অলিম্পিয়া প্রতিবেদন
পুনৰ অসমলৈ আহি আছে বজ্ৰকন্যা লাভলিনা বৰগোহাঁই। দিল্লীৰ কাৰ্যসূচী সমাপ্ত কৰি কাইলৈ নিজ গৃহলৈ বুলি আহিব ৰিঙৰ ৰাণী লাভলিনা। টকিঅ’ অলিম্পিকত ইতিহাস ৰচি ভাৰতবাসীৰ আপোন হৈ পৰা লাভলিনা মংগলবাৰে ভৰি দিব গোলাঘাটৰ বাৰমুখীয়াৰ আপোন ঘৰখনত। বিগত ১২ আগষ্টত অসমত ভৰি দিও আপোন ঘৰলৈ যাব পৰা নাছিল লাভলিনা। গুৱাহাটীৰ পৰা পুনৰ দিল্লীলৈ উৰা মাৰিছিল অসমকন্যা গৰাকীয়ে।
দেশৰ ৭৫ তম স্বাধীনতা দিৱসৰ কাৰ্যসূচীকে কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰি মংগলবাৰে দিল্লীৰ পৰা দিনৰ ২ বাজি ১০ মিনিটত ডিমাপুৰত অৱতৰণ কৰিব লাভলিনাই। ডিমাপুৰৰ পৰা এই গৰাকী লৌহকন্যাক আদৰিব সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকণে। বিয়লি ৪ বজাত বৰপথাৰত অনুষ্ঠিত হব লাভলিনাৰ এক সম্বৰ্ধনা অনুষ্ঠান। অসমকন্যাক আদৰিবলৈ অতি উৎকন্ঠাৰে ৰৈ আছে বাৰমুখীয়া গাঁৱৰ ৰাইজ।
উল্লেখযোগ্য যে লাভলিনাৰ অলিম্পিক জয়ৰ পাছতেই বাৰমুখীয়া গাঁৱৰ পথ সুচল কৰিছিল চৰকাৰে। বোকা পানী গচকি এই বাটেৰে অলিম্পিকলৈ যোৱা লাভলিনা কাইলৈ আপোন ঘৰলৈ ঘূৰিব এক সুন্দৰ পথেৰে। লাভলিনাৰ গাঁৱত এতিয়া উৎসৱ মুখৰ পৰিবেশ। লাভলিনাৰ ঘৰত সজা হৈছে বিশাল পেণ্ডেল। একপ্ৰকাৰ ৰাজকীয় আতিথ্যৰে আদৰিব লাভলিনাক গোলাঘাটবাসী তথা গাঁওবাসীয়ে। বহু দিনৰ অন্তত লাভলিনাই লগ পাব তেওঁৰ আপোন মাতৃ আৰু ভগ্নীক। এই স্মৰণীয় মুহুৰ্তৰ বাবে দীৰ্ঘদিনৰ পৰা ৰৈ আছে মাতৃ, পৰিয়াল তথা গাঁওবাসী। অলপমান সময় উলিয়াই আপোন মানুহৰ সৈতে সময় কটাব ৰিঙৰ ৰাণী গৰাকীয়ে।