অলিম্পিয়া প্রতিবেদন
অসম কন্যা লাভলীনাৰ আন এক সাফল্য। এইবাৰ বক্সিং ৰিঙৰ বাহিৰত জিলিকিছে লৌহকন্যা লাভলীনা। বক্সাৰগৰাকীয়ে পৰিধান কৰা গ্লোভচযোৰে সম্প্ৰতি দখল কৰিছে সংবাদ শিৰোনাম। টকিঅ’ অলিম্পিকত যি যোৰ গ্লোভচৰে পদক কঢ়িয়াই আনিছিল, বক্সাৰগৰাকীৰ সেইযোৰ গ্লোভছে চুইছেগৈ এতিয়া আকাশলঙ্ঘী মূল্য। দেশৰ সাংস্কৃতিক মন্ত্ৰণালয়ে আয়োজন কৰা ই নিলাম প্ৰক্ৰিয়াত এনেদৰেই উজলি উঠিছে লাভলীনাৰ পদক বিজয়ী গ্লোভচ। উল্লেখযোগ্য যে, শুক্ৰবাৰৰ পৰা আৰম্ভ হোৱা এই নিলাম প্ৰক্ৰিয়া অহা বিছ দিন ধৰি চলিব। উক্ত নিলামত বিক্ৰী কৰা হ’ব আন আন স্মাৰকৰ লগতে অলিম্পিকত পদক বিজয়ী ক্রীড়াবিদৰ ব্যৱহৃত ক্রীড়া সামগ্ৰীসমূহো। এই ক্রীড়া সামগ্ৰীসমূহ তেওঁলোকে টকিঅ’ৰ পৰা উভতি আহি প্ৰধানমন্ত্ৰীলৈ আগবঢ়াইছিল উপহাৰ স্বৰূপে। নিলাম হ’বলগীয়া ক্রীড়া সামগ্ৰীসমূহৰ ভিতৰত আছে নীৰজ চোপ্ৰাৰ স্বৰ্ণজয়ী জেভলীন, লাভলীনা বৰগোহাঁইৰ ব্ৰঞ্জৰ পদক বিজয়ী বক্সিং গ্লোভচ, ভাৰতীয় মহিলা হকী দলৰ অধিয়ানক ৰাণী ৰামপালৰ হকী ষ্টিক, পি ভি সিন্ধুই ব্ৰঞ্জৰ বিজয়ী মেচত ব্যৱহাৰ কৰা বেডমিণ্টন ৰেকেটৰ লগতে আন আন অলিম্পিক বিজয়ীসকলৰ ক্রীড়া সামগ্ৰীসমূহ।
নিলামৰ দৌৰত অলিম্পিকৰ স্বৰ্ণ জয়ী এথলিট নীৰজ চোপ্ৰাৰ সৈতে সমানে সমানে খোজ দিছে অসম কণ্যা লাভলীনাই। এই পৰ্য্যন্ত নিলামত ১০ কোটি পৰ্যন্ত দৰ উঠিছে লাভলীনাৰ গ্লোভছযোৰৰ। লাভলীনাৰ গ্লোভছযোৰৰ আধাৰ মূল্য নিৰ্ধাৰণ কৰা হৈছিল ৮০ লাখ। লাভলীনাৰ দৰেই সৰ্বাধিক মূল্য লাভ কৰা ক্রীড়া সামগ্ৰীৰ তালিকাত আছে নীৰজ চোপ্ৰাৰ জেভলীন পাত। তেওঁৰ জেভলিন পাতেও এই পৰ্যন্ত ১০ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে। নীৰজৰ জেভলীন পাতৰ আধাৰ মূল্য নিৰ্ধাৰণ কৰা হৈছিল ১ কোটি টকা। ইপিনে এই নিলাম প্ৰক্ৰিয়াত পিছ পৰি ৰোৱা নাই পেৰালিম্পিয়ান চুমিত অন্তিলো। নিলামৰ প্ৰথম দিনটোতে তেওঁৰ পেৰালিম্পিক বিজয়ত ব্যৱহৃত জেভলিন পাতৰ দৰ উঠে ১ কোটি ৮ লাখ টকালৈ। ইপিনে টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ লাভ কৰা বেডমিণ্টন তাৰকা পি ভি সিন্ধুৰ ৰেকেটেও লাভ কৰিছে আকাশলঙ্ঘী দাম। এই পৰ্যন্ত পি ভি সিন্ধুৰ ৰেকেট ডালে লাভ কৰিছে ৯ কোটিতকৈ অধিক টকা। উল্লেখযোগ্য যে, উক্ত নিলামৰ পৰা লাভ কৰা ধনৰাশি আগবঢ়োৱা হ’ব নমামী গংগা প্ৰকল্পলৈ।
অলিম্পিক পদক বিজয়ীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ উপহাৰ স্বৰূপে আগবঢ়োৱা ক্রীড়া সামগ্ৰীসমূহৰ নিলাম কৰাক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ক্রীড়াপ্ৰেমীৰ মাজত। বহুতে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক সমালোচনা কৰিছে। বহুতে অলিম্পিকত ব্যৱহাৰ হোৱা এই ক্রীড়া সামগ্ৰীসমূহ দেশৰ বাবে আপুৰুগীয়া সম্পদ বুলি অভিহিত কৰি এইসমূহৰ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগে বুলিও মন্তব্য কৰিছে। অসমৰো বহু ক্রীড়াপ্ৰেমীৰ একেই আহ্বান। বিশেষকৈ লাভলীনা বৰগোঁহাইয়ে ব্যৱহাৰ কৰা বক্সিং গ্লোভছযোৰ অসম চৰকাৰে ক্ৰয় কৰি তাৰ সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰলৈ আহ্বান জনাইছে ৰাজ্যৰ বহু ক্রীড়াপ্ৰেমীয়ে।