Tuesday, October 4, 2022
HomeNewsলকডাউনত কি কি খেতি কৰিলে লাভলীনাই? নতুন প্ৰজন্মলৈ কি বাৰ্তা দিলে আন্তঃৰাষ্ট্ৰীয়...

লকডাউনত কি কি খেতি কৰিলে লাভলীনাই? নতুন প্ৰজন্মলৈ কি বাৰ্তা দিলে আন্তঃৰাষ্ট্ৰীয় বক্সাৰগৰাকীয়ে

অলিম্পিয়া বিশেষ প্ৰতিবদেন

লকডাউনৰ সময়ছোৱাত গোলাঘাটৰ নিজা বাসগৃহত বিভিন্নধৰণে ব্যস্ত থাকিল তাৰকা বক্সাৰ লাভলীনা বৰগোঁহাই। গোলাঘাটৰ বৰমুখীয়া গাঁৱৰ বাসগৃহত বহু দিনৰ মূৰত এক দীৰ্ঘ সময়ৰ বিৰতি কটোৱাৰ সুযোগ লাভ কৰিলে লাভলীনাই। উল্লেখযোগ্য যে দেশত লকডাউন বলৱৎ হোৱাৰ কেইদিনমান আগতে অসমলৈ আহে লাভলীনা।ইটালীত সম্পন্ন হোৱা অলিম্পিক যোগ্যতা নিৰ্ণয়কাৰী মেচেই আছিল তেওঁ অংশ লোৱা অন্তিমখন টুৰ্ণামেণ্ট। ঘৰত লাভলীনাই সম্পূৰ্ণ কৰিলে প্ৰায় পাঁচ মাহ। কিন্তু ঘৰত থাকিলেও অবাবতে সময়বোৰ পাৰ হ’বলৈ দিয়া নাছিল লাভলীনাই। এই দীৰ্ঘ সময়ছোৱাত বক্সিঙৰ অনুশীলনৰ সমান্তৰালকৈ খেতি-বাতিতো মনোনিৱেশ কৰিলে বিশ্বৰ তিনি নম্বৰ ৰেংকিঙৰ বক্সাৰগৰাকীয়ে।

লাভলীনা খেতিপথাৰত নমা দেখি খোদ অসমৰ কৃষিমন্ত্ৰী অতুল বৰা গৈ ওলালগৈ বক্সাৰগৰাকীৰ ঘৰ। বক্সাৰগৰাকীয়ে খেতি-বাতিৰ প্রতি দেখুওৱা আগ্ৰহৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলে কৃষিমন্ত্ৰীগৰাকীয়ে। প্ৰশিক্ষণৰ সমান্তৰালকৈ কৃষি কাৰ্যৰ প্ৰতি দেখুওৱা আগ্ৰহৰ বাবে লাভলীনাক উৎসাহিত কৰিবলৈ কৃষি মন্ত্ৰীগৰাকীয়ে তেওঁলৈ এটা সেউজ গৃহ, পালভেৰাইজাৰ আৰু এখন নাৰ্ছাৰী উপহাৰ দিয়ে। কৃষিমন্ত্ৰী গৰাকীৰ এই উপহাৰ লাভ কৰি আনন্দিত হৈ পৰে লাভলীনা।

কৃষি মন্ত্ৰী অতুল বৰাই লাভলীনাক সাক্ষ্যৎ কৰাৰ মুহূৰ্ত

অলিম্পিয়াৰে হোৱা কথাবাৰ্তাত লাভলীনাই কয়, ” মই সৰুৰে পৰা কৃষিকৰ্মৰ লগত জড়িত। যিহেতু আমাৰ ঘৰত সকলো খেতিয়েই কৰা হয়। এইবাৰ, যিহেতু ঘৰতে থাকিব লগা হ’ল, সেই সুযোগতে খেতি পথাৰত নামিলোঁ। মই খেতিত লগা দেখি চাৰে (অতুল বৰা) ভাল পাইছে। টুইটাৰতো মোক তেওঁ ধন্যবাদ জনাইছে। নাৰ্ছাৰী এখন উপহাৰ দিয়াত ময়ো সুখী হৈছোঁ।”

উল্লেখযোগ্য যে লাভলীনাই ভূঁই ৰোৱা দৃশ্যই খলকনি তুলিছিল ছ’চিয়েল মিডিয়াত। সেই দৃশ্য কৃষি মন্ত্ৰীগৰাকীয়ে টুইটাৰতো শ্বেয়াৰ কৰিছিল। এইদৰেই লাভলীনাই নতুন প্ৰজন্মৰ মাজত এক আদর্শ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।

ভূঁইৰোৱা অৱস্থাত অলিম্পিকলৈ নিৰ্বাচিত বক্সাৰ লাভলীনা

ধান খেতিৰ উপৰিও কি কি কৃষি কৰ্মত ভাগ ল’লে লাভলীনাই?

কেৱল ধান খেতিয়েই নহয়। ঘৰত থকা সময়খিনিত, ভোট জলকীয়া, লাও আৰু তিয়ঁহৰ খেতি কৰিছে লাভলীনাই।

নৱ প্ৰজন্মই কৃষি কৰ্মত ভাগ লোৱা নোলোৱাৰ বিষয়ত কি কয় লাভলীনাই?

নতুন প্রজন্ম পঢ়া-শুনাত আগুৱাই যাবই লাগিব। ইয়াৰ লগতে কৃষি কৰ্মতো নতুন প্ৰজন্মক মনোনিবৱেশ কৰিবলৈ পৰামৰ্শ আগবঢ়াই লাভলীনাই। “বহুতে পঢ়ি শুনিও চাকৰি নাপায়। তেওঁলোকে খেতি বাতি কৰিয়েই ভাল টকা উপাৰ্জন কৰিব পাৰে। খেতি কৰাতো কোনো লাজৰ কথা নহয়। সেয়া এক গৌৰৱৰ কথাহে।” তেওঁ কয়।

কৃষিমন্ত্ৰী অতুল বৰা যোৱাৰ কেইদিনমান পিছতে গোলাঘাটৰ উপায়ুক্তয়ো লাভলীনাৰ বাসগৃহলৈ যায়। উপায়ুক্তগৰাকীয়ে বক্সাৰগৰাকীক বিশ হাজাৰ টকাৰ চেক প্ৰদান কৰাৰ লগতে লাভলীনা বৰগোঁহাইৰ ঘৰলৈ যোৱা বাৰমুখীয়া গাঁৱৰ বাটটো পকী কৰাৰ কথা ঘোষণা কৰে।

ইফালে লাভলীনা পাটিয়ালালৈ ৰাওনা হ’ব অহা ১৫ আগষ্টত। উল্লেখযোগ্য যে পাটিয়ালাত বৰ্তমান অনুষ্ঠিত হৈ আছে অলিম্পিকলৈ নিৰ্বাচিতসকলৰ প্ৰশিক্ষণ শিবিৰ। ইতিমধ্যে ভাৰতৰ প্ৰায় সকলো নিৰ্বাচিত বক্সাৰে এই শিবিৰত অংশ লৈছে। মাৰ্চত ইটালীত অনুষ্ঠিত অলিম্পিক যোগ্যতা নিৰ্ণয়কাৰী মেচত ব্ৰঞ্জৰ পদক দখল কৰি অলিম্পিকত স্থান সুনিশ্চিত কৰিছে অসম কন্যাগৰাকীয়ে। উল্লেখ্য যে লাভলীনা হৈছে অলিম্পিকলৈ নিৰ্বাচিত অসমৰ প্ৰথমগৰাকী খেলুৱৈ।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

five × five =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments