Tuesday, October 4, 2022
HomeNews৯১ লাখ টকাত নিলাম লাভলীনাৰ অলিম্পিক পদক বিজয়ী গ্ল'ভছ

৯১ লাখ টকাত নিলাম লাভলীনাৰ অলিম্পিক পদক বিজয়ী গ্ল’ভছ

অলিম্পিয়া প্ৰতিবেদন

লাভলীনাৰ এযোৰ গ্ল’ভছ। নিলামত দৰ উঠিল ৯১ লাখ টকালৈ। অলিম্পিকৰ পদক জয়ত ব্যৱহাৰ হৈছিল সেই গ্ল’ভছ। অন্ত পৰিল কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন উপহাৰ সামগ্ৰীৰ নিলাম প্ৰক্ৰিয়া।

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আয়োজিত ২০ দিনীয়া এই নিলাম প্ৰক্ৰিয়াত বিক্ৰী কৰা হ’ল বিভিন্ন সময়ত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীলৈ আগবঢ়োৱা উপহাৰসমূহ। নিলাম কৰা হ’ল অলিম্পিক তথা পেৰালিম্পিকত দেশৰ হৈ পদক কঢ়িয়াই অনা খেলুৱৈসকলে আগবঢ়োৱা বিভিন্ন ক্ৰীড়া সামগ্ৰীসমূহো।

এই নিলাম প্ৰক্ৰিয়াতে অসমৰ তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাইৰ অলিম্পিক ব্ৰঞ্জ বিজয়ী বক্সিং গ্ল’ভছযোৰো নিলাম হয় ৯১ লাখ টকাত। লাভলীনাৰ গ্ল’ভছযোৰৰ প্ৰাৰম্ভিক মূল্য আছিল ৮০ লাখ টকা। আনহাতে, অলিম্পিকৰ স্বৰ্ণজয়ী এথলিট নীৰজ চোপ্ৰাৰ জেভলিন পাটে লাভ কৰে সৰ্বাধিক মূল্য। তেওঁৰ জেভলিন পাটে লাভ কৰে ডেৰ কোটি টকা। পেৰালিম্পিকত স্বৰ্ণ অর্জন কৰা আন এগৰাকী এথলিট সুমিত অন্টিলৰ জেভলিন পাটেও লাভ কৰে ১.২ কোটি টকা।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

19 − 17 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments