✍️ দেৱজিত ফুকন, সহযোগী অধ্যাপক, ডি.আৰ.কলেজ, গোলাঘাট
এজনী সাধাৰণ ছোৱালীৰ দৰেই জীৱন কটাব বিচাৰে তাই৷ কিন্তু টকিঅ’ অলিম্পিকৰ পাছত যেন সকলো সলনি হৈ গ’ল৷ চৰকাৰী প্ৰট’কল, হাজাৰ হাজাৰ অনুৰাগীয়ে ফটো তুলিবৰ বাবে কৰা হেতা-ওপৰা, ৰাতিপুৱাৰ পৰা মাজনিশালৈকে টেলিভিচন চেনেলসমূহৰ সাক্ষাৎকাৰ, অবিৰতভাৱে চলি থকা সম্বৰ্ধনা এইবোৰৰ মাজত লাভলীনাৰ এতিয়া নিজৰ কাৰণে সামান্যতমো সময় নাই৷ নতুন দিল্লীৰ অশোকা হোটেলৰ ৰূমৰ বাহিৰত ৰৈ থাকে অসংখ্য অনুৰাগী৷ এটাই উদ্দেশ্য, কেনেদৰে লাভলীনাৰ লগত একপি ফটো তুলিব পৰা যায়৷ নিউজ চেনেলবোৰৰ এটাই চেষ্টা, কিদৰে এটা এক্সক্লুছিভ ইণ্টাৰভিউ ল’ব পাৰি৷ লাভলীনাই ঘৰৰ আপোন লোকসকললৈ উপহাৰ কিনিবলৈ যোৱাৰ সময়তো সকলো ঠাইতে একেই অৱস্থা৷ নতুন পৰিবেশটো বহু সময়ত লাভলীনাৰ বাবে যেন অস্বস্তিকৰ হৈ পৰিছে ৷ সেইকাৰণে কালি নতুন দিল্লীৰ লালকিল্লাৰ প্ৰধান মন্ত্ৰীৰ পতাকা উত্তোলনস্থলীৰ পৰা হোটেললৈ ঘূৰি অহাৰ পাছত অকলে এখন অট’ লৈ ওলাই গৈছিল লাভলীনা ৷ উদ্দেশ্য এটাই, নিজৰ লগত অলপ সময় কটোৱা৷ আচলতে পূৰ্বৰে পৰা লাভলীনাই দিনটোৰ কিছু সময় হ’লেও অকলে কটাব বিচাৰে, বিচাৰে নিজৰ সৈতে কথা পাতিবলৈ৷ লাভলীনাৰ দেউতাক টিকেন বৰগোহাঁই আৰু মই অশোকা হোটেলৰ পৰা প্ৰায় তিনিশ মিটাৰ দূৰত থকা অসম হাউছত আছোঁহি৷ দীৰ্ঘদিন ধৰি অসমীয়া থলুৱা খাদ্যৰ পৰা বঞ্চিত হৈ থকা লাভলীনাই কালি নিশা আমাৰ ৰুমলৈ আহি অসম হাউছৰ অসমীয়া ব্যঞ্জনেৰে এসাজ খায়হি৷ লগতে লাভলীনাই ভালপোৱা গাহৰি মাংস৷
বিগত তিনিটা দিন লাভলীনা নতুন দিল্লীত বিভিন্ন চৰকাৰী কাৰ্যসূচীত ব্যস্ত৷ স্বাধীনতা দিৱসৰ প্ৰাক্ নিশা ১৪ আগষ্টত অলিম্পিকৰ পদক বিজয়ীসকলৰ সৈতে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কুবিনে নৈশ আহাৰ গ্ৰহণ কৰে৷ কালিৰ দিনটোতো বহুকেইটা চৰকাৰী কাৰ্যসূচীত অংশ লয়৷ আজি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানত প্ৰধান মন্ত্ৰী লগত পুৱাৰ আহাৰ গ্ৰহণ কৰে লাভলীনাই ৷ প্ৰধান মন্ত্ৰীৰ লগত হোৱা সাক্ষাতৰ সময়ত লাভলীনাই ভাৰতবৰ্ষৰ খেল-ধেমালিৰ জগতখনক বিশেষ গুৰুত্ব দিবৰ কাৰণে অনুৰোধ জনায় আৰু স্কুল পৰ্যায়ৰ পৰাই ক্ৰীড়াক এটা বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিবৰ কাৰণে অনুৰোধ জনায়৷ লগতে আজি লাভলীনাই এজোৰ গ্লোভ্ছ উপহাৰ দিয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৷ আনহাতে টকিঅ’ অলিম্পিকত ৰিঙত নামোতে ব্যৱহাৰ কৰা গ্ল’ভছযোৰৰ এপাত উপহাৰ দিয়ে ইটালীয়ান প্ৰশিক্ষক ৰাফেল বাৰ্গামাস্কক আৰু আন এপাত উপহাৰ দিয়ে ভাৰতীয় প্ৰশিক্ষক সন্ধ্যা গুৰুঙক ৷ আমাৰ সৌভাগ্য আছিল আজি আমি নতুন দিল্লীৰ হোটেল অশোকাত ইটিলীয়ান প্ৰশিক্ষক ৰাফেল বাৰ্গামাস্কক আজি সাক্ষাৎ লাভ কৰো ৷
উল্লেখনীয় যে লাভলীনাৰ দেউতাক টিকেন বৰগোহাঁই আৰু মই লাভলীনাক ঘৰলৈ নিবলৈ নতুন দিল্লীত আসাম হাউছত আছোঁহি আৰু আজি লাভলীনায়ো হোটেল অশোকাৰ পৰা আহি আসাম হাউছত আমাৰ লগ লাগিছেহি৷ কালিলৈ পুৱা ১১ বজাত নতুন দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰি দিনৰ দুই বজাত আমি ডিমাপুৰ বিমান বন্দৰ উপস্থিতহমগৈ ৷ তাৰপাছতেই বৰপথাৰত বিয়লি চাৰি বজাত উপস্থিত হ’মগৈ৷ ইতিমধ্যে লাভলীনাক আদৰিবলৈ গোলাঘাট জিলা প্ৰশাসন আৰু ধনশিৰি জিলা ক্ৰীড়া সন্থাই বিশেষ আয়োজন কৰিছে৷ কালিলৈ দিনটো নিজ বাসভৱনত কটাই লাভলীনাই পৰৱৰ্তী দিনাই উত্তৰ প্ৰদেশলৈ ৰাওনা হ’ব উত্তৰ প্ৰদেশ চৰকাৰে আয়োজন কৰা এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানত যোগদান কৰিবৰ কাৰণে৷ উল্লেখযোগ্য যে উত্তৰ প্ৰদেশ চৰকাৰে লাভলীনালৈ এক কোটি টকাৰ উপহাৰ আগবঢ়াইছে৷
দীৰ্ঘদিনীয়া প্ৰশিক্ষণ, প্ৰতিযোগিতা আৰু সম্বৰ্ধনাৰ পাছত এতিয়া লাভলীনাৰ প্ৰয়োজন কিছু জিৰণিৰ৷ তাৰ কাৰণে লাভলীনাক সম্বৰ্ধনা জনোৱা কাৰ্যসূচীসমূহৰ কিছু সীমিতকৰণৰ অতি প্ৰয়োজন৷ আজি লাভলীনাই আমাক জনোৱা অনুসৰি ছেপ্টেম্বৰ মাহৰ প্ৰথম ভাগতে পুনৰ অনুশীলন শিবিৰত অংশ ল’বগৈ৷ তাৰ পূৰ্বে পৰিয়ালৰ সৈতে কটাব বিছাৰিছে কিছু নিৰল মুহূৰ্ত