Friday, September 30, 2022
HomeNewsআৰোগ্য নিধিলৈ লাভলীনাৰ সাহাৰ্য্য, অসমবাসীক কি আহ্বান জনালে বক্সাৰগৰাকীয়ে

আৰোগ্য নিধিলৈ লাভলীনাৰ সাহাৰ্য্য, অসমবাসীক কি আহ্বান জনালে বক্সাৰগৰাকীয়ে

olympiasports.in

টকিঅ’ অলিম্পিকলৈ নিৰ্বাচিত হোৱা অসমৰ তাৰকা বক্সাৰ লাভলীনা বৰগোহাঁইয়ে মুখ্যমন্ত্ৰীৰ আৰোগ্য নিধিলৈ আগবঢ়াইছে ৩৫০০০ টকাৰ সাহাৰ্য্য। যোৱা মাহৰ শেষৰ ভাগত জৰ্ডানত অনুষ্ঠিত এছিয়ান কুৱালিফায়াৰত পদক জিকি অলিম্পিকত নিজৰ নাম সুনিশ্চিত কৰিবলৈ সক্ষম হোৱা বক্সাৰ গৰাকী সম্প্ৰতি গোলাঘাটৰ নিজ বাসগৃহত আছে। ঘৰতে সীমিত সুবিধাৰ মাজেৰে অনুশীলন অব্যাহত ৰখা লাভলীনাই সমগ্ৰ বিশ্বই সন্মুখীন হোৱা এনে এক সন্ধিক্ষণত নিজৰ ৰাজ্যবাসীৰ বাবে থকা দায়িত্ব পালনত পিছ হুহোকা নাই। ইয়াৰ লগতে তেওঁ অলিম্পিয়াৰ জৰিয়তে আগবঢ়োৱা এক বাৰ্তাত অসমবাসীক এই বিপদৰ সময়ত ঘৰতে থাকি কৰ’নাৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বানো জনাইছে। উল্লেখযোগ্য যে ভাৰতৰ বিভিন্ন তাৰকা খেলুৱৈয়ে ৰাষ্ট্ৰই সন্মুখীন এনে বিপদৰ সময়ত যৎপৰোনাস্তি সাহাৰ্য্য আগবঢ়াইছে। অসমৰো হিমা দাস, হৃদয় হাজৰিকা আদিয়ে মুখ্যমন্ত্ৰীৰ আৰোগ্য নিধিলৈ সাহাৰ্য্য আগবঢ়াই ৰাজ্যৰ প্রতি থকা দায়িত্ব নিষ্ঠাৰে পালন কৰিছে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

3 × 5 =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments