক্ৰীড়া সাংবাদিক , বিশেষজ্ঞ আৰু ক্ৰীড়া লেখকৰ দ্বাৰা গঠিত জুৰীয়ে দেশৰ ৫ গৰাকী মহিলা ক্ৰীড়াবিদক মনোনিত কৰিছে । তেওঁলোক হ’ল– গল্ফাৰ আদিতি অশোক, পেৰা শ্বুটাৰ অৱনি লেখাৰা, বক্সাৰ তথা অসম কন্যা লাভলীনা বৰগোহাঞি, শ্বাটলাৰ পি ভি সিন্ধু আৰু ভাৰোত্তোলক ছাইখম মীৰাবাঈ চানু । অনলাইন ভোটিং প্ৰক্ৰিয়া অহা ২৮ ফেব্ৰুৱাৰী নিশা ভাৰতীয় সময়মতে ১১.৩০ বজালৈ খোলা থাকিব । ২৮ মাৰ্চত দিল্লীৰ এক বঁটা বিতৰণী অনুষ্ঠানত বিজয়ী গৰাকীৰ নাম ঘোষণা কৰা হ’ব । বঁটা প্ৰদান অনুষ্ঠানত এগৰাকী কিংবদন্তী মহিলা ক্ৰীড়াবিদক বি বি চিৰ জীৱনজোৰা সাফল্য বঁটা আৰু এগৰাকী নতুন মহিলা খেলুৱৈক বি বি চিৰ বছৰটোৰ উদীয়মান খেলুৱৈ হিচাপে সন্মানিত কৰা হ’ব । বিগত বৰ্ষত জীৱনজোৰা সাফল্যৰ বঁটা লাভ কৰিছিল মহিলা এথলীট অঞ্জু ববী জৰ্জে । উল্লেখ্য যে টকিঅ অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰা লাভলীনা বৰগোহাঞিয়ে কয় , ” আমি মহিলা বা ছোৱালী হোৱাৰ কাৰণে একো কৰিব নোৱাৰিম বুলি ভবা উচিত নহয় । আমি মহিলাই সকলো কাম কৰিব পাৰোঁ, কাৰণ আমি সমান ।” বি বি চি ৱৰ্ল্ড নিউজে মনোনয়ন লাভ কৰা সকলো খেলুৱৈক সামৰি ১৯ ফেব্ৰুৱাৰী শনিবাৰে নিশা ১১ বজাত , ২০ ফেব্ৰুৱাৰী পুৱা ১০ আৰু বিয়লি ৪ বজাত এক ডকুমেন্টৰী সম্প্ৰচাৰ কৰিব ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

ten − eight =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments