Wednesday, October 5, 2022
HomeNewsএই সাফল্যৰ বাবে আঠবছৰ ধৰি কষ্ট কৰিছিলোঁ, ঘৰৰ পৰা আঁতৰি আছিলোঁ, পছন্দৰ...

এই সাফল্যৰ বাবে আঠবছৰ ধৰি কষ্ট কৰিছিলোঁ, ঘৰৰ পৰা আঁতৰি আছিলোঁ, পছন্দৰ খাদ্য খোৱা নাছিলোঁ…

অলিম্পিয়া প্রতিবেদন

“আঠ বছৰ জোৰা সাধনাৰ ফচল এই পদক। এই আঠ বছৰ ধৰি মই পছন্দৰ খাদ্য খোৱা নাছিলোঁ, ঘৰৰ পৰা আঁতৰি থাকিছিলোঁ। মই ভাবিছিলোঁ মই কৰা যিকোনো ভুলে মোৰ খেলত প্ৰভাৱ পেলাব।” টকিঅ’ অলিম্পিকত সফলতাৰ নতুন ইতিহাস ৰচি এনেদৰেই অসম জীয়ৰী লাভলীনা বৰগোঁহাইয়ে জীৱনৰ চৰম ত্যাগ আৰু পৰিশ্ৰমৰ কথা ব্যক্ত কৰিলে সংবাদ মাধ্যমৰ সমুখত। বুধবাৰে বক্সিঙৰ ৱেল্টাৰৱেইট শাখাত তুৰ্কীৰ প্ৰতিপক্ষ বুছেনাজ সুৰমেলিনীৰ হাতত পৰাস্ত হৈ দেশলৈ চলিত অলিম্পিকৰ তৃতীয়টো পদক কঢ়িয়াই অনাৰ পিছত সংবাদ মাধ্যমৰে হোৱা কথা-বাৰ্তাত এনেদৰেই বহু কথাই জনালে তেওঁ।

“মই সদায়েই অলিম্পিকত পদক জিকাৰ সপোন দেখিছিলোঁ। মই সুখী যে মোৰ সেই আশা পূৰণ হ’ল। কিন্তু মই ইয়াতকৈ অধিক ভাল কৰিব পাৰিলোহেঁতেন। ” তেওঁ লগতে কয়।

আজিৰ মেচখনৰ সম্পর্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে মই সঠিকভাৱে মোৰ পৰিকল্পনা কাৰ্যকৰী কৰিব পৰা নাছিলোঁ। তেওঁ যথেষ্ট শক্তিশালী আছিল। মই ভাবিছিলোঁ মই বেকফুটত খেলিলে তেওঁ সুযোগ পাব। সেয়ে মই আক্ৰমণাত্মক হোৱাৰ চেষ্টা কৰিছিলোঁ। কিন্তু সফল হোৱা নাছিলোঁ।

২০১২ ত মুৱাথাইৰ জৰিয়তে খেলপথাৰত নমা লাভলীনাই প্ৰশিক্ষক পদুম বড়োৰ তত্বাৱধানত প্ৰথমবাৰৰ বাবে বক্সিং খেলিবলৈ লয়। ইতিমধ্যে দুবাৰকৈ বিশ্ব চেম্পিয়নশ্বিপৰ পদকজয়ী লাভলীনাই এতিয়া অধীৰ আগ্ৰহেৰে ঘৰলৈ উভতি অহাৰ বাবে বাট চাই আছে। ইয়াৰ লগতে তেওঁ বহুদিনৰ মূৰত কিছু দিন বিশ্ৰাম লোৱাৰ কথাও ভাবিছে। বাৰমুখীয়ালৈ যোৱা লাভলীনাৰ গাঁৱৰ বাটটো নতুনকৈ নিৰ্মাণ কৰাৰ পিছত এতিয়া লাভলীনাই নতুন বাটেৰে ঘৰলৈ যাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই থকা বুলিও জানিবলৈ দিয়ে।

- Advertisment -
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

10 − four =

- Advertisment -

Magazine

তেজপুৰ ক্লাব বেডমিণ্টনত ঢলা শদিয়া ক্লাব চেম্পিয়ন; ত্ৰিভায়ান ৰাজ...

0
অলিম্পিয়া প্ৰতিবেদন সোমবাৰে বিজিত শইকীয়া সোঁৱৰণী ইনড'ৰ ষ্টেডিয়ামত সোমবাৰে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় তাৰিণী ভূঞা সোঁৱৰণী...

Olympia March 2020

0

Olympia January 2020

0

Most Popular

Recent Comments