Tuesday, October 4, 2022
HomeNewsনিলামত লাভলীনাৰ গ্লোভছ; নীৰজতকৈ অধিক দাম লাভ কৰিছে এই পৰ্যন্ত

নিলামত লাভলীনাৰ গ্লোভছ; নীৰজতকৈ অধিক দাম লাভ কৰিছে এই পৰ্যন্ত

অলিম্পিয়া প্রতিবেদন

টকিঅ’ অলিম্পিকত পদক লাভ কৰা তেওঁ ভাৰতৰ একমাত্ৰ বক্সাৰ। অসমৰ ক্রীড়া ইতিহাসত প্ৰথমগৰাকী খেলুৱৈ যি অলিম্পিকত লাভ কৰিছে পদক। টকিঅ’ত স্বৰ্ণিল ইতিহাসৰ পাতনি মেলাৰ পিছত এতিয়া সমগ্ৰ দেশতে এটা অতি চিনাকি নাম লাভলীনা। গোলাঘাটৰ বাৰমুখীয়াৰ পৰা গৈ আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে অসমৰ লাভলীনাৰ নাম। সেই লাভলীনা বৰগোঁহাইৰে এযোৰ গ্লোভছে এতিয়া সৃষ্টি কৰিব ওলাইছে ইতিহাস। নিলাম প্ৰক্ৰিয়াত সৰ্বাধিক দৰ উঠিছে লাভলীনাই অলিম্পিকত ব্যৱহাৰ কৰা গ্লোভচযোৰৰ।

উল্লেখযোগ্য যে, অলিম্পিকত পদক জয় কৰি অহাৰ পিছত পদকজয়ী আটাইকেইগৰাকী খেলুৱৈয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিছিল। সাক্ষ্যৎকালত আটায়েই প্ৰধানমন্ত্ৰীলৈ উপহাৰৰ চিন স্বৰূপে আগবঢ়াইছিল অলিম্পিকত তেওঁলোকে ব্যৱহাৰ কৰা খেলৰ সঁজুলি। নীৰজে তেওঁ ব্যৱহাৰ কৰা জেভলিন পাত আগবঢ়োৱাৰ দৰে অসমৰ লাভলীনায়ো প্ৰধানমন্ত্ৰীক উপহাৰ দিছিল অলিম্পিকত ব্ৰঞ্জ জয়ী তেওঁৰ গ্লোভচযোৰ।

শুক্ৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে অলিম্পিয়ানসকলে প্ৰদান কৰা এই ক্রীড়া সঁজুলিসমূহৰ ই-নিলামৰ আয়োজন কৰা হয়। বিছ দিন ধৰি চলিবলগীয়া এই নিলাম প্ৰক্ৰিয়াৰ প্ৰথমটো দিনৰ অন্তত সৰ্বাধিক দৰ উঠা ক্রীড়া সামগ্ৰী বিধেই আছিল লাভলীনাৰ বক্সিং গ্লোভচযোৰ। শুক্ৰবাৰৰ গধূলিলৈ তেওঁৰ বক্সিং গ্লোভচযোৰৰ দৰ উঠে ১ কোটি ৯২ টকা পৰ্যন্ত।

আনহাতে দ্বিতীয় সৰ্বাধিক দৰ উঠা ক্রীড়া সামগ্ৰী বিধ আছিল নীৰজ চোপ্ৰাৰ স্বৰ্ণজয়ী জেভলিন পাত। তেওঁৰ জেভলিন পাতৰ দৰ উঠে ১.৫৫ কোটি টকা পৰ্যন্ত। ইপিনে এই নিলাম প্ৰক্ৰিয়াত পিছ পৰি ৰোৱা নাই পেৰালিম্পিয়ান চুমিত অন্তিলো। তেওঁৰ অলিম্পিক বিজয়ী জেভলিন পাতৰ দৰ উঠে ১ কোটি ৮ লাখ টকালৈ। ভাৰতীয় মহিলা হকী দলৰ অধিনায়ক ৰাণী ৰামপালে ব্যৱহাৰ কৰা ষ্টিকডালৰো এই পৰ্যন্ত দৰ উঠিছে ১ কোটি এশ টকা।

উল্লেখযোগ্য যে, ক্রীড়াবিদসকলৰ এইসমূহ ক্রীড়া সামগ্ৰীৰ পৰা লাভ কৰা ধনৰাশি আগবঢ়োৱা হ’ব নমামী গঙ্গা প্ৰকল্পলৈ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

three × four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments